কেৰালা ট্ৰেজেডীঃ ভাৰতীয় সেনা, নৌসেনা, NDRF সকলো নামিছে উদ্ধাৰ অভিযানত...

কেইবাজনো মন্ত্ৰীয়ে তদাৰক কৰিছে উদ্ধাৰ আৰু সাহায্য অভিযান
কেৰালা ট্ৰেজেডীঃ ভাৰতীয় সেনা, নৌসেনা, NDRF সকলো নামিছে উদ্ধাৰ অভিযানত...
কেৰালা ট্ৰেজেডীঃ ভাৰতীয় সেনা, নৌসেনা, NDRF সকলো নামিছে উদ্ধাৰ অভিযানত...
Published on
Updated on

ডিজিটেল ডেস্কঃ কেৰালাৰা ৱায়নাডত সংঘটিত হোৱা ভূমিস্খলনৰ ঘটনাত নিহতৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি পাইছে। আশংকা কৰা হৈছে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব। কেৰেলাৰ মুখ্য সচিব ভি ভ্যেনুৱে সংবাদ মাধ্যমৰ আগত দিয়া তথ্য অনুসৰি এই পৰ্যন্ত ৮০ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু উদ্ধাৰ অভিযান অব্যাহত আছে।

ৰাজ্যখনৰ ৰাজহ মন্ত্ৰীগৰাকীৰ মতে ১১৬ জন আঘাতপ্ৰাপ্ত লোকক বিভিন্ন হাস্পতালত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰি থকা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশত এই দুৰ্যোগৰ তদাৰক কৰিবলৈ কেন্দ্ৰ ৰাজ্যমন্ত্ৰী জৰ্জ কুৰেইন ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে আৰু সাহায্য তথা উদ্ধাৰ অভিযানৰ নেতৃত্ব বহন কৰিছে। জৰ্জ কুৰেইনে ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য বাহিনী, পেৰামেলিটেৰী বাহিনী, কেৰালা চৰকাৰৰ বিষয়া আৰু অন্যান্য সংস্থাৰ সৈতে সমন্বয়ক হিচাপেও দায়িত্ব পালন কৰিব।

ইফালে ঘটনাস্থলীত উপস্থিত হৈ কেৰালাৰ বন মন্ত্ৰী শশীন্দ্ৰনে ক্ষতিৰ মূল্যায়কন কৰিবলৈ তৎকালীন সাহায্য ব্যৱস্থাৰ সৈতে জড়িত হৈ পৰিছে। সেইদৰে ৰাজ্যখনৰ আন এজন মন্ত্ৰী ৰামচন্দ্ৰন কদানপল্লীয়েও ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানত জড়িত হ'ব বুলি জানিব পৰা গৈছে।

ৰাজ্যখনৰ ৰাজহমন্ত্ৰীগৰাকীৰ মতে লোক নিৰ্মাণ, অনুসূচীত জাতি, অনুসূচীত জনজাতি বিভাগৰো কৰ্মচাৰীসকল থিৰুৱন্তপুৰমৰ পৰা বিমানেৰে ঘটনাস্থলীলৈ ৰাওনা হৈছে। এই উদ্ধাৰ অভিযানত চামিল হৈছে ভাৰতীয় নৌ সেনাও।

মুষলধাৰ বৰষুণৰ ফলত মঙলবাৰে পুৱা ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা চোৰোলমালাত উদ্ধাৰ অভিযানত সহায় কৰিবলৈ কান্নুৰৰ এজিমালা নৌ সেনা ঘাটিৰ পৰা ভাৰতীয় নৌসেনাৰ এই দলটো গৈছে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা অনুসৰি নৌসেনাৰ ৰিভাৰ ক্ৰছিং দলৰ সহায় বিচাৰি মুখ্যমন্ত্ৰী পিনৰাই বিজয়নে অনুৰোধ জনাইছিল।

তেওঁৰ অনুৰোধ ৰক্ষা কৰি নৌসেনাৰ দলটো উদ্ধাৰ অভিযানত চামিল হৈছে আৰু চোৰেলমালাৰ মূল দলংখন খহি পৰাৰ ফলত বাধাগ্ৰস্ত হোৱা অঞ্চলটোত উদ্ধাৰ অভিযান চলাইছে।

সেইদৰেই ডিএছচি চেণ্টাৰ কান্নুৰৰ পৰা প্ৰায় ২০০ ভাৰতীয় সেনাৰ জোৱান আৰু কোজিকোডৰ পৰা ১২২ টা টিএ বেটেলিয়ন ভূমিস্খলনত ক্ষতিগ্ৰস্ত স্থানলৈ প্ৰেৰণ কৰা হৈছে। ১২২ টিএ বেটেলিয়নে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানত নামি পৰিছে।

বানত ক্ষতিগ্ৰস্ত অঞ্চলত উদ্ধাৰ কাৰ্য চলাবলৈ ভাৰতীয় নৌসেনাৰ ৩০ জনীয়া বিশেষজ্ঞ সাঁতোৰবিদৰ এটা দলো মোতায়েন কৰা হৈছে। উদ্ধাৰ অভিযানত ব্যৱহাৰ হৈছে বায়ু সেনাৰ দুখন হেলিকপ্টাৰো। সমান্তৰালকৈ এন ডি আৰ এফৰ ৩ টা বাহিনীয়ে ৱায়নাডত উদ্ধাৰ অভিযানত জড়িত হৈ আছে।

কেৰালা ট্ৰেজেডীঃ ভাৰতীয় সেনা, নৌসেনা, NDRF সকলো নামিছে উদ্ধাৰ অভিযানত...
ৰে'ল দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তাল ৰাজনীতিঃ কিয় উঠাই দিয়া হ'ল ৰে'ল বাজেট?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in