পৰম্পৰাগত ঔষধ সংক্ৰান্তীয় বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰথম গোলকীয় সন্মিলন আৰম্ভ...

পৰম্পৰাগত ঔষধ সংক্ৰান্তীয় বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰথম গোলকীয় সন্মিলন আৰম্ভ...

Published on

ডিজিটেল সংবাদ ডেস্কঃ বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত ঔষধ সংক্ৰান্তীয় প্ৰথম গোলকীয় সন্মিলনখন আজি গুজৰাটৰ গান্ধীনগৰত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ড° টেড্ৰোছ অধান'ম ঘেব্ৰেয়েছাছে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেল, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী মনসুখ মাণ্ডৱিয়া, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ডাঃ মুঞ্জপাৰা মহেন্দ্ৰভাই কালুভাইৰ সৈতে শুভ উদ্বোধন কৰে। ৭৫খনতকৈও অধিক দেশৰ প্ৰতিনিধি আৰু কেইবাখনো দেশৰ স্বাস্থ্য মন্ত্ৰীয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিছে।

ভাষণ প্ৰসংগত ড° টেড্ৰোছ অধান'ম ঘেব্ৰেয়েছাছে পৰম্পৰাগত ঔষধ প্ৰণালীৰ প্ৰসাৰৰ ক্ষেত্ৰত ভাৰতৰ যুগান্তকাৰী পদক্ষেপৰ প্ৰশংসা কৰে আৰু কয়, "আমি পৰম্পৰাগত, পৰিপূৰক আৰু সংহত ঔষধ প্ৰণালীৰ জৰিয়তে বিশ্ববাসীক স্বাস্থ্যবান কৰি তুলিব পাৰোঁ।"

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক তুলসী ভাই নামেৰে বিভূষিত কৰিছিল। বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধানগৰাকীয়ে (তুলসী ভাই) উদ্বোধনী অধিৱেশনত লগতে কয়, "পৰম্পৰাগত ঔষধৰ ইতিহাস বহু পুৰণি। সম্প্ৰতি বিশ্বজুৰি ইয়াৰ প্ৰাসংগিকতা আৰু গ্ৰহণযোগ্যতা যথেষ্ট বৃদ্ধি পাইছে।"

ভাৰত চৰকাৰৰ আয়ুষ্মান ভাৰত উদ্যোগক ভূয়সী প্ৰশংসা কৰি তেওঁ দেশৰ সংহত চিকিৎসা ব্যৱস্থাৰো প্ৰশংসা কৰে। ড° টেড্ৰোছে গ্ৰাম্য অঞ্চলৰ প্ৰাথমিক স্বাস্থ্যসেৱাত আধুনিক চিকিৎসাৰ সমান্তৰালভাৱে পৰম্পৰাগত ঔষধৰ একত্ৰিকৰণৰ গুৰুত্বৰ কথাও উল্লেখ কৰে। কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাষণ প্ৰসংগত কয়, "বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত ঔষধ সংক্ৰান্তীয় প্ৰথম গোলকীয় সন্মিলনৰ ফলাফলে ভৱিষ্যতে জি-২০ সভাপতিত্বৰ ভিতৰত পৰম্পৰাগত ঔষধ প্ৰণালীৰ প্ৰসাৰৰ অৰ্থে এক সমৰ্পিত মঞ্চৰ প্ৰস্তাৱ ফলপ্ৰসূ কৰাত সহায় কৰিব।"

তেওঁ সমবেত লোকসকলক অৱগত কৰে, "আধুনিক আৰু পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ একত্ৰিকৰণৰ দৃষ্টিভংগীৰ ফলত সকলো এইমছতে আয়ুষ বিভাগ স্থাপন কৰা হৈছে। পৰম্পৰাগত চিকিৎসা প্ৰণালীৰ ব্যাপক প্ৰসাৰ কেৱল মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আয়ুষৰ কাৰ্যকাৰিতা সম্পৰ্কে এক স্পষ্ট দৃষ্টিভংগী থকাৰ বাবেই ঘটিছে আৰু ভাৰতৰ লগতে বিশ্বৰ জনসাধাৰণৰ হিতৰ বাবে আয়ুষ মন্ত্ৰালয়ৰ সৰ্বাংগীণ উত্তৰণ সাধনত তেখেতে বিশেষ অগ্ৰাধিকাৰ দিছে।"

তদুপৰি, সোণোৱালে কয়, "মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত ভাৰতে পৰম্পৰাগত ঔষধৰ লাভালাভ অন্বেষণৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ স্থানত আছে। এই নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ ফলত আয়ুষৰ জনপ্ৰিয়তা দিনে-দিনে বৃদ্ধি পাইছে। ইতিমধ্যে ভাৰতত বিশ্বৰ প্ৰথমটো বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত ঔষধৰ গোলকীয় কেন্দ্ৰ স্থাপন কৰা হৈছে।

শীঘ্ৰে ভাৰতৰ আয়ুষ বজাৰৰ বিস্তৃতি বিশ্বজুৰি ২৩.৩ বিলিয়ন ডলাৰৰ হ'ব বুলি অনুমান কৰা হৈছে। নাগৰিকসকলক সুলভ স্বাস্থ্যসেৱা প্ৰদান কৰাৰ বাবে আধুনিক আৰু পৰম্পৰাগত ঔষধৰ একত্ৰিকৰণ কেনেদৰে তৃণমূল পৰ্যায়লৈ লৈ যাব পাৰি, সেই সন্দৰ্ভত চিন্তা-চৰ্চা কৰাৰ বাবে এই সন্মিলনখন এক উৎকৃষ্ট সুযোগ। মই সকলো অংশীদাৰক এই মঞ্চখনৰ সদ্ব্যৱহাৰ কৰি পৰম্পৰাগত চিকিৎসা তথা ঔষধ পদ্ধতিৰ প্ৰসাৰৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে আহ্বান জনাইছোঁ।"

বিশ্ব স্বাস্থ্য সংস্থাৰ ছয়টা গুৰুত্বপূৰ্ণ অঞ্চলৰ পৰম্পৰাগত ঔষধ প্ৰণালীৰ প্ৰদৰ্শনীৰ সৈতে অনুষ্ঠিত হোৱা অভিজ্ঞতামূলক আয়ুষ প্ৰদৰ্শনী ক্ষেত্ৰলৈ আজি বহুতো দৰ্শনাৰ্থীৰ আগমন হয়। আজি ড° টেড্ৰোছ অধান'ম ঘেব্ৰেয়েছাছে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীদ্বয় সৰ্বানন্দ সোণোৱাল আৰু মনসুখ মাণ্ডৱিয়া তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী মুঞ্জপাৰা মহেন্দ্ৰভাইৰ উপস্থিতিত এডভাণ্টেজ হেল্থকেয়াৰ ইণ্ডিয়া সন্মিলনতো অংশগ্ৰহণ কৰে। এই উপলক্ষে উদ্ভাৱনী এডভাণ্টেজ হেল্থকেয়াৰ ইণ্ডিয়া পৰ্টেলও মুকলি কৰা হয়, যি হৈছে এখন সুস্থ-সবল বিশ্ব গঢ়াৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিৰ আৰু দায়বদ্ধতাৰ দিশত এক গুৰুত্বপূৰ্ণ সংযোজন।

পৰম্পৰাগত ঔষধ সংক্ৰান্তীয় বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰথম গোলকীয় সন্মিলন আৰম্ভ...
ৰাইজে হাতে-লোটে আটক কৰিলে ড্ৰাগছসহ সৰবৰাহকাৰীক
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in