অহা ১২ বছৰত ভাৰতৰ জনসংখ্যা হ'বগৈ ১৫২.২ কোটিঃ বৃদ্ধি পাব মহিলাৰ সংখ্যা...

পৰিসংখ্যা আৰু কৰ্মসূচী ৰূপায়ণ মন্ত্ৰণালয়ৰ প্ৰতিবেদনত প্ৰকাশ...
অহা ১২ বছৰত ভাৰতৰ জনসংখ্যা হ'বগৈ ১৫২.২ কোটিঃ বৃদ্ধি পাব মহিলাৰ সংখ্যা...
অহা ১২ বছৰত ভাৰতৰ জনসংখ্যা হ'বগৈ ১৫২.২ কোটিঃ বৃদ্ধি পাব মহিলাৰ সংখ্যা...
Published on
Updated on

ডিজিটেল ডেস্কঃ চীনক অতিক্ৰম কৰি বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশলৈ ৰূপান্তৰ হোৱা ভাৰতৰ জনসংখ্যা শীঘ্ৰেই আৰু অধিক বৃদ্ধি পাব। অহা ১২ বছৰৰ ভিতৰত ভাৰতৰ মুঠ জনসংখ্যা হ’বগৈ ১৫২.২ কোটি।

তাৰোপৰি অহা ১২ বছৰত ভাৰতত মহিলাৰ সংখ্যাও বৃদ্ধি পাব। সোমবাৰে পৰিসংখ্যা আৰু কৰ্মসূচী ৰূপায়ণ মন্ত্ৰণালয়ে এই তথ্য প্ৰকাশ কৰিছে।

মন্ত্ৰণালয়ে প্ৰকাশ কৰা এক প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি আগন্তুক ১২ বছৰত ভাৰতত মহিলাৰ সংখ্যা সামান্য হ’লেও বৃদ্ধি পাব। ''অ’মেন এণ্ড মেন ইন ইণ্ডিয়া ২০২৩'' শীৰ্ষক প্ৰতিবেদনত উল্লেখে কৰা অনুসৰি ২০১১ চনত ভাৰতত পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা আছিল ৪৮.৫ শতাংশ। এইবাৰ সেই সংখ্যা বৃদ্ধি বৈ ৪৮.৮ শতাংশত উপনীত হৈছে।

প্ৰতিবেদনখনত উল্লেখ কৰা মতে ২০১১ চনত ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা আছিল ৯৪৩ গৰাকী। ২০২৬ চনত সেই সংখ্যা বৃদ্ধি হৈ ১০০০ পুৰুষৰ বিপৰীতে ৯৫২ গৰাকী মহিলা হব।

সেইদৰেই প্ৰতিবেদনখনৰ মতে ২০৩৬ চনত ১৫ বছৰৰ তলৰ কিশোৰ-কিশোৰী, শিশুৰ মাজৰ লীংগ ভিত্তিক এই প্ৰাৰ্থক্য অধিক হ্ৰাস পাব। অৱশ্যে বৃদ্ধি পাব ৬০ বছৰৰ উৰ্ধ্বৰ পুৰুষ-মহিলাৰ ব্যৱধান।

প্ৰকাশিত প্ৰতিবেদনখনৰ মতে ২০১৬ চনত ২০ ৰ পৰা ২৪ বছৰৰ মহিলাৰ প্ৰজননৰ হাৰ আছিল ১৩৫.৪। ২০২০ চনত সেই হ্ৰাস পাইছে ১১৩.৬ লৈ। ২০১৬ চনত ২৫ ৰ পৰা ২৯ বছৰ মহিলাৰ প্ৰজননৰ হাৰ আছিল ১৬৬.০। ২০২০ চনত সেই হাৰ হ্ৰাস পাইছে ১৩৯৯.৬ লৈ।

অহা ১২ বছৰত ভাৰতৰ জনসংখ্যা হ'বগৈ ১৫২.২ কোটিঃ বৃদ্ধি পাব মহিলাৰ সংখ্যা...
হিন্দুৰ ওপৰত চলি থকা আক্ৰমণৰ মাজতে ঢাকেশ্বৰী মন্দিৰত উপস্থিত মহম্মদ ইউনুছ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in