শিৱ মন্দিৰত নামাজ পঢ়াৰ বাবে আৰক্ষীয়ে আটক কৰিলে ২ মহিলাক

শিৱ মন্দিৰত নামাজ পঢ়াৰ বাবে আৰক্ষীয়ে আটক কৰিলে ২ মহিলাক
Published on
Updated on

ডিজিটেল ডেস্কঃ মন্দিৰত নামাজ পঢ়া বাবে আৰক্ষীয়ে দেওবাৰে আটক কৰে মাতৃ-কন্যাক। আৰক্ষীয়ে জনাই যে এজন ধৰ্মগুৰুৰ লগত এগৰাকী ৩৮ বছৰীয়া মহিলা আৰু তেওঁৰ কন্যাই এটি শিৱ মন্দিৰত নামাজ পঢ়ি আছিল।

উত্তৰ প্ৰদেশৰ বৰেলীত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীয়ে কেশৰপুৰ গাঁৱৰ মুৰব্বীৰ স্বামী প্ৰেম সিঙৰ পৰা অভিযোগ পোৱাৰ পিছত আটক কৰিছিল অভিযুক্তক। শুকুৰবাৰে সংঘটিত হৈছিল এই ঘটনা।

মাতৃ-কন্যাই জনোৱা অনুসৰি ধৰ্মগুৰুৰ পৰামৰ্শ অনুসৰি মন্দিৰত নামাজ পঢ়িছিল তেওঁলোকে। আৰক্ষীয়ে আটক কৰা কেইজন- নাজিৰা (৩৮), তেওঁৰ কন্যা চাবিনা (১৯) আৰু ধৰ্মগুৰু চমন শ্বাহ মিয়ানক আটক কৰিছে।

আৰক্ষীয়ে এটা সম্প্ৰদায়ৰ ধৰ্মীয় অনুভূতিত আঘাত আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগত এজাহাৰ দাখিল কৰি তদন্ত আৰম্ভ কৰিছে।

শিৱ মন্দিৰত নামাজ পঢ়াৰ বাবে আৰক্ষীয়ে আটক কৰিলে ২ মহিলাক
অষ্টমবাৰৰ বাবে ভাৰতৰ হাতলৈ 'এছিয়া কাপ'ৰ ট্ৰফী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in