ডিজিটেল ডেস্ক : কংগ্ৰেছৰ সভাপতি দলৰ নিৰ্বাচন প্ৰক্ৰিয়া চলি থকাৰ মাজতেই আজি অনুষ্ঠিত হ'ব কংগ্ৰেছৰ বিধায়নী দলৰ সভা । ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত আজি সন্ধিয়া অনুষ্ঠিত হ'ব লগীয়া এই বৈঠকত লোৱা হ'ব পাৰে ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ নাম । ৰাজস্থানৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে কংগ্ৰেছৰ সভাপতি পদৰ বাবে আগ্ৰহ প্ৰকাশ কৰাৰ বাবেই তেওঁৰ স্থান গ্ৰহণ কৰিব আন কোনো নেতাই । ৰাজ্যসভাৰ সাংসদ মল্লিকাৰ্জুন খাৰ্গে আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অজয় মাকেনকো এই বৈঠকৰ বাবে ৰাজস্থানত উপস্থিত হোৱা দেখা যায় ।
ছোনিয়া গান্ধীৰ সমৰ্থন লাভ কৰাৰ পাছত মনোনয়ন দাখিল কৰি কংগ্ৰেছৰ সভাপতি পদৰ নিৰ্বাচনত জয়ী হোৱাতো এক প্ৰকাৰ নিশ্চিত অশোক গেহলটৰ । তেনেস্থলত হাইকমাণ্ডে অতি সোনকালেই সিদ্ধান্ত ল'ব লাগিব ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীক ।
উল্লেখ্য যে, ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ আসনৰ বাবে অশোক গেহলট আৰু শচীন পাইলটৰ যুজ বহু পুৰণি । শচীন পাইলটৰ সমৰ্থনকাৰী সকলে মুখ্যমন্ত্ৰীৰ আসন আশা কৰি থকা অৱস্থাতেই এই সিদ্ধান্তৰ ঘোৰ বিৰোধী অশোক গেহলট । গেহলটে দলৰ হাইকমাণ্ড অৰ্থাৎ ছোনিয়া গান্ধীয়ে বিধায়ক সকলৰ সৈতে আলোচনা কৰি হে ঘোষণা কৰিব মুখ্যমন্ত্ৰীৰ নাম ।