৪৫৪ গৰাকী সাংসদৰ সমৰ্থনত লোকসভাত গৃহীত 'মহিলা সংৰক্ষণ বিধেয়ক'

৪৫৪ গৰাকী সাংসদৰ সমৰ্থনত লোকসভাত গৃহীত 'মহিলা সংৰক্ষণ বিধেয়ক'
Published on
Updated on

ডিজিটেল ডেস্কঃ লোকসভাত গৃহীত মহিলা সংৰক্ষণ বিধেয়ক। প্রায় ৮ ঘণ্টাজোৰা বিতৰ্কৰ অন্তত বুধবাৰে লোকসভাত গৃহীত হয় বিধেয়কখন।

৬০ গৰাকী সাংসদে অংশ গ্ৰহণ কৰে মহিলা সংৰক্ষণ বিধেয়কৰ বিতৰ্কত। বিধেয়কখনে সমৰ্থনত ৪৫৪টা ভোট দিয়ে আৰু বিপক্ষে মাত্র ২টা ভোট লাভ কৰে। বিধেয়কখন গৃহীত হোৱাৰ বাবে প্রয়োজন আছিল ৩০৪টা ভোট।

মহিলা সংৰক্ষণ সম্পৰ্কীয় 'নাৰী শক্তি বন্দনা বিধেয়ক' মঙলবাৰে লোকসভাত কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে উত্থাপন কৰিছিল।

ইয়াৰ পাছতে এই বিধেয়কখন ৰাজ্যসভাত গৃহীত হ'ব লাগিব। বিধেয়কখন অনুসৰি, লোকসভা আৰু বিধানসভাৰ লগতে দিল্লী আৰু পুডুচেৰী বিধানসভাৰ মহিলাসকলক ৩৩ শতাংশ সংৰক্ষণ দিয়া হ'ব। অনুসূচীত জাতি-জনজাতি শ্ৰেণীৰ সংৰক্ষণত মহিলাসকলৰ ৩৩ শতাংশ অংশ থাকিব।

বিধেয়কখন সোমবাৰে কেবিনেটৰ দ্বাৰা অনুমোদিত হৈছিল। ইয়াৰ পূৰ্বে ২০০৮ চনত, ৰাজ্যসভাত মহিলা সংৰক্ষণ বিধেয়ক উত্থাপন কৰা হৈছিল। কিন্তু লোকসভাত গৃহীত হোৱা নাছিল।

এইচডি দেৱগৌড়া নেতৃত্বাধীন চৰকাৰে ২৭ বছৰ পূৰ্বে উত্থাপন কৰা মহিলা সংৰক্ষণ বিধেয়কখন এইবাৰ পঞ্চমবাৰৰ বাবে সংসদত উত্থাপন কৰা হৈছিল।

মহিলা সংৰক্ষণ বিধেয়ক ১৯৯৬ চনৰ ১২ ছেপ্টেম্বৰত সংসদত উত্থাপন কৰা হৈছিল। কিন্তু গৃহীত হোৱা নাছিল এই বিধেয়কখন। এই বিধেয়কখন ৮১ তম সংবিধান সংশোধনী বিধেয়ক হিচাপে উত্থাপন কৰা হৈছিল।

৪৫৪ গৰাকী সাংসদৰ সমৰ্থনত লোকসভাত গৃহীত 'মহিলা সংৰক্ষণ বিধেয়ক'
মই নাথাকিলে সাঁজৰ তৰাই মোৰেই কথাকে ক'ব...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in