এমাহতে ৫ বাৰ সৰ্প দংশনৰ সন্মুখীন যুৱকঃ চিন্তিত পৰিয়াল, চিকিৎসক...

এমাহতে ৫ বাৰ সৰ্প দংশনৰ সন্মুখীন যুৱকঃ চিন্তিত পৰিয়াল, চিকিৎসক...
এমাহতে ৫ বাৰ সৰ্প দংশনৰ সন্মুখীন যুৱকঃ চিন্তিত পৰিয়াল, চিকিৎসক...
Published on
Updated on

ডিজিটেল ডেস্কঃ এবাৰ দুবাৰ নহয় এটা মাহতে ৫ বাৰকৈ সৰ্প দংশনৰ সন্মুখীন হ'ল এগৰাকী যুৱক। তাৰ পাছতো সুস্থ হৈ আছে এই যুৱকজন। যেন বাৰে বাৰে মৃত্যুক জয় কৰিছে যুৱকজনে।

সৰ্প দংশনৰ পৰা ৰক্ষা পাবলৈ বাৰে বাৰে সাৱধানতা অৱলম্বন কৰাৰ পাছতো তেওঁ পুনৰ একে ঘটনাৰ সন্মুখীন হোৱা ঘটনাই এতিয়া চাঞ্চল্য সৃষ্টি কৰাৰ সমান্তৰালকৈ অন্ধ বিশ্বাসৰো বসবৰ্তী হৈ পৰিছে যুৱকজনৰ লগতে তেওঁৰ পৰিয়াল।

ঘটনা উত্তৰ প্ৰদেশৰ। ৰাজ্যখনৰ ফাতেহপুৰ জিলাৰ সৌৰা গাঁৱৰ বাসিন্দা বিকাশ ডুবেৰ সৈতে সংঘটিত হৈছে এই ঘটনা। প্ৰথম আৰম্ভণি যোৱা ২ জুনত। সেই দিনা নিশা ৯ বজাত বিচনাৰ পৰা নমাৰ সময়তে বিচনা তলত থকা এডাল সৰ্পই দংশন কৰে বিকাশক।

লগে লগে পৰিয়ালৰ লোকে তেওঁক স্থানীয় হাস্পতালত ভৰ্তি কৰে। দুদিন ধৰি হাস্পতালত চিকিৎসাধীন হৈ থকাৰ পাছত তেওঁ সুস্থ হৈ ঘৰলৈ ঘূৰি আহে।   

ইয়াৰ পিছত পুনৰ ১০ জুনত সৰ্প দংশনৰ সন্মুখীন হয় বিকাশ। ১০ জুনৰ দিনাও নিশায়েই সংঘটিত হয় এই ঘটনা। লগে লগে তেওঁক পুনৰ হাস্পতালত ভৰ্তি কৰোৱা হয়। হাস্পতালত চিকিৎসাৰ অন্তত পুনৰ তেওঁ ঘৰলৈ উভতি আহে।

কিন্তু এইবাৰ তেওঁৰ বৰ বেয়াকৈ ভীতিগ্ৰস্ত হয়। এইবাৰ নিজেও সাৱধান হোৱাৰ লগতে পৰিয়ালেও বিকাশক লৈ সাৱধানতা অৱলম্বন কৰে। ঘৰৰ পৰা অলপ দিন বাহিৰলৈ নোলোৱাৰো সিদ্ধান্ত লয়। ঘৰৰ চৌপাশ পৰিস্কাৰ কৰি সাপ সোমাব নোৱাৰা এক পৰিবেশ গঢ় দিয়া হয়।

কিন্তু ৭ দিনৰ মূৰত পুনৰ ১৭ জুনত ঘৰৰ ভিতৰতেই আকৌ বিকাশক সৰ্পই দংশন কৰে। আকৌ হাস্পতালত ভৰ্তি হয় বিকাশ। পুনৰ সুস্থ হৈ ঘৰলৈ ঘূৰি আহে। ঠিক ৭ দিনৰ পিছত পুনৰ একেই ঘটনা।

এইবাৰ বিকাশক চিকিৎসকে পৰামৰ্শ দিয়ে অলপ দিন ঘৰৰ পৰা আঁতৰি থাকক। পৰিয়ালৰ লোকেও বিকাশক ঘৰৰ পৰা আঁতৰাই মাহীয়েকৰ ঘৰলৈ পঠিয়াই দিয়ে। পিছে ঘৰ সলনি কৰিও ৰক্ষা নপৰিল বিকাশ।

শুকুৰবাৰে নিশা ১২ বজাত পুনৰ সৰ্প দংশনৰ সন্মুখীন হয় তেওঁ। লগে লগে মাহীয়েকৰ পৰিয়ালে বিকাশক ভৰ্তি কৰায় হাস্পতালত। কিন্তু এইবাৰ এই ঘটনাক কোনেও সাধৰণ ভাৱে লোৱা নাই।

এটা মাহতেই ৫ বাৰকৈ কিয় সৰ্প দংশনৰ সন্মুখীন হৈছে বিকাশ? এই প্ৰশ্নই এতিয়া সকলোৰে মুখত। পৰিয়ালত বহু কেইজন সদস্য থকাৰ পাছতো কেৱল কিয় বিকাশেই সৰ্প দংশনৰ স্বীকাৰ হৈছে? কিয় ঘৰৰ পৰা আঁতৰি যোৱাৰ পাছতো পুনৰ সৰ্প দংশনৰ সন্মুখীন হৈছে বিকাশ? এই প্ৰশ্নবোৰ এতিয়া সকলোৰে মূৰত।

সমান্তৰালকৈ বিকাশ আৰু তেওঁৰ পৰিয়ালৰ লোকসকল অন্ধ বিশ্বাসৰ কৱলতো পৰিছে। কোনোবাই এই ঘটনাক কাকতলীয় আখ্যা দিলেও কিন্তু বহুতেই ইয়াক সাধাৰণ ঘটনা হিচাপে মানিব বিচৰা নাই। বৰ্তমানেও হাস্পতালত থকা বিকাশ কিদৰে ঘৰলৈ উভতি যাব তাক লৈয়ো চিন্তিত হৈ পৰিছে।

এমাহতে ৫ বাৰ সৰ্প দংশনৰ সন্মুখীন যুৱকঃ চিন্তিত পৰিয়াল, চিকিৎসক...
কেন্দ্ৰত দুৰ্বল চৰকাৰ, যিকোনো সময়তে হ'ব পাৰে নিৰ্বাচন !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in