পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলঃ আগত মমতা

পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলঃ আগত মমতা

author-image
Asomiya Pratidin
New Update
পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলঃ আগত মমতা

ডিজিটেল ডেস্কঃ হিংসাত্মক ঘটনাৰ মাজেৰে ৮ জুলাইত অনুষ্ঠিত হোৱা পশ্চিম বংগৰ পঞ্চায়ত নিৰ্বাচনত শাসকীয় তৃণমূল কংগ্ৰেছক বলে নোৱাৰিলে বিজেপি তথা আন বিৰোধী দলে। নিশা ৮ বজালৈকে অহা তথ্য অনুসৰি এই নিৰ্বাচনত গাঁও পঞ্চায়ত সদস্যৰ ১৮৬০৬ টা পদত জয়ী সাৱ্যস্ত হৈছে তৃণমূলৰ প্ৰাৰ্থী।

মঙলবাৰে অনুষ্ঠিত হোৱা ভোট গণনাৰ গাঁও পঞ্চায়তৰ সদস্যৰ ২৭,৯৮৫ খন আসনৰ ফলাফল ঘোষণা কৰা হৈছে। বিজেপিয়ে ঘোষিত গাঁও পঞ্চায়তৰ সদস্যৰ ফলাফলত ৪৪৮২ খন আসনত জয়ী হ'বলৈ সক্ষম হয়।

তৃণমূল কংগ্ৰেছে গাঁও পঞ্চায়তৰ সদস্যৰ ৮১৮০ খন আসনত আৰু বিজেপিয়ে ২৪১৯ খন আসনত আগবাঢ়ি আছে। উল্লখ্য যে, ৰাজ্যখনত ৬৩২২৯ খন গাঁও পঞ্চায়তৰ সদস্যৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে।

বাঁও মৰ্চাই ১৫০২ খন, কংগ্ৰেছে ১০৭৩, অন্যান্যই ৪৭৬ খন আসনত জয়ী অথবা আগবাঢ়ি আছে বুলি ৰাজ্যিক নিৰ্বাচনী আয়োগৰ তথ্যত প্ৰকাশ পাইছে। ইফালে তৃণমূল কংগ্ৰেছে ১১৮ খন পঞ্চায়ত সমিতি বিজয় সাৱ্যস্ত কৰিছে। দলটোৱে আন ৭৮২ খন আসনত আগবাঢ়ি আছে। বিজেপিয়ে এতিয়ালৈকেল এখনো পঞ্চায়ত সমিতি নিজৰ দখললৈ নিব পৰা নাই। অৱশ্যে ৭৯ খন আসনত দলটো আগবাঢ়ি আছে।

চিপিআইএমে ১ খন পঞ্চায়ত সমিতি দখল কৰিছে আৰু ২৭ খনত আগবাঢ়ি আছে। ১৮খন জিলা পৰিষদৰ ফলাফল ঘোষণা কৰা হৈছে আৰু ইয়াৰ আটাইকেইখনে তৃণমূলৰ দখললৈ গৈছে। দলটোৱে ৬৪ খন জিলা পৰিষদত আগবাঢ়ি আছে। তৃণমূলৰ নেতৃত্বই পঞ্চায়ত নিৰ্বাচনৰ এই ফলাফলত মমতাৰ চৰকাৰৰ পক্ষে আকৌ এবাৰ ৰাইজে ৰায় দিলে বুলি অভিহিত কৰিছে।

বিজেপিয়ে এই নিৰ্বাচনৰ ফলাফলৰ সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বিজেপিৰ নেতা ৰাহুল চিন্হাই কয়, দলটোৱে ইয়াতকৈ ভাল ফলাফল কৰিব পাৰিলেহেতেন। যদিহে নিৰ্বাচন নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হ'লহেতেন। সঠিকভাৱে নিৰ্বাচন হোৱা হ'লে বিজেপি ১ নম্বৰত আৰু তৃণমূল ২ নম্বৰতে থাকিলহেতেন বুলি মন্তব্য কৰে পশ্চিমবংগৰ বিজেপি নেতাগৰাকীয়ে।

Also Read: পাকিস্তানক যোগান ভাৰতৰ গোপন তথ্য, গ্ৰেপ্তাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ কৰ্মচাৰী

Mamta banarjee west bengal