নিৰ্মলা সীতাৰমণৰ বাজেটে বিহাৰ, অন্ধ্ৰপ্ৰদেশক কি কি দিলে...

নিৰ্মলা সীতাৰমণৰ বাজেটে বিহাৰ, অন্ধ্ৰপ্ৰদেশক কি কি দিলে...
নিৰ্মলা সীতাৰমণৰ বাজেটে বিহাৰ, অন্ধ্ৰপ্ৰদেশক কি কি দিলে...
Published on
Updated on

ডিজিটেল ডেস্কঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত দাখিল কৰা ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ প্ৰতি দৃষ্টি ৰাখিছে অৰ্থনীতিবিদসকলৰ উপৰিও ৰাজনৈতিক বিশ্লেষকসকলে। ২০১৪ আৰু ২০১৯ ৰ লোকসভা নিৰ্বাচনত এন ডি এৰ চৰকাৰ কেন্দ্ৰত থাকিলেও বিজেপিৰ একক সংখ্যাগৰিষ্ঠতা থকাৰ বাবে এই ১০ টা বছৰত বিজেপিৰ ইচ্ছানুসৰিয়েই বাজেট দাখিল কৰা হৈছিল।

পৰিস্থিতি সাপেক্ষে কোনোবা এখন ৰাজ্যক যদি অধিক গুৰুত্ব দিয়া হৈছিল তেনে আন কোনো ৰাজ্যক গুৰুত্বহীন কৰাৰো অভিযোগ উঠিছিল। কিন্তু এইবাৰৰ বাজেট সম্পূৰ্ণ পৃথক। কিয়নো তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীয়ে দায়িত্ব গ্ৰহণ কৰিছে যদিও এইবাৰ বিজেপিৰ হাতত নাই সংখ্যাগৰিষ্ঠতা।

দলটোৱে মূলতঃ তেলেগু দেশম পাৰ্টি আৰু জনতা দল ইউনাইটেডৰ সমৰ্থনতে চৰকাৰ চলাই আছে। ইয়াৰে জে ডি ইউৰ বিজেপিৰ সৈতে থকা সম্পৰ্ণ তিক্ততা। যিকোনো সময়তে সংগ ত্যাগ কৰিবলৈ জেডিইউৰ মুৰব্বী তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক বৰ বেছি সময়ৰ প্ৰয়োজন নহয়।

মন গ'লেই দল সলনি কৰি ক্ষমতাত থকাটোৱেই নীতিশৰ ইতিহাস। সেয়ে এইবাৰ বাজেটত স্বাভাৱিকতে বিহাৰক যথেষ্ট গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। একেদৰেই চন্দ্ৰবাবু নাইডুকো সন্তুষ্ট কৰিবলৈ পাৰ্যমানে চেষ্টা কৰা হৈছে কেন্দ্ৰীয় বাজেটত।

সেই অনুসৰিয়েই বাজেট দাখিলৰ সময়ত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বিহাৰ আৰু অন্ধ্ৰ প্ৰদেশক যথেষ্ট গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। দুয়োখন ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নৰ উপৰিও ৰাজ্য দুখনৰ বাবে আছে বিশেষ বিত্তীয় ঘোষণা।

বাজেট ভাষণত নিৰ্মলা সীতাৰমণে বিহাৰৰ পথ নিৰ্মাণৰ বাবে ২৬ হাজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে। পাটনা-পূৰ্ণিয়া এক্সপ্ৰেছ ৱে', বক্সাৰ-ভাগলপুৰ এক্সপ্ৰেছ ৱে' নিৰ্মাণৰ লগে লগে বুদ্ধগয়া, ৰাজগীৰ, বৈশালী আৰু দৰভঙ্গাত পথ নিৰ্মাণৰ কাম ক্ষীপ্ৰতাৰে কৰা হ'ব বুলিও বাজেটত উল্লেখ কৰা হৈছে।

