বংগত আজি পুনৰ ভোট গ্ৰহণঃ হিংসা পৰিহাৰ কৰি শান্তি বৰ্তাই ৰখাৰ আহ্বান....

বংগত আজি পুনৰ ভোট গ্ৰহণঃ হিংসা পৰিহাৰ কৰি শান্তি বৰ্তাই ৰখাৰ আহ্বান....

author-image
Asomiya Pratidin
New Update
বংগত আজি পুনৰ ভোট গ্ৰহণঃ হিংসা পৰিহাৰ কৰি শান্তি বৰ্তাই ৰখাৰ আহ্বান....

বংগত আজি পুনৰ ভোট গ্ৰহণঃ হিংসা পৰিহাৰ কৰি শান্তি বৰ্তাই ৰখাৰ আহ্বান....

ডিজিটেল ডেস্কঃ আজি পুনৰ ভোটগ্ৰহণ হ’ব পশ্চিমবংগৰ প্ৰায় ৬৯০ টাৰো অধিক ভোটকেন্দ্ৰত। শনিবাৰে ৰাজ্যখনত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল যদিও ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ কথা সদৰী কৰে নিৰ্বাচন আয়োগে।

দেওবাৰে বংগৰ ৰাজ্যিক নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা মতে ১০ জুলাই, সোমবাৰে মুঠ ৬৯৬ টা বুথত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। এই বুথসমূহত ১০০ শতাংশ কেন্দ্ৰীয় বাহিনী নিয়োজিত কৰাৰো সিদ্ধান্ত লোৱা হৈছে।

সেই অনুসৰি আজি পুৱাৰে পৰা কেন্দ্ৰীয় বাহিনীৰ উপস্থিতিত পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হৈছে পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। উল্লেখ্য যে, শনিবাৰৰ ভোটগ্ৰহণৰ পূৰ্বে ৰাজ্যখনত ব্যাপক হাৰত নিৰ্বাচনী হিংসা সংঘটিত হৈছিল।

সেই হিংসাত্মক পৰিস্থিতি ভোটগ্ৰহণৰ সময়তো অব্যাহত থাকিল। গুলী চালনা, বোমা নিক্ষেপ, অগ্নি সংযোগ, হত্যাৰ দৰে হিংসাত্মক ঘটনাই জোকাৰি যোৱাৰ বাবে আয়োগে শনিবাৰে পুনৰ ভোটগ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ৰাজ্যিক নিৰ্বাচন আয়োগে এই সন্দৰ্ভত কয়, বহু ভোট কেন্দ্ৰত আনুষ্ঠানিক সময় সমাপ্ত হোৱাৰ পাচতো ভোটদান প্ৰক্ৰিয়া অব্যাহত আছিল ৷ সেই ভোটকেন্দ্ৰ সমূহতো সোমবাৰে পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব৷

নিৰ্বাচনী হিংসাত পশ্চিম বংগৰ বিভিন্ন স্থানত প্ৰায় ২০ জন লোকৰ মৃত্যু হয়৷ আহতৰ সংখ্যা শতাধিক। নিহতসকলৰ ভিতৰত আছে আঠজন শাসকীয় তৃণমূল কংগ্ৰেছৰ কৰ্মী৷ আনহাতে বিজেপি, চিপিআই(এম), কংগ্ৰেছ আৰু আইএছএফৰ এজনকৈ কৰ্মী নিহত হৈছে।

Also Read: ভয়ংকৰ ঘটনাঃ পুত্ৰই বাঁহেৰে মৰিয়াই হত্যা কৰিলে মাতৃক...

পঞ্চায়ত নিৰ্বাচন পশ্চিমবংগ