ডিজিটেল ডেস্কঃ বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ (WHO)-এ তেওঁলোকৰ শেহতীয়া এক প্ৰতিবেদনত ভাৰতৰ পৰা যক্ষ্মা ৰোগ দূৰ কৰাৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিক প্ৰশংসা কৰিছে। এই প্ৰতিবেদনত কোৱা হৈছে ভাৰতত ২০১৫ চনত যক্ষ্মা ৰোগ প্ৰতি লাখ জনতাৰ বিপৰীতে আছিল ২৩৭ গৰাকী।
২০২৩ ত এই সংখ্যা ১৯৫ লৈ হ্ৰাস পাইছে। অৰ্থাৎ এই সময়ত ভাৰতত যক্ষ্মা ৰোগ ১৮ শতাংশ হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে বিশ্বব্যাপী যক্ষ্মা ৰোগ হ্ৰাস হোৱাৰ সংখ্যা মাত্ৰ ৮ শতাংশ।
স্বাস্থ্যৰ মন্ত্ৰণালয়ৰ এগৰাকী বিষয়াই এই সন্দৰ্ভত কয়, ভাৰতত যক্ষ্মা ৰোগৰ প্ৰতিৰোধৰ ক্ষেত্ৰত লাভ কৰা এই সফলতাৰ মূলতে হৈছে দেশত স্থাপন কৰা ১.৭ লাখ আয়ুষ্মান সুস্থতা মন্দিৰ আৰু স্বাস্থ্য সেৱাৰ বিকেন্দ্ৰীকৰণৰ ক্ষেত্ৰত ভাৰতৰ প্ৰচেষ্টা।
বিশ্ব স্বাস্থ্য সংস্থাৰ এই প্ৰতিবেদনতে উল্লেখ কৰা অনুসৰি ভাৰতত যক্ষ্মা ৰোগৰ মৃত্যুৰ সংখ্যা যোৱা বছৰৰ তুলনাত এই বছৰ প্ৰতি এক লাখ জনসংখ্যাৰ বিপৰীতে ২৮ জনৰ পৰা ২২ জনলৈ হ্ৰাস পাইছে। তাৰোপৰি ভাৰতত যক্ষ্মা ৰোগৰ বাবে নিৰ্ধাৰিত বাজেট ২০১৫ চনত ৬৪০ কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল যদিও ২০২২-২৩ বৰ্ষত এই সংখ্যা ৩,৪০০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে।
স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰত প্ৰকাশিত আন এক খবৰ অনুসৰি, কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ বিস্তৃত যক্ষ্মা পৰীক্ষাগাৰৰ বাবে ৮০০ এ আই-সক্ষম পোৰ্টেবল চেষ্ট এক্স-ৰে মেচিন ক্ৰয় কৰিবলৈ আগবাঢ়িছে। যি হৈছে বিশ্বৰ সৰ্ববৃহৎ আঁচনি।
যোৱা ছেপ্টেম্বৰত, কেন্দ্ৰীয় চৰকাৰে মাল্টিড্ৰাগ-প্ৰতিৰোধী যক্ষ্মা (এম ডি আৰ-টিবি)ৰ বাবে বি পি এ এল এম চিকিৎসা পদ্ধতিত অনুমোদন জনাইছিল। এয়া হৈছে ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচীৰ অধীনত এক কাৰ্যকৰী আৰু কম সময়ৰ চিকিৎসা বিকল্প। ভাৰতে ২০২৪ ৰ জানুৱাৰীৰ পৰা ছেপ্টেম্বৰলৈ ১৯.৮ লাখ যক্ষ্মা ৰোগী চিনাক্ত কৰিছে। ২০২৩ বৰ্ষৰ তুলনাত এই সময়ত অৱশ্যে ৪ শতাংশ ৰোগী বৃদ্ধি পাইছে।