উত্তৰকাশীৰ সুৰংগত ৬ দিনে আৱদ্ধ ৪০ শ্ৰমিকঃ উদ্ধাৰকাৰ্যত বাৰে বাৰে বাধা...

উত্তৰকাশীৰ সুৰংগত ৬ দিনে আৱদ্ধ ৪০ শ্ৰমিকঃ উদ্ধাৰকাৰ্যত বাৰে বাৰে বাধা...

author-image
Asomiya Pratidin
New Update
উত্তৰকাশীৰ সুৰংগত ৬ দিনে আৱদ্ধ ৪০ শ্ৰমিকঃ উদ্ধাৰকাৰ্যত বাৰে বাৰে বাধা...

উত্তৰকাশীৰ সুৰংগত ৬ দিনে আৱদ্ধ ৪০ শ্ৰমিকঃ উদ্ধাৰকাৰ্যত বাৰে বাৰে বাধা...

ডিজিটেল ডেস্কঃ ছদিন অতিক্ৰম কৰি সাত দিনত ভৰি দিলে। এতিয়াও উদ্ধাৰ কৰিব পৰা নাই উত্তৰকাশীৰ সুৰংগত আৱদ্ধ হৈ থকা ৪০ জনকৈ শ্ৰমিকক। সুৰংগৰ সন্মুখৰ পৰা অনেক চেষ্টা কৰিও তেওঁলোকক উদ্ধাৰ কৰিব পৰা নাই উদ্ধাৰকাৰীসকলে।

বাৰে বাৰে বাধাৰ সন্মুখীন হৈছে এন ডি আৰ এফ, এছ ডি আৰ এফ, আই টি বি পি, বি আৰ অ' আদি সংস্থাৰ উদ্ধাৰকাৰীসকল। সেয়ে এতিয়া সুৰংগৰ ওপৰৰ পৰা খনন কৰি সুৰংগৰ ভিতৰত প্ৰৱেশ কৰিব পাৰি নেকি সেই বিষয়ে আলোচনা আৰম্ভ কৰিছে তেওঁলোকে।

উল্লেখ্য যে, উত্তৰকাশীত নিৰ্মাণ কৰি থকা এটা সুৰংগ পথৰ নিৰ্মাণ চলি থকাৰ মাজতে হঠাৎ সুৰংগৰ সন্মুখভাগত ভূমিস্খলন হৈ সুৰংগৰ এটা অংশ খহি পৰে। ইয়াৰ পাছতে সুৰংগৰ ভিতৰত কৰ্মৰত ৪০ জনকৈ শ্ৰমিক তাতেই আৱদ্ধ হৈ পৰে।

সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ চেষ্টা কৰা হৈছে যদিও ৬ দিন অতিক্ৰম কৰাৰ পাছতো তেওঁলোকক উদ্ধাৰ কৰিব পৰা নাই। বাহিৰৰ পৰাই তেওঁলোকক পাইপেৰে পৰ্যাপ্ত খাদ্যসামগ্ৰী যোগান ধৰি থকা হৈছে।

প্ৰতি মুহূৰ্ততে তেওঁলোকৰ সৈতে যোগাযোগ ৰক্ষা কৰি থকা হৈছে। উদ্ধাৰকাৰীসকলৰ সৈতে থকা চিকিৎসকৰ দলে তেওঁলোকৰ খবৰ ৰাখিছে। যোৱা দিন কেইটাত এই শ্ৰমিকসকলক উদ্ধাৰৰ বাবে মাটি খান্দি পাইপ ভৰাই উদ্ধাৰৰ চেষ্টা কৰা হৈছিল। কিন্তু এই প্ৰচেষ্টাত শুকুৰবাৰে ব্যাঘাত জন্মিছে।

