বিনা বাধাই ৰাজ্যসভাত গৃহীত হ'ল মহিলা সংৰক্ষণ বিধেয়ক...

বিনা বাধাই ৰাজ্যসভাত গৃহীত হ'ল মহিলা সংৰক্ষণ বিধেয়ক...
বিনা বাধাই ৰাজ্যসভাত গৃহীত হ'ল মহিলা সংৰক্ষণ বিধেয়ক...
Published on
Updated on

ডিজিটেল ডেস্কঃ ঐতিহাসিক মহিলা সংৰক্ষণ বিল গৃহীত হ'ল ৰাজ্যসভাত। উচ্চ সদনত বিনা বাধাই এই বিলখন গৃহীত হোৱাত এতিয়া ই আইনলৈ ৰূপান্তৰ হোৱাত আৰু এঢাপ আগুৱাই গ'ল। উল্লেখ্য যে, লোকসভাত গৃহীত হোৱা মহিলা সংৰক্ষণ বিল-২০২৩ বৃহস্পতিবাৰে ৰাজ্যসভাত উত্থাপন কৰা হৈছিল।

বিলখনক লৈ আলোচনাৰ অন্তত বিলৰ সপক্ষে মুঠ ২১৫ টা ভোট পৰাৰ বিপৰীতে বিপক্ষে এটাও ভোট নপৰিল। এইদৰে বিনা বাধাই বিলখন গৃহীত হোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিৰোধী সাংসদসকলক ধন্যবাদ জনাইছে। এতিয়া এই বিলখন ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ বাবে প্ৰেৰণ কৰা হ’ব। ৰাষ্ট্ৰপতিয়ে বিলখনত স্বাক্ষৰ কৰিলেই ই আইনত পৰিণত হ’ব।

উল্লেখ্য যে, ৰাজ্যসভাত বিলখনক লৈ হোৱা আলোচনাত সাংসদসকলে মুঠ ৯ টা সংশোধনীৰ বিষেয় প্ৰস্তাৱ আগবঢ়ায়। উল্লেখ্য যে, ইয়াৰ পূৰ্বে লোকসভাত এই বিলখন দুই-তৃতীয়াংশ বহুমতত গৃহীত হৈছিল।

ৰাজ্যসভাত অটোমেটেড মাল্টিমিডিয়া ডিভাইছৰ জৰিয়তে সাংসদসকলে ভোটদান কৰে যদিও একাংশ সদস্যৰ ভোট ৰেকৰ্ড নোহোৱাত তেওঁলোকে পেপাৰৰ জৰিয়তে ভোটদান কৰে। মহিলা সংৰক্ষণ বিধেয়ক অনুসৰি লোকসভা আৰু ৰাজ্যসমূহৰ বিধানসভাত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব।

লোকসভাৰ মুঠ ৫৪৩ খন আসনৰ ভিতৰত ১৮১ খন আসন মহিলাৰ বাবে সংৰক্ষণ কৰা হ'ব। এই সংৰক্ষণ ১৫ বছৰ পৰ্যন্ত বাহাল থাকিব। ইয়াৰ পাছত সংসদে বিচাৰিলে ইয়াৰ সময়সীমা বৃদ্ধি কৰিব পাৰিব। অৱশ্যে এই আইন ৰাজ্যসভা আৰু বিধানপৰিষদত কাৰ্যকৰী নহ'ব।

বিনা বাধাই ৰাজ্যসভাত গৃহীত হ'ল মহিলা সংৰক্ষণ বিধেয়ক...
গছপুলি ৰোপণৰ অভিলেখৰ সময়তে তৈলকূপ স্থাপনৰ নামত অবাধ বন ধ্বংস...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in