চুৰিৰ অভিযোগত ৰডেৰে মৰিয়াই মৰিয়াই হত্যা এজনক

নৃশংস! চুৰি কৰা সন্দেহত এজন লোকক ৰডেৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে এজনে।

author-image
Asomiya Pratidin
New Update
বোকাখাতত দেহ ব্যৱসায়ৰ ঘাটি উৎখাত : দুই যুৱতীসহ এজনক আটক

প্ৰতীকী আলোকচিত্ৰ

ডিজিটেল ডেস্কঃ নৃশংস! চুৰি কৰা সন্দেহত এজন লোকক ৰডেৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে এজনে। উত্তৰ প্ৰদেশৰ শ্বাহৰানপুৰত সংঘটিত হৈছে এই ঘটনা। ৩২ বছৰীয়া লোক জনক নৃশংসভাৱে প্ৰহাৰ কৰা হৈছিল আৰু এখন চৰকাৰী চিকিৎসালয়ৰ সন্মুখত মৃতদেহ পেলাই দিছিল।

পৰিবহন বিভাগৰ ব্যৱসায়ী বংকিম চুৰীৰ বাবে মেনেজাৰ হিচাপে কাম কৰিছিল শিৱম জোহৰী নামৰ লোকজনে। শিৱমক হত্যা কৰাৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতেই ৭ জনৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ।

ভাইৰেল হোৱা ভিডিঅ'ত দেখিবলৈ পোৱা অনুসৰি শিৱমক এটা খুটাত বান্ধি ৰডেৰে প্ৰহাৰ কৰা হৈছিল। শিৱমৰ বিৰুদ্ধ চুৰিৰ অভিযোগ উত্থাপন হৈছিল যাৰ বাবে এই নৃশংস ঘটনা সংঘটিত হয়।

আৰক্ষীৰ মতে, শিৱমৰ মৃতদেহ মঙলবাৰে নিশা এখন চিকিৎসালয়ত পেলাই থৈ গৈছিল অভিযুক্ত সকলে। শিৱমৰ পৰিয়ালক জনাইছিল যে বিদ্যুৎস্পৃষ্ট হৈ তেওঁৰ মৃত্যু হৈছে। কিন্তু পাছত সকলো কথা পোহৰলৈ আহে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

Also Read: নিজ বাসগৃহত উপস্থিত সদ্যহতে আত্মসমৰ্পন কৰা কেএলঅ'ৰ সদস্য