ডিজিটেল ডেস্কঃ ভাৰতত হোৱা বিভিন্ন দুৰ্যোগৰ ফলত গৃহহীন হৈ পৰিছে লাখ লাখ শিশু। বানপানী, খৰাং, ধুমুহা আদি প্ৰাকৃতিক দুৰ্যোগৰ ফলত ভাৰতত প্ৰতিদিন গড়ে ৩,০৫৯ টা শিশু স্থানচ্যুত হয়।
ইউনিচেফৰ তথ্য অনুসৰি ২০১৬ ৰ পৰা ২০২১ চনৰ ভিতৰত দেশৰ ৬৭ লাখ শিশু নিজৰ ঘৰ এৰি অন্য সুৰক্ষিত স্থানত আশ্ৰয় ল'বলৈ বাধ্য হৈছে। ৰাষ্ট্ৰসংঘৰ শিশু পুঁজিৰ 'চিল্ড্ৰেন ডিচপ্লেচড ইন এ চেঞ্জিং ক্লাইমেট' শীৰ্ষক এক প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ফিলিপিন (৯৭ লাখ)ৰ পাছত ভাৰত এনেকুৱা দেশ য'ত বিগত ৬ বছৰত লাখ লাখ শিশু গৃহহীন হৈ পৰিছে।
আনহাতে চীনত ৬৪ লাখ শিশু স্থানচ্যুত হৈছে। এই সময়ছোৱাত এই তিনিখন দেশৰ মুঠ ২.৩ কোটি শিশুয়ে নিজৰ ঘৰ এৰিব লগীয়া হৈছে। প্ৰতিবেদনখনত ২০২০ চনত ঘূৰ্ণীবতাহ আম্ফানৰ কথাও উল্লেখ আছে। এই ঘূৰ্ণী বতাহৰ ফলত বাংলাদেশ, ভূটান, ভাৰত আৰু ম্যানমাৰত প্ৰায় ৫০ লাখ লোকে নিজৰ বাসগৃহ হেৰুৱাবলগীয়া হৈছিল যাৰ ভিতৰত বেছি সংখ্যক শিশু আছিল।
বৈশ্বিক স্তৰত চালে পৃথিৱীত প্ৰতিদিন গড়ে ২০ হাজাৰ শিশুয়ে নিজৰ বাসস্থান হেৰুৱাইছে। ইউনিচেফৰ নতে ২০১৬ চনৰ পৰা২০২১ চনলৈ ৪৪ খনত প্ৰায় ৪.৩১ কোটি শিশুই ঘৰ এৰি অন্য সুৰক্ষিত স্থানত বাস কৰি আছে।
প্ৰতিবেদন অনুসৰি ইয়াৰ মূল কাৰণ বানপানী আৰু ধুমুহা। গৃহহীন হোৱা ৯৫ শতাংশ শিশু বানপানী আৰু ধুমুহাৰ দ্বাৰা প্ৰভাৱিত হৈছএ। ২০১৬ চনৰ পৰা ২০২১ চনৰ ভিতৰত বানপানীৰ ফলত ১.৯৭ কোটি আৰু ধুমুহাৰ ফলত ২.১২ কোটি শিশু গৃহহীন হৈ পৰিছে। ইয়াৰে ৪০ শতাংশ শিশু নিজৰ পিতৃ-মাতৃৰ পৰাও পৃথক হৈ পৰিছে।
Also Read: কানাডাত বিমান দুৰ্ঘটনাঃ প্ৰশিক্ষণৰত দুজন ভাৰতীয় পাইলট নিহত