ডিজিটেল ডেস্কঃ পশ্চিমবংগত অব্যাহত আছে পঞ্চায়ত নিৰ্বাচনীৰ হিংসা । শাসক বিৰোধীৰ সংঘাতৰ ফলত প্ৰাণ হেৰুৱাইছে বহুকেইজনে । লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বহুলোক । খবৰ অনুসৰি বৰ্তমানলৈকে ১৬ জন লোকে প্ৰাণ হেৰুৱাইছে নিৰ্বাচনী হিংসাত । এই হিংসাত প্ৰাণ হানি হোৱা লোকসকলৰ ভিতৰত ৯ জন টিএমচিৰ, ৩ জন কংগ্ৰেছৰ আৰু ২ জন বিজেপি আৰু চিপিএমৰ বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, ৰাজ্যখনত শনিবাৰে অনুষ্ঠিত হৈছিল পঞ্চায়ত নিৰ্বাচন । নিৰ্বাচনৰ দিনটোত বেলট বাকচ লুট, অগ্নিসংযোগকে আদি কৰি কেইবাটাও কাৰণত দলসমূহৰ কৰ্মীৰ মাজত সংঘাতৰ সৃষ্টি হয়। যি সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।
বিজেপিয়ে ৰাজ্যখনত এই হিংসাৰ বাবে ৰাষ্ট্ৰপতিৰ শাসনৰ দাবী কৰিছে । ব্যাপক হিংসাত্মক ঘটনাক লৈ মমতা নেতৃত্বাধীন টিএমচি চৰকাৰক সমালোচনা কৰি বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী নিশিথ প্ৰমানিকে কয় যে, "একক পৰ্যায়ৰ নিৰ্বাচন গণতন্ত্ৰৰ উৎসৱ নহয়, এয়া মৃত্যুৰ উৎসৱ।" ইপিনে এই ঘটনাক কেন্দ্ৰ কৰি তৃণমূল কংগ্ৰেছে এয়া বিজেপিৰ দুষ্কাৰ্য বুলি অভিহিত কৰিছে ।
Also Read: নলবাৰীত বন্দে ভাৰত এক্সপ্ৰেছে খুন্দা মাৰিলে গৰুক, ক্ষতিগ্ৰস্ত...