ডিজিটেল ডেস্কঃ দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদ সাৱ্যস্ত কৰি আছে দেশৰ একাংশ খেলুৱৈ। অলিম্পিক পদক লাভ কৰি দেশলৈ সুনাম কঢ়িয়াই অনা খেলুৱৈ সকলে আজি ন্যায়ৰ বাবে হাহাকাৰ কৰিছে। গণতান্ত্ৰিক দেশ এখনত খেলুৱৈ সকলৰে যদি এই অৱস্থা হয় তেন্তে সাধাৰণ জনতাই ন্যায় ক'ৰ পৰা আশা কৰিব।
ভাৰতীয় মল্লযুদ্ধ সংস্থাৰ সভাপতি তথা বিজেপি সাংসদ ব্ৰীজভূষণ সিঙৰ বিৰুদ্ধে যৌন উৎপীড়নৰ অভিযোগ তুলি দেশৰ বহু কেইগৰাকী শীৰ্ষ মল্লযোদ্ধাই প্ৰতিবাদত বহিছিল| কিন্তু আজি পৰ্যন্ত ব্ৰীজভূৃষণৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল যাৰ বাবে প্ৰতিবাদ শাম কটাৰ নাম লোৱা নাই।
নেৰানেপেৰা বৰষুণকো নেওচি এই খেলুৱৈ সকলে প্ৰতিবাদ কৰি গৈছে। কেৱল মৌন আছে কেন্দ্ৰীয় চৰকাৰ। এই প্ৰতিবাদত অংশ লৈছে বজৰং পুনিয়া,বিনিছ ফোগটকে আদি কৰি দেশৰ আগশাৰীৰ খেলুৱৈ সকলে।
এই সকল খেলুৱৈ দেশৰ গৌৰৱ। অলিম্পিকত খেলুৱৈ সকলে অংশ লৈ অহাৰ পাছত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে একেলগে আহাৰ গ্ৰহণ কৰি তেওঁলোকক অনুপ্ৰেৰণা যোগাইছিল। যাৰ ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। সেই খেলুৱৈ সকলৰ মাজত আছিল বজৰং পুনিয়াৰ দৰে অলিম্পিক পদকধাৰীও।
কিন্তু দেশৰ গৌৰৱ, খেলুৱৈ সকল আজি ৰাজপথত। মৌন কেন্দ্ৰ চৰকাৰ, মৌন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ইয়াৰ মাজতে বজৰং পুনিয়াই অনুৰোধ জনাইছে ৰাজইক- "আমি আমাৰ দেশৰ গৌৰৱৰ বাবে যুঁজ দিছিলো। আজি আমি আপোনাৰ চেম্পিয়নসকলৰ সুৰক্ষা আৰু মৰ্যাদাৰ বাবে যুঁজি আছো। অনুগ্ৰহ কৰি আমাৰ সৈতে যোগ দিয়ক!"
আজি এনে অৱস্থা আহি পৰিছে যে সুৰক্ষিত নহয় কোনোৱে। ক্ষমতাৰ বলত অন্ধ হোৱা একাংশ নেতাই নিজৰ ইচ্ছাত সকলোকে ব্যৱহাৰ কৰি গৈছে। অৱশ্যে এই খেলুৱৈ সকলক সমৰ্থন কৰিবলৈ ওলাই আহিছে লোক।
পঞ্জাৱৰ সৰ্ববৃহৎ কৃষক সংঘ, ভাৰতীয় কিষাণ ইউনিয়নে মল্লযোদ্ধাসকলৰ সমৰ্থনত ওলাই আহিছে। ৭ মে'ত অধ্যক্ষ যোগিন্দৰ সিং উগ্ৰহনৰ নেতৃত্বত পঞ্জাৱৰ হাজাৰ হাজাৰ মহিলা খেলুৱৈসকলক সমৰ্থন কৰিবলৈ যন্তৰ মন্তৰত উপস্থিত হ'ব। ইয়াৰ উপৰিও, ১১, ১২ আৰু ১৩ তাৰিখে পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰাখণ্ডত মহিলাসকলে তীব্ৰ প্ৰতিবাদ কৰিব।
উল্লেখ্য যে, দিল্লী কেন্দ্ৰীয় শাসিত অঞ্চল হোৱাৰ বাবেই দিল্লী আৰক্ষীৰ ওপৰত কোনো ধৰণৰ কৰ্তৃত্ব নাই ৰাজ্য চৰকাৰৰ | কেন্দ্ৰীয় চৰকাৰ নিৰ্দেশত হে পদক্ষেপ গ্ৰহণ কৰে দিল্লী আৰক্ষীয়ে | গতিকে পৰৱৰ্তী সময়ত চৰকাৰে কি পদক্ষেপ লয় সেয়া হব লক্ষণীয়।