লাল কিল্লাত মোডীয়ে দিলে ইংগিতঃ কেন্দ্ৰৰ পৰৱৰ্তী লক্ষ্য অভিন্ন দেৱানী বিধি...

অভিন্ন দেৱানী বিধি কাৰ্যকৰী কৰাৰ ওপৰত গুৰুত্ব নৰেন্দ্ৰ মোডীৰ
লাল কিল্লাত মোডীয়ে দিলে ইংগিতঃ কেন্দ্ৰৰ পৰৱৰ্তী লক্ষ্য অভিন্ন দেৱানী বিধি...
লাল কিল্লাত মোডীয়ে দিলে ইংগিতঃ কেন্দ্ৰৰ পৰৱৰ্তী লক্ষ্য অভিন্ন দেৱানী বিধি...
Published on
Updated on

ডিজিটেল ডেস্কঃ 'যি আইনে দেশক ভাগ কৰে, আধুনিক সমাজত তাৰ স্থান নাই। সমাজৰ পৰা সেই আইনক তৎক্ষণাৎ আঁতৰাই পেলাব লাগে।'- সমগ্ৰ দেশত অভিন্ন দেৱানী বিধি আৰম্ভ কৰাৰ পক্ষে নিজৰ স্থিতি স্পষ্ট কৰি আজি লাল কিল্লাত দেশবাসীক সম্বোধন কৰি দিয়া ভাষণত এই কথা উল্লেখ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

উল্লেখ্য যে, বিজেপি চৰকাৰে সমগ্ৰ দেশতে অভিন্ন দেৱানী বিধি কাৰ্যকৰী কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আনকি বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰতো এই বিষয়ে স্থান লাভ কৰিছিল। তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ যে পৰিৱৰ্তী লক্ষ্য অভিন্ন দেৱানী বিধি কাৰ্যকৰী কৰা সেয়া আজিৰ ভাষণেই স্পষ্ট কৰিলে।

সমগ্ৰ দেশত এই অভিন্ন দেৱানী বিধি কাৰ্যকৰী হলে দেশৰ সকলো ধৰ্মৰ মানুহৰ বাবে বিবাহ, বিবাহ বিচ্ছেদ, ভূমি-সম্পত্তিৰ উত্তৰাধিকাৰ সংক্ৰান্তিয় আইন এখনেই হ'ব। হিন্দুৰ বাবে পৃথক অথবা মুছলমানৰ বাবে পৃথক আইন নাথাকিব।

কেন্দ্ৰত দ্বিতীয়বাৰলৈ ক্ষমতাৰলৈ অহাৰ পাছৰে পৰা বিজেপিয়ে অভিন্ন দেৱানী বিধি কাৰ্যকৰী কৰাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও বিৰোধী ৰাজনৈতিক দলসমূহৰ বিৰোধিতাৰ বাবে এতিয়ালৈকে এই ব্যৱস্থা কাৰ্যকৰী কৰিব পৰা নাই।

বিৰোধীৰ মতে বিজেপি চৰকাৰে এই আইন কাৰ্যকৰী কৰি বিভিন্ন ধৰ্মত থকা আচাৰ, আচৰণত হস্তক্ষেপ কৰিবলৈ বিচাৰিছে মোডী চৰকাৰে। এই নতুন ব্যৱস্থাৰে বিভিন্ন ধৰ্মৰ নিজস্ব স্বকীয়তা ধ্বংস কৰিবলৈ বিচাৰিছে বিজেপিয়ে। এনে পৰিস্থিতিৰ মাজতে আজি লাল কিল্লাত মোডীৰ ভাষণত পুনৰ অভিন্ন দেৱানী বিধিৰ বিষয়টোৱে গুৰুত্ব লাভ কৰাত স্বাভাৱিকতে চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে।

ভাষণত আজি মোডীয়ে অভিন্ন দেৱানী বিধিক ধৰ্মনিৰপেক্ষ দেৱানী বিধি বুলি উল্লেখ কৰি কয়, এই বিষয়ত সবিস্তাৰে আলোচনা হোৱা উচিত। প্ৰত্যেকে তেওঁলোকৰ মতামত জনাব। তাৰ পাছতেই দেশত ধৰ্মীয় বৈষম্যৰ সৃষ্টি কৰাৰ এই আইনক তৎক্ষণাৎ আঁতৰাই পেলাম। এই সময়ত দেশত প্ৰয়োজন এখন ধৰ্ম নিৰপক্ষে দেৱানী বিধিৰ। একমাত্ৰ এই ব্যৱস্থা হলেই আমাৰ মাজত থকা ধৰ্মীয় ভেদাভেদ আঁতৰ হ'ব।   

তেওঁ দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰসংগও টানি আনি কয়, উচ্চতম ন্যায়ালয়ত এই বিষয়ে আলোচনা হৈছে। নিৰ্দেশ দিয়া আছে। দেশৰ জনসাধাৰণৰ এক বৃহৎ অংশয়ো ইয়াক বিচাৰে। বৰ্তমান এই সংক্ৰান্তিয় যি আইন দেশত কাৰ্যকৰী হৈ আছে সেয়া সাম্প্ৰদায়িক আৰু বৈষম্যমূলক। সংবিধানত এই বৈষম্য দূৰ কৰাৰ কথা কোৱা হৈছে, উচ্চতম ন্যায়ালয়েও কৈছে। আনকি যিসকলে সংবিধান তৈয়াৰ কৰিছিল তেওঁলোকৰো এই বৈষম্য দূৰ কৰাৰ সপোন আছিল। তেওঁলোকৰ সেই সপোন পূৰণ কৰাটো আমাৰ কৰ্তব্য।

উল্লেখ্য যে, বেজেপি শাসিত কেইবাখনো ৰাজ্য চৰকাৰে অভিন্ন দেৱানী বিধি কাৰ্যকৰী কৰিবলৈ প্ৰস্তুত হৈছে। উত্তৰাখণ্ডত এই সংক্ৰান্তিয় এখন বিল বিধানসভাত পাছ হৈছে। কিন্তু অবিজেপি শাসিত ৰাজ্যসমূহ ইয়াৰ বিৰোধিতা কৰি আহিছে।

লাল কিল্লাত মোডীয়ে দিলে ইংগিতঃ কেন্দ্ৰৰ পৰৱৰ্তী লক্ষ্য অভিন্ন দেৱানী বিধি...
কলকাতাৰ তৰুণী চিকিৎসকৰ হত্যাকাণ্ডৰ ঘটনাৰ সুযোগ লৈছে কোনে?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in