দেশৰ প্ৰথমখন ৰাজ্য হিচাপে উত্তৰাখণ্ডত কাৰ্যকৰী হ'বলৈ আগবাঢ়িছে ইউনিয়ন চিভিল কোড...

দেশৰ প্ৰথমখন ৰাজ্য হিচাপে উত্তৰাখণ্ডত কাৰ্যকৰী হ'বলৈ আগবাঢ়িছে ইউনিয়ন চিভিল কোড...
দেশৰ প্ৰথমখন ৰাজ্য হিচাপে উত্তৰাখণ্ডত কাৰ্যকৰী হ'বলৈ আগবাঢ়িছে ইউনিয়ন চিভিল কোড...
Published on
Updated on

ডিজিটেল ডেস্কঃ দেশৰ প্ৰথমখন ৰাজ্য হিচাপে উত্তৰাখণ্ডত ইউনিয়ন চিভিল কোড প্ৰযোজ্য হ'বলৈ আগবাঢ়িছে। ২০২২ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই উত্তৰাখণ্ডত অভিন্ন দেৱানী বিধি বা ইউনিয়ন চিভিল কোড কাৰ্যকৰী কৰা হ'ব বুলি ঘোষণা কৰা হৈছিল।

নিৰ্বাচনত জয়ী হোৱাৰ পাছতে পুষ্কৰ সিং ধামি চৰকাৰে এই বিষয়ত জোৰদাৰ কাম আৰম্ভ কৰিছিল। আৰু সেই মতেই এতিয়া ৰাজ্যখনত ইউনিয়ন চিভিল কোড কাৰ্যকৰী কৰাৰ দিশত আগবাঢ়িছে।

আগন্তক সপ্তাহত উত্তৰাখণ্ড বিধানসভাৰ বিশেষ অধিৱেশন আহ্বান কৰা হৈছে। চৰকাৰী সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি বিশেষজ্ঞ কমিটীৰ ৰিপোৰ্টৰ ভিত্তিত তৈয়াৰ কৰা এই ইউনিয়ন চিভিল কোড সংক্ৰান্তিয় বিল পাছ কৰাৰ উদ্দেশ্যৰেই এই অধিৱেশন আহ্বান কৰা হৈছে।

সকলো ঠিকে থাকিলে অহা সপ্তাহতেই ইউনিয়ন চিভিল কোড বিল পাছ হৈ যাব। সেয়া হলে দেশৰ ভিতৰতে প্ৰথম এই দেৱভূমিতেই সকলো ধৰ্মৰ বাবে একেই সামাজিক আইন আৰম্ভ হ'ব।

জানিব পৰা মতে এই ইউনিয়ন চিভিল কোডৰ খচৰাত বহু বিবাহ নিষিদ্ধ কৰা হৈছে। সেইদৰে লিভ ইন সম্পৰ্কক আইনীভাৱে নথিভুক্ত কৰাৰ বিধান দিয়া হৈছে। শাসকীয় বিজেপিয়ে এই সন্দৰ্ভত কয়, ইউনিয়ন চিভিল কোড কাৰ্যকৰী হলে সামাজিক সম্প্ৰীতি অটুট থাকিব।

সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল ইয়াৰ ফলত সংবিধানৰ মূল ভাবধাৰা অটুট থাকিব। মুখ্যমন্ত্ৰী ধামিয়ে পূৰ্বেই কৈছে, উচ্চতম ন্যায়ালয়ে বাৰে বাৰে অভিন্ন দেৱানী বিধিৰ পক্ষে যুক্তি প্ৰদৰ্শন কৰিছিল।

সেই ৰায়ৰ ভিত্তিতে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখ্য যে, ২০১৪ ত বিজেপি ক্ষমতালৈ অহাৰ পাছৰে পৰা অভিন্ন দেৱানী বিধিৰ সপক্ষে উকালতি কৰি আহিছে। অৱশ্যে বিৰোধীয়ে ইয়াৰ বিৰোধিতা কৰি আহিছে।

তাৰ মাজতে সমগ্ৰ দেশতে ২০১৪ ৰ ভিতৰত ইউনিয়ন চিভিল কোড কাৰ্যকৰী কৰাৰ দিশে আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ। চৰ্চা অনুসৰি উত্তৰাখণ্ডত বিজেপিয়ে এই বিধি কাৰ্যকৰী কৰি এক সম্পৰীক্ষা কৰিবলৈ আগবাঢ়িছে। যদি সকলো ঠিকেই থাকে তেন্তে দেশজুৰি এই বিধি কাৰ্যকৰী হোৱাটো নিশ্চিত।

দেশৰ প্ৰথমখন ৰাজ্য হিচাপে উত্তৰাখণ্ডত কাৰ্যকৰী হ'বলৈ আগবাঢ়িছে ইউনিয়ন চিভিল কোড...
সন্ত্ৰাসবাদীক ৮৫ কোটি টকাৰ যোগানঃ কাশ্মীৰৰ শীৰ্ষ আৰক্ষী বিষয়াৰ ঘৰত তালাচী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in