অশান্ত মণিপুৰ : অমিত শ্বাহৰ ভূমিকাকলৈ অসন্তুষ্ট মমতা বেনাৰ্জী

অশান্ত মণিপুৰ : অমিত শ্বাহৰ ভূমিকাকলৈ অসন্তুষ্ট মমতা বেনাৰ্জী

author-image
Asomiya Pratidin
New Update
অশান্ত মণিপুৰ : অমিত শ্বাহৰ ভূমিকাকলৈ অসন্তুষ্ট মমতা বেনাৰ্জী

ডিজিটেল ডেস্কঃ শান্ত হোৱা নাই মণিপুৰৰ হিংসাত্মক কাৰ্য-কলাপ। শান্ত হ'বলৈ ধৰা মণিপুৰ পুনৰ উত্তপ্ত হৈ উঠিছে। তাৰ মাজতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত মঙলবাৰে সংবাদ মেলযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

হিংসা-অশান্তৰে জৰ্জৰিত মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যখন ভ্ৰমণ কৰাৰ পাছতো মণিপুৰৰ ভুক্তভোগী তথা আৰ্তজনৰ কাষত থিয় দিয়া নাই। মণিপুৰৰ পৰিস্থিতিৰ বুজ ল'বৰ বাবে মমতা বেনাৰ্জীয়ে অনুমতি বিচাৰি কৰা আৱেদনৰো কোনো সুদুত্তৰ নাই পোৱা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, মণিপুৰত নতুনকৈ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ মাজতে সোমবাৰে দিল্লীৰ যন্তৰ মন্তৰত প্ৰায় ৫০০ মণিপুৰী কুকি-জোমি মহিলাই হিংসা নিয়ন্ত্ৰণৰ বাবে ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসনৰ দাবী জনায়।

Also Read: সমাগত লোকসভা নিৰ্বাচন: উত্তৰ প্ৰদেশত বিজেপিৰ 'টিফিন পে চৰ্চা'....

Mamata Banarjee