Uttarkashi: গ্ৰীণ কৰিডৰ তৈয়াৰ কৰি শ্ৰমিকসকলক লৈ যোৱা হ'ব হাস্পতাললৈ...

Uttarkashi: গ্ৰীণ কৰিডৰ তৈয়াৰ কৰি শ্ৰমিকসকলক লৈ যোৱা হ'ব হাস্পতাললৈ...
Uttarkashi: গ্ৰীণ কৰিডৰ তৈয়াৰ কৰি শ্ৰমিকসকলক লৈ যোৱা হ'ব হাস্পতাললৈ...
Published on
Updated on

ডিজিটেল ডেস্কঃ উত্তৰকাশীত চলিছে যুদ্ধকালীন প্ৰস্তুতি। উত্তৰকাশীৰ ছিল্কিয়াৰা টানেলৰ ভিতৰত ((Uttarkashi Tunnel Collapse) আৱদ্ধ হৈ থকা ৪১ জনকৈ শ্ৰমিকক উদ্ধাৰৰ বাবে চলি থকা প্ৰচেষ্টা প্ৰায় শেষ মুহূৰ্তত আহি উপস্থিত হৈছহি।

বুধবাৰে নিশাই তেওঁলোকক উদ্ধাৰ কৰিব পাৰিব বুলি উদ্ধাৰকাৰীসকলে জনাইছিল যদিও শেষ মহূৰ্তত সুৰংগত দুডালকৈ ষ্টিলৰ পাইপ পৰি থকাৰ বাবে নিশাই তেওঁলোকক উদ্ধাৰ কৰিব পৰা নগ'ল।

তেওঁলোকক উদ্ধাৰৰ বাবে সুৰংগৰ ভিতৰত প্ৰৱেশ কৰা এন ডি আৰ এফৰ দলটোৱে প্ৰায় ১২ মিটাৰ পথ খান্দিবলগীয়া হোৱাৰ লগতে তেওঁলোকৰ প্ৰৱেশ পথত বাধা দিয়ে এই ষ্টিলৰ পাইপ দুডাল সৰু সৰুকৈ কাটি বাট মুকলি কৰিবলগীয়া হৈছে।

শ্ৰমিকসকলক উদ্ধাৰৰ বাবে চলি থকা এই সকলো দিশ চোৱাচিতা কৰিছে টানেল বিশেষজ্ঞ আৰ্নল্ড ডিক্সে। আনহাতে পুৱা প্ৰায় ১০ বজাত ঘটনাস্থলীত উপস্থিত হৈছেগৈ কেন্দ্ৰিয় মন্ত্ৰী জেনেৰেল ভি কে সিং।

ইয়াৰোপৰি ঘটনাস্থলীত উপস্থিত আছে প্ৰাধনমন্ত্ৰী কাৰ্যালয়ৰ পূৰ্বৰ উপদেষ্টা ভাস্কৰ খুলবেও। ইফালে জিলা আয়ুক্তগৰাকীয়ে জনোৱা অনুসৰি শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ লগে লগে তেওঁলোকক গ্ৰীণ কৰিডৰ তৈয়াৰ কৰি এম্বুলেঞ্চৰ জৰিয়তে হাস্পতাললৈ লৈ যোৱা হ'ব।

হাস্পতালত তেওঁলোকৰ বাবে সকলো সা-সুবিধা সাজু কৰি ৰখা হৈছে। টানেলৰ সন্মুখত এম্বুলেঞ্চৰ উপৰিও সকলোধৰণৰ ব্যৱস্থা মজুত আছে। আনহাতে সুৰংগৰ বাহিৰত শ্ৰমিকসকলৰ আত্মীয়সকলেও অধীৰ আগ্ৰহেৰে তেওঁলোকক বাহিৰলৈ উলিয়াই অনালৈ অপেক্ষা কৰিছে। আশা কৰিছে অতি শীঘ্ৰেই তেওঁলোক বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হ'ব।

Uttarkashi: গ্ৰীণ কৰিডৰ তৈয়াৰ কৰি শ্ৰমিকসকলক লৈ যোৱা হ'ব হাস্পতাললৈ...
Jammu and Kashmir: দেওবাৰৰ পৰা অব্যাহত সুৰক্ষাকৰ্মী-সন্ত্ৰাসবাদীৰ মাজৰ সংঘৰ্ষ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in