ভাৰতৰে কি সম্পৰ্ক আছে নৱনিৰ্বাচিত মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ...

ভাৰতৰে কি সম্পৰ্ক আছে নৱনিৰ্বাচিত মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ...

author-image
Asomiya Pratidin
New Update
ভাৰতৰে কি সম্পৰ্ক আছে নৱনিৰ্বাচিত মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ...

ডিজিটেল ডেস্ক : ভাৰতীয় মূলৰ অথবা ভাৰতৰে সম্পৰ্ক থকা বহু ব্যক্তিয়ে ইতিমধ্যে বিদেশত উচ্চ পদত অধিষ্ঠিত হৈ ভাৰতক ধন্য কৰিছে। বিশ্বৰ আগশাৰীৰ দেশসমূহৰ ৰাজনীতি, সমাজনীতি, অৰ্থনীতি, ক্ৰীড়া ইত্যাদি বিভিন্ন ক্ষেত্ৰত ভাৰতৰে সম্পৰ্কিত ভালেসংখ্যক ব্যক্তিয়ে নিজ নিজ দক্ষতা আৰু প্ৰতিভাৰে নিজৰ কৰ্ম কৰি গৈছে।

অতি শেহতীয়াকৈ ঘটা তেনে এক ঘটনাই আপোনাকো আনন্দিত কৰিব। বুধবাৰে ঘোষণা হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল। দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হৈছে ড’নাল্ড ট্ৰাম্প। ২৭৭ টা ভোট লাভেৰে কমলা হেৰিছক পৰাস্ত কৰি পুনৰ হোৱাইট হাউচলৈ যাত্ৰা কৰে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ট্ৰম্পে।

পিছে যুক্তৰাষ্ট্ৰখনৰ উপ ৰাষ্ট্ৰপতি পদত যিগৰাকী ব্যক্তিক অধিষ্ঠিত কৰা হৈছে, তেঁওৰ কথা জানিলে আপুনি আচৰিত নহৈ নোৱাৰিব। ভাৰতৰ সৈতে তেঁওৰ আছে অতি নিবিড় সম্পৰ্ক। তেঁও হৈছে জে ডি ভেন্স। সম্পৰ্কৰ দিশৰ পৰা জে ডি ভেন্স ভাৰতৰ জোঁৱাই।

ট্ৰাম্পৰ প্ৰত্যাৱৰ্তনৰ পাছতে মাৰ্কিন যুক্তৰাষ্ট্ৰ আমেৰিকাৰ অহায়ো প্ৰদেশৰ জে ডি ভেন্সক উপ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। জে ডি ভেন্স উপ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে তেঁওৰ পত্নী ঊষা চিলুকুৰী ভেন্সে স্বীকৃতি পালে প্ৰথমগৰাকী ভাৰতীয় বংশোদ্ভৱ আমেৰিকাৰ ‘ছেকেণ্ড লেডী’ৰূপে।

ঊষা চিলুকুৰী পেছাত এগৰাকী অধিবক্তা। ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত ট্ৰাম্পে ভাষণ প্ৰদান কৰি জে ডি ভেন্সক আদৰণি জনায়। লগতে উপ ৰাষ্ট্ৰপতিগৰাকীৰ পত্নী তথা ভাৰতীয় মূলৰ ঊষা চিলুকুৰী ভেন্সক ধুনীয়া মহিলাৰূপে অভিহিত কৰি দম্পতিহালক শুভেচ্ছা জ্ঞাপন কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ।

উল্লেখযোগ্য যে ভাৰতীয় মূলৰ ঊষা চিলুকুৰী ভেন্সে আমেৰিকাৰ ‘ছেকেণ্ড লেডী’ৰূপে পোৱা স্বীকৃতিয়ে স্বাভাৱিকতে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেলেগু সম্প্ৰদায়ৰ পিতৃ – মাতৃৰ ঔৰসত জন্মগ্ৰহণ কৰা ঊষাৰ পিতৃ হৈছে ৰাধাকৃষ্ণ ওৰফে কৃষ চিলুকুৰী। তেখেত পেছাগতভাৱে এগৰাকী অভিযন্তা আছিল। তেখেতে মাদ্ৰাজ আই আই টি মেকানিকেল ইঞ্জিনীয়াৰ হিচাপে নিয়োজিত আছিল।

আনহাতে ঊষা চিলুকুৰীৰ মাতৃ হৈছে লক্ষ্মী। পেছাগতভাৱে মাতৃ আছিল প্ৰবক্তা। তেখেতে আণৱিক জীৱ বিজ্ঞানী আৰু জৈৱ ৰসায়ন বিজ্ঞানৰ বিশেষজ্ঞ।

ঊষা চিলুকুৰীয়ে য়েল বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল। ইয়াৰ পাছতে য়েলআইন মহাবিদ্যালয়ৰ পৰা জুৰিছ ডক্টৰ ডিগ্ৰী গ্ৰহণ কৰে। য়েল আইন মহাবিদ্যালয়ত পঢ়ি থকা অৱস্থাতে তেঁও জে ডি ভেন্সক লগ পায়।

তেঁওলোকৰ বন্ধুত্বই পিছলৈ প্ৰেমৰ ৰূপ পোৱাত ২০১৪ চনত দুয়োৱে হিন্দু ধৰ্মৰ ৰীতি- নীতি অনুসৰি বিবাহপাশত আৱদ্ধ হয়। স্বামী জে ডি ভেন্স আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি হোৱাৰ ক্ষেত্ৰত পত্নী ঊষা চিলুকুৰী ভেন্সৰ আছে অপৰিসীম অৰিহণা। নিৰ্বাচনী প্ৰচাৰৰ সময়তো পত্নীয়ে জে ডি ভেন্সৰ সৈতে প্ৰচাৰ চলোৱা দেখা গৈছিল।

স্বাভাৱিকতে ঊষা চিলুকুৰী আৰু স্বামীৰ এই যাত্ৰাত গৌৰৱান্বিত হৈছে ঊষা চিলুকুৰীৰ পিতৃ গৃহ অন্ধ্ৰপ্ৰদেশ। ৰাজ্যবাসীয়ে আনন্দত মতলীয়া হৈ পৰাও পৰিলক্ষিত হৈছে। প্ৰান্তে প্ৰান্তে উঠিছে আনন্দৰ লহৰ। গাঁৱবাসীয়ে আনন্দতে আতচবাজী জ্বলাই কৰিছে আনন্দ-উল্লাস।

এই প্ৰসংগতে আৰু এটা কথা উল্লেখ কৰিব পাৰি যে ২০২৪ৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ড'নাল্ড ট্ৰাম্পৰ হাতত পৰাস্ত হোৱা কমলা হেৰিছ হৈছে ভাৰতীয় মূলৰ মহিলা। উক্ত নিৰ্বাচনত তেঁও ২২৬ খন আসনেৰে ৪৭. ৬ শতাংশ ভোট লাভ কৰিছিল। তেঁও আছিল ট্ৰাম্পৰ নিকটতম প্ৰাৰ্থী। আনহাতে কমলা হেৰিছ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উপ- ৰাষ্ট্ৰপতিৰ আসনো অলংকৃত কৰিছিল।

Also Read: মংগলবৰীয়া খ্ৰীষ্টানবস্তিত সপ্তাহিক শ্ৰীমদ্ভাগৱত জ্ঞান যজ্ঞৰ আয়োজন

J.D. Vance