ভয়ংকৰ! কি কাৰণে এটা পৰিয়ালৰ ৪জনে বাছি ল'লে চৰম পন্থা?

এটা পৰিয়ালে চাৰিজনকৈ লোকে কৰিলে আত্মহত্যা। উত্তৰ প্ৰদেশৰ বাৰনাসীৰ পৰা পোহৰলৈ আহিছে এই ভয়ংকৰ ঘটনা

author-image
Asomiya Pratidin
New Update
ভয়ংকৰ! কি কাৰণে এটা পৰিয়ালৰ ৪জনে বাছি ল'লে চৰম পন্থা?

ডিজিটেল ডেস্কঃ এটা পৰিয়ালে চাৰিজনকৈ লোকে কৰিলে আত্মহত্যা। উত্তৰ প্ৰদেশৰ বাৰনাসীৰ পৰা পোহৰলৈ আহিছে এই ভয়ংকৰ ঘটনা। এই সামূহিক আত্মহত্যাৰ ঘটনা বৃহস্পতিবাৰে পোহৰলৈ আহিছে। মৃতসকলৰ ভিতৰত এগৰাকী মহিলা আৰু ৩ জন পুৰুষ।

কি কাৰণে এই ঘটনা সংঘটিত হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। জানিব পৰা মতে বাৰনাসীৰ কৈলাশ ভৱনত সংঘটিত হৈছে এই ঘটনা।  এই লোকসকলে একে সময়তে ফাচী লগাই আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে। এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত পোহৰলৈ অহা অনুসৰি এই আটাইকেইজন লোক অন্ধ্ৰপ্ৰদেশৰ। বৰ্তমান সময়ত ঘটনাস্থলীত উপস্থিত হৈছে ফৰেনচিকৰ দল।

আৰক্ষীয়ে ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ যো জা কৰিছে। লগতে স্থানীয় লোকসকলৰ লগত সোধা পোছা অব্যাহত ৰাখিছে।

Also Read: হেমকোষৰ পঞ্চাদশ সংস্কৰণ আৰু প্ৰথমখন অসমীয়া ব্যাকৰণৰ ব্ৰেইল সংস্কৰণ উন্মোচন ১০ ডিচেম্বৰত

crime uttar pradesh