১০ দিন ধৰি সুৰংগৰ ভিতৰত আৱদ্ধ হৈ আছে ৪০ শ্ৰমিক, থাকিব লাগিব আৰু ১৫ দিন

১০ দিন ধৰি আৱদ্ধ হৈ থকা এই শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ এতিয়াও উদ্ধাৰ অভিযান অব্যাহত আছে।

author-image
Asomiya Pratidin
New Update
১০ দিন ধৰি সুৰংগৰ ভিতৰত আৱদ্ধ হৈ আছে ৪০ শ্ৰমিক,  থাকিব লাগিব আৰু ১৫ দিন

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ উত্তৰকাশীৰ নিৰ্মীয়মান সুৰংগৰ ভিতৰত এতিয়াও আৱদ্ধ হৈ আছে ৪০ জনকৈ শ্ৰমিক। ১০ দিন ধৰি আৱদ্ধ হৈ থকা এই শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ এতিয়াও উদ্ধাৰ অভিযান অব্যাহত আছে।

ড্ৰিলিং মেচিনৰ সহায়ত পৰৱৰ্তী দুদিনৰ ভিতৰত সকলো শ্ৰমিকক উদ্ধাৰ কৰিব পৰা যাব বুলি আশা কৰা হৈছে। কিন্তু এই প্ৰচেষ্টাত বিফল হ'লে উদ্ধাৰৰ বাবে পুনৰ ১৫ দিনৰ প্ৰয়োজন হ'ব পাৰে। বিভাগীয় কৰ্তৃপক্ষই জনাইছে এই কথা।

১২ নৱেম্বৰত উত্তৰাখণ্ডত ৪.৫ কিলোমিটাৰ দীঘল এটা সুৰংগ খহি পৰে, যাৰ ফলত সকলো শ্ৰমিক ভিতৰত আৱদ্ধ হৈ পৰে। তেওঁলোকক ষ্টীল পাইপৰ জৰিয়তে খাদ্য, পানী আৰু ঔষধ প্ৰেৰণ কৰা হৈছে।

পথ পৰিবহণ আৰু ঘাইপথ সচিব অনুৰাগ জৈনে কয়, আমি এটা বিকল্পৰ ওপৰত কাম কৰাৰ সলনি সকলো বিকল্পৰ ওপৰত একেলগে কাম কৰি আছো। যাৰ বাবে উদ্ধাৰ অভিযানৰ বাবে ১৫ দিন সময় লাগিব পাৰে। শুক্ৰবাৰে আবেলি ড্ৰিলিং মেছিন কঠিন শিলৰ ওপৰেৰে গৈছিল। যাৰ ফলত কম্পন হৈছিল আৰু লগে লগে উদ্ধাৰ অভিযান বন্ধ কৰি দিয়া হৈছিল। এওঁলোকক উদ্ধাৰ কৰিবলৈ অন্য পৰিকল্পনা কৰাও হৈছে যাৰ বাবে ১৫ দিনৰ প্ৰয়োজন হ'ব।

Also Read: প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিছে কাজিৰঙাৰ বাগৰী বনাঞ্চলৰ ডোঙ্গা বিলে

uttarakhand