ডিজিটেল ডেস্কঃ মজুৰি নাপাই খোজকাঢ়ি ঘৰলৈ আহিল শ্ৰমিক। উৰিষ্যাৰ তিনিজন শ্ৰমিকে বাংগালুৰুৰ পৰা উৰিষ্যাৰ কোৰাপুটলৈ আৰু পাছত কালাহাণ্ডত থকা নিজ বাসগৃহলৈ খোজকাঢ়ি উপস্থিত হয়।
৭ দিনত তেওঁলোকে ১০০০ কিলোমিটাৰ খোজ কাঢ়ি ঘৰত উপস্থিত হয়। দেওবাৰে ঘৰত উপস্থিত হোৱাৰ সময়ত তেওঁলোকৰ হাতত কেৱল পানীৰ বটল আছিল। তেওঁলোকৰ এই যাত্ৰাৰ অন্তৰালত আছে সংগ্ৰাম, কষ্ট আৰু শোষণ আৰু অজ্ঞাত লোকৰ পৰা পোৱা সহায়ৰ কাহিনী।
কালাহাণ্ডি জিলাৰ টিংগালকান গাঁৱৰ বুদু মাঁঝি, কাতাৰ মাঁঝি আৰু ভিখাৰী মাঁঝিয়ে বাংগালুৰত কৰ্মৰকত অৱস্থাত আছিল। কিন্তু তেওঁলোকক মালিকে মজুৰি নিদিয়াত খোজকাঢ়ি আহিবলৈ বাধ্য হয়। ২৬ মাৰ্চত তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছিল আৰু ৭ দিন পাছত ঘৰ পাইছিল।
শ্ৰমিক কেইজনৰ কষ্ট দেখি বহু লোকে তেওঁলোকক সহায়ো কৰিছিল। তেওঁলোকে কামৰ বাবে বাংগালুৰলৈ গৈছিল আৰু মজুৰি বিচৰাত তেওঁলোকক মাৰপিট কৰা হৈছিল। এই ঘটনা সন্দৰ্ভত বিভিন্ন জনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
Also Read: চৰকাৰৰ ধনত নহয়, ৰঙালী আছে অসমীয়াৰ প্ৰাণত...