ডিজিটেল ডেস্কঃ গুগলে দিয়া তথ্য অনুসৰি নয়দাৰ পৰা ভাৰত-পাকিস্তানৰ সীমান্তলৈ দূৰত্ব ৬৮২.১ কিলোমিটাৰ। ৰাজপথেৰে মুঠ ১৪ ঘণ্টা ৪ মিনিটৰ দূৰত্ব। কেৱল এয়া সীমান্তৰহে দূৰত্ব।
সীমান্তৰ পৰা সিপাৰৰ পাকিস্তানী খেতিয়কৰ খেতি পথাৰলৈ আছে আৰু বহু দূৰ। এনে দূৰৰ খেতি পথাৰত কোনোবাই খেৰ জ্বলাইছে আৰু সেয়ে হেনো উত্তৰ প্ৰদেশৰ নয়দাৰ বায়ু প্ৰদূষণে অভিলেখ গঢ়িছে। এই কথা হজম কৰিবলৈ বহুতৰ বাবে অসুবিধা হৈছে যদিও এগৰাকী দিয়িত্বশীল বিষয়াৰে এনে অদ্ভুত যুক্তি।
ভৌগলিক ভাৱে পাকিস্তান যদিও পৃথক তথাপিও ভাৰতীয় ৰাজনীতিৰ এক অভিন্ন অংগ চুবুৰীয়া দেশখন। পাকিস্তানৰ নাম নোলোৱাকৈ ভাৰতৰ এটাও নিৰ্বাচন হয়তো পাৰ হোৱা নাই।
ৰাজনৈতিক নেতাৰ যুক্তি শেষ হ'লেই আহি পৰে পাকিস্তানৰ প্ৰসংগ। কিন্তু চৰকাৰী বিষয়াও যেতিয়া নিজৰ ব্যৰ্থতা লুকুৱাবলৈ, বিষয়ৰ পৰা পলায়ন কৰিবলৈ পাকিস্তানৰ গালৈকে সকলো দোষ ঠেলি দিয়ে তেতিয়া সাধাৰণ জনতাৰ বাবে তাতকৈ দুৰ্ভাগ্যজনক ঘটনা আৰু একো বাকী নাথাকে।
দিল্লীক অতিক্ৰম কৰি মাত্ৰ এটা দিনতে দেশৰ সৰ্বাধিক প্ৰদূষিত চহৰ হিচাপে বিবেচিত হৈছে নয়দা। নয়দাৰ বায়ু প্ৰদূষণৰ মাত্ৰা ভয়ানক ভাৱে বৃদ্ধি পাইছে। যোৱা শনিবাৰে নয়দাৰ বায়ুমণ্ডলৰ গুণগত মানৰ সূচক আছিল ১৬৯। সেই সূচক দেওবাৰে বৃদ্ধি হয় ৩০৪ লৈ।
নয়দাত এইদৰে বায়ু প্ৰদূষণ হোৱা বিষটোত সকলো সন্ত্ৰস্ত হৈ পৰে। সেয়ে এই বিষয়ত বিভাগীয় বিষয়াৰ সৈতে সংবাদ মাধ্যমে যোগাযোগ কৰাত তেওঁলোকৰ উত্তৰে সকলোৰে চকু কপালত তুলিছে।
উত্তৰ প্ৰদেশৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে জ্যেষ্ঠ বিষয়া ডিকে গুপ্তাই এই সন্দৰ্ভত কয়, চলিত বছৰত প্ৰথমবাৰৰ বাবে গাজিয়াবাদ, নয়দা, গ্ৰেটাৰ নয়দাত বায়ুমণ্ডল এইদৰে প্ৰদূষিত হৈছে। ইয়াৰ বাবে পাকিস্তানেই দায়ী। সীমান্তৰ সিপাৰে ব্যাপকভাৱে খেৰসমূহ জ্বলাই দিয়া হৈছে। যাৰ বাবে বিষাক্ত ধোঁৱাই চৌদিশে আগুৰি ধৰিছে।
মন কৰিবলগীয়া যে, ভৌগলিকভাৱে নয়দা পাকিস্তানৰ সীমান্তৰ পৰা ৫০০ কিলোমিটাৰৰো অধিক দূৰত্বত আছে। তথাপিও এইগৰাকী বিষয়াৰ মতে পাকিস্তানৰ বাবেই নয়দাত এইদৰে বায়ু প্ৰদূষণ হৈছে।
সোমবাৰেও গ্ৰেটাৰ নয়দা আৰু নয়দাৰ তুলনাত দিল্লীৰ বায়ুমণ্ডলৰ মানদণ্ড বহুত উন্নত হৈছে। দিল্লীত গোটেই প্ৰদূষণৰ বিষয়টোৱেই এতিয়া ৰাজনীতিৰ অংশ হৈ পৰিছে। আপ আৰু বিজেপি নেতাৰ মাজত মাজত দিল্লীৰ প্ৰদূষণক লৈ মুখ চুপতি অব্যাহত আছে।
দিল্লীৰ এই প্ৰদূষণৰ বিষয়টো উঠিছেগৈ উচ্চতম ন্যায়ালয়ৰ মজিয়াতো। উচ্চতম ন্যায়ালয়ে সন্দেহ কৰা অনুসৰি পঞ্জাৱ আৰু হাৰিয়ানাত এতিয়া শস্যৰ অৱশিষ্ট তথা খেৰ সমূহ জ্বলাই দিয়াৰ বাবেই দিল্লীত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে।
দিল্লীৰ সীমামূৰীয়া ৰাজ্য হিচাপে এয়া সম্ভৱ যদিও ভৌগলিকভাৱে ৫০০ কিলোমিটাৰৰ অধিক দূৰত্বত অৱস্থিতি পাকিস্তানৰ পথাৰত জ্বলোৱা জুয়ে নয়দাৰ বায়ু প্ৰদূষণ কৰাৰ এই যুক্তিক বহুতেই চৰম তুলুঙা আৰু দায়িত্বহীন আখ্যা দিছে।
Also Read: লক্ষ্য ২০২৬ ! আকৌ সলনি হ'ল দুলু আহমেদৰ ৰাজনৈতিক পৰিচয়...