ডিজিটেল ডেস্কঃ ট্ৰেইনত মহিলা কনিষ্টবলক হত্যাৰ চেষ্টা চলোৱাৰ মুখ্য অভিযুক্ত আৰক্ষীৰ এনকাউন্টাৰত নিহত হয়। এই ঘটনা উত্তৰ প্ৰদেশৰ। অযোধ্যাৰ মুখ্য অভিযুক্ত অনিষ খানক আৰক্ষী আৰু এছটিএফে এনকাউন্টাৰ কৰে। শুকুৰবাৰে আৰক্ষীয়ে জনাই এই কথা।
এনকাউন্টাৰৰ পাছত অনিষৰ আন দুই সতীৰ্থ অভিযুক্তকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।অনিষৰ দুই সতীৰ্থ আজাদ আৰু বিশম্ভৰ দয়াল ওৰফে লাল্লু বুলি চিনাক্ত হৈছে। দুয়ো কিছু পৰিমাণে আহত হৈছে।
জানিব পৰা মতে অনিষ আৰু দুই বন্ধুয়ে চাৰিউ এক্সপ্ৰেছত মহিলা কনিষ্টবলগৰাকীক উৎপীড়ন চলাবলৈ চেষ্টা কৰিছিল। যেতিয়া মহিলাগৰাকীয়ে ইয়াৰ প্ৰত্যুত্তৰ দিছিল তেতিয়া তেওঁক হত্যাৰ চেষ্টা চলাইছিল।অভিযুক্ত কেইজনে মহিলা কনিষ্টবলগৰাকীক ইমানেই অত্যাচাৰ চলাইছিল তেজেৰে লুতুৰী-পুতুৰী হৈ অৱস্থাত উদ্ধাৰ হৈছিল।
অযোধ্য ষ্টেচন পোৱাৰ আগত যেতিয়া ট্ৰেইনৰ গতি হ্ৰাস হয় তেতিয়া অভিযুক্ত কেইজন উক্ত স্থানৰ পৰা পলায়ন কৰে। ৩০ আগষ্টত সংঘটিত হৈছিল এই ঘটনা।
মহিলা কনিষ্টবল গৰাকী উদ্ধাৰৰ পাছতে পৰিয়ালৰলোকে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল। মহিলা কনিষ্টবলগৰাকীৰ ওপৰত হোৱা আক্ৰমণৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি এলাহাবাদ উচ্চ ন্যায়ালয়ে ইয়াৰ স্বতঃপ্ৰণোদিত ভাৱে বিবেচনা কৰিছিল। আদালতে এই গোচৰটোৰ বিশেষ শুনানিৰ বাবে নিশা ন্যায়াধীশে ঘৰত এখন বিচাৰপীঠ অনুষ্ঠিত কৰিছিল। ইয়াৰ পাছত আদালতে ৰে'লৱে আৰু চৰকাৰক কঠোৰ প্ৰশ্ন কৰি বিষয় সন্দৰ্ভত তদন্ত কৰিবলৈ কৈছিল।
Also Read: গহপুৰত ষষ্ঠ সংখ্যক ৰাষ্ট্ৰীয় পোষণ মাহ পালন