শিক্ষকৰ যৌন নিৰ্যাতনৰ বলি হৈ মৃত্যু কিশোৰীৰ...

দীৰ্ঘদিন ধৰি ভৰ্তি হৈ আছিল হাস্পতালত
শিক্ষকৰ যৌন নিৰ্যাতনৰ বলি হৈ মৃত্যু কিশোৰীৰ...
শিক্ষকৰ যৌন নিৰ্যাতনৰ বলি হৈ মৃত্যু কিশোৰীৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালত যৌন নিৰ্যাতন চলাই ৩১ বৰ্ষীয় চিকিৎসক ছাত্ৰীগৰাকীক হত্যা কৰাৰ ঘটনাৰ ন্যায়াৰ দাবীৰে দেশজুৰি প্ৰতিবাদ, প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে যৌন নিৰ্যাতন ফলত এগৰাকী কিশোৰী তথা ছাত্ৰীৰ মৃত্যু হোৱাৰ আন এক ঘটনা পোহৰলৈ আহিছে। উত্তৰপ্ৰদেশৰ সোণভদ্ৰত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে নিজ শিক্ষকৰ দ্বাৰাই যৌন নিৰ্যাতনৰ সন্মুখীন হৈ চিকিৎসাধীন হৈ আছিল এই কিশোৰীগৰাকী। বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ৰ হাস্পতালত চলি আছিল ছাত্ৰগৰাকীৰ চিকিৎসা।

অভিযোগ অনুসৰি ভুক্তভোগী কিশোৰীগৰাকীক তেওঁৰ বিদ্যালয়ৰে ক্ৰীড়া শিক্ষকগৰাকীয়ে যৌন নিৰ্যাতন চলাইছিল। কিন্তু আজিও এই শিক্ষকজনক গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে।

ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে অভিযোগ কৰা মতে বিগত বছৰৰ ৩০ ডিচেম্বৰত এক ক্ৰীড়া প্ৰতিযোগিতাত অংশ লৈছিল কিশোৰীগৰাকীয়ে। বিশ্বম্ভৰ নামৰ বিদ্যালয়ৰ ক্ৰীড়া শিক্ষকগৰাকীয়েই কিশোৰীগৰাকীক সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ কৈছিল।

প্ৰতিযোগিতাৰ শেষত কিশোৰীগৰাকীক শিক্ষকজনে তেওঁৰ বাসগৃহলৈ লৈ যায় আৰু যৌন নিৰ্যাতন কৰে। মুখলজ্জাৰ ভয়ত কিশোৰীগৰাকীয়ে প্ৰথম অৱস্থাত কোনো কথাই কাৰো আগত নকলে।

কিন্তু তেওঁ অসুস্থ হৈ পৰে। দিনক দিনে তেওঁৰ শৰীৰ অৱস্থা বেয়া হৈ যোৱাত কিছু দিনৰ বাবে ছত্তীশগড়ত থকা আত্মীয়ৰ ঘৰলৈয়ো প্ৰেৰণ কৰা হয়। তাতোঁ তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে। তাৰ মাজতেই কিশোৰীগৰাকীয়ে আইতাকক তেওঁৰ সৈতে হোৱা সকলো ঘটনাৰ বিষয়ে উল্লেখ কৰে।

ইয়াৰ পিছতেই পৰিয়ালৰ বাকীসকল সদস্যয়ো এই বিষয়ে জানিব পাৰি ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰে আৰু সেই অনুসৰিয়েই যোৱা কেইবামাহ ধৰি হাস্পাতলত চিকিৎসাধীন হৈ আছিল। তাতেই তেওঁ যোৱা মঙ্গগলাবেৰ শেষ নিশ্বাস ত্যাগ কৰে।  

কিশোগৰাকীৰ পৰিয়ালৰ অভিযোগ অভিযুক্ত শিক্ষজনে ভুক্তভোগীক ৩০ হাজাৰ টকা দি মুখ বন্ধ কৰিবলৈ কৈছিল। পৰিয়ালৰ লোকে এই বিষয়ে যোৱা ১০ জুলাইত আৰক্ষীক অৱগত কৰি দাখিল কৰিছে এখন এজাহাৰ।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ আৰু অভিযুক্ত শিক্ষকজনক গ্ৰেপ্তাৰ কৰিবলৈ দুটা দল গঠন কৰিছে। কিন্তু এই পৰ্যন্ত অভিযুক্ত শিক্ষকজনক গ্ৰেপ্তাৰ কৰিব পৰা নাই।

শিক্ষকৰ যৌন নিৰ্যাতনৰ বলি হৈ মৃত্যু কিশোৰীৰ...
চিকিৎসক ছাত্ৰীক হত্যাঃ আজি প্ৰতিবাদী সমদল বাহিৰ কৰিব মমতা বেনাৰ্জীয়েও...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in