ধেমালি গুচি হ’ল অঘটন ! তিনিমহলীয়া অট্টালিকাৰ পৰা সৰি মহিলাৰ অকাল বিয়োগ

চিচি টিভিৰ কেমেৰাত বন্দী হোৱা তথা মহিলাগৰাকী সৰি পৰা দৃশ্যাৱলীয়ে এতিয়া প্ৰত্যক্ষদৰ্শীক আচম্বিত কৰি তুলিছে
ধেমালি গুচি হ’ল অঘটন ! তিনিমহলীয়া অট্টালিকাৰ পৰা সৰি মহিলাৰ অকাল বিয়োগ
Published on
Updated on

ডিজিটেল ডেস্ক : ধেমালি কৰি থাকোতে এগৰাকী মহিলাই তিনিমহলীয়া অট্টালিকাৰ পৰা সৰি অকাল মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছে। এই ঘটনা সংঘটিত হৈছে মায়ানগৰী মুম্বাইৰ পৰা ৩০ কিলোমিটাৰ নিলগৰ ডম্বিৱালীৰ গ্লোৱ ষ্টেট নামৰ এটা অট্টালিকাত।

জানিব পৰা মতে বন্ধু-বান্ধৱৰ সৈতে ধেমালি কৰি থাকোতে এগৰাকী মহিলাই ডম্বিৱালীৰ গ্লোৱ ষ্টেট নামৰ অট্টালিকাটোৰ তৃতীয় মহলাৰ পৰা অতৰ্কিতে সৰি পৰে। চিচি টিভিৰ কেমেৰাত বন্দী হোৱা তথা মহিলাগৰাকী সৰি পৰা দৃশ্যাৱলীয়ে এতিয়া প্ৰত্যক্ষদৰ্শীক আচম্বিত কৰি তুলিছে।

উক্ত অট্টালিকাটোৰ পৰা মহিলাগৰাকী সৰি পৰাৰ লগে লগে কিছু সময় ছটফটাই থাকি অৱশেষত অকাল মৃত্যুক আঁকোৱালি লোৱা বুলি স্থানীয় লোকে জানিবলৈ দিয়ে। ইফালে ঘটনাৰ পাছতে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে।

স্থানীয় মানপদ আৰক্ষী আহি দুৰ্ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়। ইয়াৰ পাছতে ঘটনাটো দুৰ্ঘটনা বুলি আৰক্ষীয়ে পঞ্জীয়ন কৰে। তাৰোপৰি আৰক্ষীয়ে অট্টালিকাটোৰ চাৰিওফালৰ পৰিৱেশ পৰিদৰ্শন কৰে।

ধেমালি গুচি হ’ল অঘটন ! তিনিমহলীয়া অট্টালিকাৰ পৰা সৰি মহিলাৰ অকাল বিয়োগ
দলত স্থান পালেও ব’ৰ্ডৰ বাৰ্ষিক চুক্তিত স্থান পাবলৈ কি কৰিব লাগিব ৰিয়ান পৰাগহঁতৰ দৰে নৱাগতই, পঢ়ক সবিশেষ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in