ফলত এই ব্যৱস্থা স্থগিত ৰাখিবলৈ বাধ্য হৈছে উদ্ধাৰকাৰীসকল। শুকুৰবাৰে দিনৰ প্ৰায় ২.৪৫ বজাত সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে পাঁচ নম্বৰৰ পাইপডাল ভৰাই দিয়াৰ সময়তে বিজুগতিৰ সৃষ্টি হয়। সুৰংগৰ ভিতৰত পুনৰ ভূমিস্খলনৰ শব্দ শুনে উদ্ধাৰকাৰীসকলে।

সেয়ে আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে তৎক্ষণাত সেই উদ্ধাৰকাৰ্য স্থগিত ৰাখে। এইদৰে উদ্ধাৰকাৰ্য চলাবলৈ মাটি খান্দিবলৈ উদ্ধাৰকাৰীসকলে বায়ু সেনাৰ বিমানৰ জৰিয়তে দিল্লীৰ পৰা কঢ়িয়াই আনিছিল বিশেষ যন্ত্ৰ। ইয়াৰোপৰি তেওঁলোকে আনিছিল এটা বিদেশী যন্ত্ৰও।

শেহতীয়া খবৰ অনুসৰি ইণ্ডোৰৰ পৰা আন এটা যন্ত্ৰ উদ্ধাৰকাৰ্যৰ বাবে অনা হৈছে। এই যন্ত্ৰ আহি পালেই পুনৰ আৰম্ভ হ’ব উদ্ধাৰ অভিযান। সুৰংগৰ প্ৰায় ৬০ মিটাৰ ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক এই যন্ত্ৰৰ জৰিয়তে মাটি খান্দি উলিয়াই অনা হ'ব। জানিব পৰা মতে এই পৰ্যন্ত মাত্ৰ ২৪ মিটাৰ হে খান্দিবলৈ সক্ষম হৈছে।  

সেয়ে এই নতুন যন্ত্ৰবিধ আহি পালেই উদ্ধাৰকাৰীয়ে সিদ্ধান্ত ল'ব সুৰংগৰ ওপৰেদি নে সন্মুখফালৰ পৰাই উদ্ধাৰ অভিযান আৰম্ভ কৰিব। যদি ওপৰৰ পৰা নতুনকৈ খান্দি উদ্ধাৰকাৰ্য চলোৱা হয় তেন্তে শ্ৰমিকসকলৰ বাবে বিপদ আহিব পাৰে নেকি, সুৰংগৰ ভিতৰত পুনৰ ভূমিস্থলন হ'ব নেকি, এনে বোৰ প্ৰশ্নও উদ্ধাৰকাৰীসকলৰ মনত উদয় হৈছে।সেয়ে তেওঁলোকে বিশেষজ্ঞৰ সৈতে বহি আলোচনাত মিলিত হৈছে।

শনিবাৰে এই উদ্ধাকাৰ্য পৰিদৰ্শন কৰিবলৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰাও এটা দল গৈ উপস্থিত হৈছেগৈ। ইফালে সুৰংগত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ পৰিয়ালৰ লোকসকলৰ মাজতো তেওঁলোকক লৈ উদ্বেগ বৃদ্ধি পাইছে।

ঘটনাস্থলীত উপস্থিত হোৱা শ্ৰমিকসকলৰ পৰিয়ালৰ লোকসকলেও সুৰংগৰ ভিতৰত আৱদ্ধ শ্ৰমিকৰ সৈতে সঘনে কথা-বতৰা পাতি তেওঁলোকৰ সাহস বৃদ্ধি কৰিছে। প্ৰশাসনৰ ফালৰ পৰা জনোৱা অনুসৰি সুৰংগৰ ভিতৰত থকা প্ৰতিজন শ্ৰমিকেই সুস্থ হৈ আছে।

Also Read: ড০ মানবেন্দ্ৰ ভূঞাৰ গ্ৰন্থ 'এ আৰ এণ্ড টি কোম্পানি আৰু অসমৰ ঔদ্যোগিক বিকাশ' উন্মোচন

উত্তৰকাশী উত্তৰাখণ্ড