ইয়াৰোপৰি বক্সাৰত গংগা নদীৰ ওপৰত নতুনকৈ দুই লেনৰ এখন দলং নিৰ্মাণৰ কথা ঘোষণা কৰা হৈছে। নালান্দাক এক পৰ্যটন কেন্দ্ৰ হিচাপে বিকাশ কৰাৰ বাবে সকলোধৰণ সহায় কৰাৰ কথাও ঘোষণা কৰা হৈছে।

সেইদৰে কাশী বিশ্বনাথৰ আৰ্হিত গয়াৰ বিষ্ণুপদ মন্দিৰ, মহাবোধি মন্দিৰ, ৰাজগীৰৰ জৈন মন্দিৰ নিৰ্মাণ কৰাৰ কথাও ঘোষণা কৰা হৈছে। কোশীৰ সৈতে জড়িত জলসিঞ্চন ক্ষেত্ৰত কাম কৰাৰ কথাও ঘোষণা কৰা হৈছে। ইফালে কেন্দ্ৰীয় বাজেটত বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ এইবাৰৰ বাজেটত ১১,৫০০ কোটি টকা ধাৰ্য কৰা হৈছে। এই সমুদায় ধনেই ব্যয় হ'ব বিহাৰত।

ইয়াৰোপৰি নিৰ্মলা সীতাৰমণে বাজেট ভাষণত কয়, "পিৰপেইণ্টিত ২৪০০ মেগাৱাটৰ নতুন বিদ্যুৎ প্ৰকল্প স্থাপনকে ধৰি বিদ্যুৎ প্ৰকল্পসমূহৰ বাবে ২১৪০০ কোটি টকা ব্যয় কৰা হ'ব।"

বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে বিহাৰত নতুন বিমানবন্দৰ, চিকিৎসা মহাবিদ্যালয় আৰু ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণ কৰা হ'ব। মূলধন বিনিয়োগৰ সমৰ্থনৰ বাবে অতিৰিক্ত আৱণ্টন প্ৰদান কৰা হ'ব।তেওঁ কয়, বহুপাক্ষিক উন্নয়ন বেংকৰ পৰা বাহ্যিক সহায়ৰ বাবে বিহাৰ চৰকাৰৰ অনুৰোধ ত্বৰান্বিত কৰা হ'ব।

অন্ধ্ৰ প্ৰদেশেও ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ পৰা যথেষ্ট লাভান্বিত হোৱা পৰিলক্ষিত হৈছে। বিত্ত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ মূলধনৰ প্ৰয়োজনীয়তাক স্বীকৃতি দি ৰাজ্যখনৰ বাবে বিশেষ বিত্তীয় সাহায্য ঘোষণা কৰিছে। অন্ধ্ৰপ্ৰদেশৰ সন্দৰ্ভত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে- "আমাৰ চৰকাৰে অন্ধ্ৰপ্ৰদেশ পুনৰ গঠন আইনৰ প্ৰতিশ্ৰুতি পূৰণৰ বাবে প্ৰচেষ্টা চলাইছে৷ ৰাজ্যখনৰ মূলধনৰ প্ৰয়োজনীয়তাক স্বীকৃতি দি আমি বহুপাক্ষিক সংস্থাসমূহৰ জৰিয়তে বিশেষ বিত্তীয় সমৰ্থনৰ সুবিধা প্ৰদান কৰিম।"

তেওঁ লগত কয়, "চলিত বিত্তীয় বৰ্ষত, ভৱিষ্যতে অতিৰিক্ত পৰিমাণৰ সৈতে ১৫,০০০ কোটি টকাৰ ব্যৱস্থা কৰা হ'ব।"

নিৰ্মলা সীতাৰমণৰ বাজেটে বিহাৰ, অন্ধ্ৰপ্ৰদেশক কি কি দিলে...
৩মিনিটত পঢ়ি লওক বাজেটৰ ১৫টা ডাঙৰ ঘোষণা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in