মহিলা সংৰক্ষণ বিধেয়কত অনুমোদন মোডী চৰকাৰৰঃ 'ইণ্ডিয়া'ৰ হ'ব পাৰে মনোমালিন্য

মোডী কেবিনেটে অনুমোদন জনাইছে মহিলা সংৰক্ষণ বিধেয়কত । এতিয়া এই বিধেয়কখন লোকসভা আৰু ৰাজ্যসভাত উত্থাপন কৰা হ'ব।

author-image
Asomiya Pratidin
New Update
মহিলা সংৰক্ষণ বিধেয়কত অনুমোদন মোডী চৰকাৰৰঃ 'ইণ্ডিয়া'ৰ হ'ব পাৰে মনোমালিন্য

ডিজিটেল ডেস্কঃ মোডী কেবিনেটে অনুমোদন জনাইছে মহিলা সংৰক্ষণ বিধেয়কত । এতিয়া এই বিধেয়কখন লোকসভা আৰু ৰাজ্যসভাত উত্থাপন কৰা হ'ব। বিৰোধী মৰ্চা ইণ্ডিয়াৰ মাজত এই বিধেয়কে কিছু জটিলতা আনিব পাৰে।

সোমবাৰে আৰম্ভ হোৱা সংসদৰ বিশেষ অধিৱেশনত মহিলা সংৰক্ষণ বিধেয়ক উত্থাপন কৰা হ'ব। বিজেপিয়ে লোকসভাৰ মহিলা সাংসদক বিধেয়কখনৰ ওপৰত বিবেচনা আৰু ভোটদানৰ উপস্থিত থাকিবলৈ আহ্বান জনায়।

এইচডি দেৱগৌড়া নেতৃত্বাধীন চৰকাৰে ২৭ বছৰ পূৰ্বে উত্থাপন কৰা মহিলা সংৰক্ষণ বিধেয়কখন এইবাৰ পঞ্চমবাৰৰ বাবে সংসদত উত্থাপন কৰা হ'ব।

মহিলা সংৰক্ষণ বিধেয়ক ১৯৯৬ চনৰ ১২ ছেপ্টেম্বৰত সংসদত উত্থাপন কৰা হৈছিল। কিন্তু গৃহীত হোৱা নাছিল এই বিধেয়কখন। এই বিধেয়কখন ৮১ তম সংবিধান সংশোধনী বিধেয়ক হিচাপে উত্থাপন কৰা হৈছিল।

বিধেয়কখনত সংসদ আৰু ৰাজ্যৰ বিধানসভাত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ কৰাৰ কথা উল্লেখ আছে। এই ৩৩ শতাংশৰ ভিতৰত অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ বাবে উপ-সংৰক্ষণৰ ব্যৱস্থা আছে। কিন্তু অন্য পিছপৰা লোকসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা নাছিল।

এই বিধেয়কখনক লৈ বিৰোধী মৰ্চা 'ইণ্ডিয়া'ৰ মাজত বিভেদ হোৱাৰ সম্ভাৱণা আছে। কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে ২০১৭ চনত প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ লিখি চৰকাৰক এই বিধেয়ক সন্দৰ্ভত সমৰ্থন কৰাৰ আশ্বাস দিছিল।

কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছত ৰাহুল গান্ধীয়ে ২০১৮ চনত প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ লিখিছিল। সেই চিঠিতেই উল্লেখ কৰিছিল মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত চৰকাৰক তেওঁৰ দলে সমৰ্থন কৰিব।

কংগ্ৰেছৰ উপৰিও বাঁওপন্থী দলসমূহে এই বিধেয়কৰ সমৰ্থন কৰাৰ উপৰি লালু প্ৰসাদ যাদৱৰ আৰ জে ডি আৰু অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টীৰ দৰে দলসমূহে ইয়াৰ বিৰোধিতা কৰে।

এনছপি নেতা শৰদ যাদৱে মহিলা সংৰক্ষণ বিধেয়কৰ বিৰোধিতা কৰি কৈছিল যে এই বিধেয়কৰ পৰা কেৱল কিছু মহিলাহে লাভান্বিত হ'ব। এনে মহিলাসকলে আমাক কেনেকৈ প্ৰতিনিধিত্ব কৰিব?

গতিকে ইণ্ডিয়াৰ ভিতৰত থকা একাংশ দলে এই বিধেয়কৰ সমৰ্থন কৰাৰ উপৰি আন সকলে বিৰোধিতা কৰিব। পৰৱৰ্তী সময়ত দেখা যাব মোডী চৰকাৰৰ নতুন কৌশলে বিৰোধীৰ মাজত ফাঁট মেলাব পাৰে নে নাই।

Also Read: মৰিগাঁৱত চাঞ্চল্যঃ সন্তানৰ সন্মুখতে মাতৃক ধৰ্ষণ কৰি হত্য!

narendra modi women reservation bill