বিচিত্ৰ ভাৰতঃ এফালে ৰাৱণ দাহন, আনফালে শোক পালন...

বিচিত্ৰ ভাৰতঃ এফালে ৰাৱণ দাহন, আনফালে শোক পালন...
বিচিত্ৰ ভাৰতঃ এফালে ৰাৱণ দাহন, আনফালে শোক পালন...
Published on
Updated on

ডিজিটেল ডেস্কঃ আজি বিজয়া দশমী। বিজয়া দশমী উপলক্ষে যিদৰে দেৱী দুৰ্গাৰ বিসৰ্জন হ’ব ঠিক সেইদৰেই ৰাৱণ দাহণৰ অনুষ্ঠানো দেশজুৰি অনুষ্ঠিত হ’ব। ৰাম-ৰাৱণৰ যুদ্ধত ৰাৱণৰ পৰাস্ত হোৱা বিষয়টোক অশুভ শক্তিৰ ওপৰত সত্যৰ বিজয় উদযাপন কৰিবলৈকে এইদৰে দেশজুৰি দশেৰা উদযাপন কৰা হয়।

কিন্তু তাৰ মাজতে দেশৰ বিভিন্ন অঞ্চলত আকৌ ৰাৱণ দাহণ কৰাৰ বিপৰীতে তেওঁক সন্মানিতহে কৰা হয়। ৰাৱণৰ জ্ঞান আৰু পাণ্ডিত্যক সন্মান কৰাৰ উপৰিও মহাদেৱৰ প্ৰতি থকা তেওঁৰ অসাধাৰণ ভক্তিক শ্ৰদ্ধা কৰি ৰাৱণ দাহণৰ দৰে অনুষ্ঠানৰ বাবে শোকহে প্ৰকাশ কৰে কেতবোৰ অঞ্চলত।

মধ্যপ্ৰদেশৰ মন্দছৌৰক লংকাধিপতি ৰাৱণৰ শহুৰৰ ঘৰ বুলি গণ্য কৰা হয়। এই অঞ্চলৰ লোকসকলে ৰাৱণক জোঁৱাই হিচাপে মানি আহিছে আৰু তেওঁলোকে ৰাৱণ দাহনৰ পৰা বিৰত আছে। ইয়াত ৰাৱণৰ এটা ৩৫ ফুট উচ্চতাৰ মূৰ্তিও স্থাপন কৰা আছে। ইয়াত দেশৰ অন্যান্য প্ৰান্তত ৰাৱণ দাহন কৰাৰ বাবে আজিৰ দিনটোত শোক পালন কৰি আহিছে।

আনহাতে নইডাৰ কাষৰ এখন গাওঁ বিছৰাখত ৰাৱণৰ জন্ম হৈছিল বুলি সেই অঞ্চলৰ লোকসকলে বিশ্বাস কৰি আহিছে।এই অঞ্চলত আজিৰ দিনটোত শোক পালন কৰিছে।

হিমাচল প্ৰদেশৰ কাংৰা জিলাৰ বাজিনাথত ৰাৱণৰ ঈশ্বৰৰ প্ৰতি থকা ভক্তি আৰু তেওঁৰ পাণ্ডিত্যক সন্মান জনাই আহিছে। অৱশ্যে তেওঁৱোকে ৰাৱণক পূজা নকৰে। তথাপিও তেওঁলোকে ৰাৱণৰ সন্মান জনাই ৰাৱণ দাহন নকৰে। তেওঁলোকৰ বিশ্বাস যদিহে ৰাৱণৰ পুত্তিলাক তেওঁলোকে দাহন কৰে তেন্তে মহাদেৱ অসন্তুষ্ট হ'ব।

ৰাজস্থানৰ মান্দোৰতো ৰাৱণৰ শহুৰৰ ঘৰ আছে বুলি বিশ্বাস কৰা হয়। ৰাৱণৰ পত্নী আছিল মণ্ডোদৰী। তেওঁক মান্দোৰৰ জীয়ৰী বুলি গণ্য কৰা হয়। সেয়ে এই অঞ্চলৰ স্থানীয় একাংশ লোকৰ লগতে ব্ৰাহ্মণসকলে ৰাৱণক তেওঁলোকৰ জোঁৱাই হিচাপে গণ্য কৰি দশেৰা পালন নকৰে।

একেদৰে উত্তৰ প্ৰদেশৰ কাণপুৰত আছে শিৱৰ লগতে ৰাৱণৰ মন্দিৰ।  অন্ধ্ৰপ্ৰদেশৰ কাকিন্দাত থকা ৰাৱণ মন্দিৰৰ মুখ্য আকৰ্ষণ মহাদেৱ শিৱ। এই মন্দিৰ ৰাৱণে নিজেই নিৰ্মাণ কৰা বুলি বিশ্বাস কৰা হয়। সেয়েহে এই অঞ্চলৰ লোকে ৰাৱণৰ পুত্তিলিকা দাহ নকৰে।

মধ্যপ্ৰদেশৰ ৰাৱণগ্ৰামত ৰাৱণৰ বহু উপাসক আছে। আজিৰ দিনটোতে তেওঁলোকে ৰাৱণৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছে। ইয়াতো ৰাৱণৰ পুত্তলিকা দাহ কৰা নহয়। ইয়াত আছে এটা ১০ ফুট উচ্চতাৰ ৰাৱণৰ মূৰ্তি।

বহু শতিকা পূৰ্বে এই মূৰ্তি কন্যাকুজা ব্ৰাহ্মণসকলে নিৰ্মাণ কৰিছিল। স্থানীয় লোকসকলে দাবী কৰে, এই ৰাৱণৰ মূৰ্তিৰ নাভিত তেল ঘঁহিলে ৰাৱণ সন্তুষ্ট হয় আৰু সৌভাগ্যবান হয়। ৰাৱণৰ নাভিত শৰ নিক্ষেপ কৰাৰ বাবেই তেওঁৰ মৃত্যু হৈছিল।

কৰ্ণাটকৰ কোলাৰত আজিৰ দিনটোত লংকেশ্বৰ মহোৎসৱ অনুষ্ঠিত হৈছে। ই মূলতঃ এক শস্য চপোৱা উৎসৱ। কোলাৰত ৰাৱণ উপাসনাৰ উৎপত্তিৰ বিভিন্ন লোক কাহিনী পোৱা যায়।

কোলাৰত ভগৱান শিৱক যথেষ্ট শ্ৰদ্ধা কৰা হয়। ৰাৱণ আছিল শিৱৰ নিষ্ঠাৱান অনুগামী। সেয়েহে ইয়াত মানুহে ৰাৱণৰ ভক্তিক আদৰ কৰে। ইয়াৰ জনবিশ্বাস অনুসৰি, যদি ৰাৱণৰ পুত্তলিকা জ্বলাই দিয়া হয় তেন্তে শস্যও নষ্ট হোৱাৰ আশংকা থাকে।

বিচিত্ৰ ভাৰতঃ এফালে ৰাৱণ দাহন, আনফালে শোক পালন...
বাওঁ হাতেৰে পূজাৰ পূস্পাঞ্জলি প্ৰদান আৰু গ্ৰহণ কৰিলে কি হয়? পৰে নেকি আপোনাৰ জীৱনত প্ৰভাৱ, চাওক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in