ডিজিটেল ডেস্ক : দেশৰ ৰাজধানী দিল্লীত পুনৰ হত্যাকাণ্ড। দেওবাৰে পুৱতি নিশা সংঘটিত হয় হত্যাকাণ্ড। দিল্লীৰ আৰ কে পুৰম অঞ্চলত সংঘটিত হত্যাকাণ্ডৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল।
দুই অচিনাক্ত ব্যক্তিয়ে দুগৰাকী মহিলাক গুলিয়াই হত্যা কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে নিহত মহিলা দুগৰাকীৰ নাম জ্যোতি আৰু পিংকি। এগৰাকীৰ বয়স ২৯ আনগৰাকীৰ ৩০ বছৰ।
ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে তদন্ত অৱ্যাহত ৰাখিছে। উল্লেখ্য যে, উক্ত হত্যাকাণ্ডৰ পিছতেই ঘটনা সন্দৰ্ভত এগৰাকী ব্যক্তিয়ে পুৱতি নিশা প্ৰায় ৪-৪০ বজাত স্থানীয় আৰক্ষীক ফোনযোগে অৱগত কৰিছিল।
লোকজনৰ খবৰ ভিত্তিতেই ঘটনাস্থলীত আৰক্ষীৰলোক আহি উপস্থিত হয় আৰু প্ৰাথমিক তদন্ত আৰম্ভ কৰে। অৱশ্যে বৰ্তমানলৈ হত্যাকাণ্ড সংঘটিত কৰা ব্যক্তিক চিনাক্ত কৰিব পৰা হোৱা নাই।
আনহাতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টুইটযোগে নিহত মহিলা দুগৰাকীৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে।
Also Read: উচমান খাৱাজাৰ শতক : দ্বিতীয় দিনা অষ্ট্ৰেলিয়াৰ ৩১১ ৰান