হাজাৰ হাজাৰ লোকৰ সমাগমঃ মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে শ্ৰদ্ধাঞ্জলি উৰণ সেতু

হাজাৰ হাজাৰ লোকৰ সমাগমঃ মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে শ্ৰদ্ধাঞ্জলি উৰণ সেতু
Published on
Updated on

ডিজিটেল ডেস্কঃ অপেক্ষাৰ অন্ত। অৱশেষত বৃহস্পতিবাৰে ৰাইজৰ বাবে মুকলি হল জু-ৰোডৰ শ্ৰদ্ধাঞ্জলি উৰণ সেতু। মহানগৰবাসীলৈ দুৰ্গা পূজাৰ উপহাৰ অসম চৰকাৰৰ।

আজি সন্ধিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰে জু-ৰোডৰ উৰণ সেতু। ২০২২ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হৈছিল এই উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্য।

অনিল দাসে লাভ কৰিছিল এই উৰণ সেতুখনৰ ঠিকা। ১৯ টা মাহতে সম্পূৰ্ণ হৈ উঠিছে ২.৩ কিঃমিঃ ৰ এই উৰণ সেতুখন। ২.৩ কিঃ মিঃ দৈৰ্ঘৰ এই উৰণ সেতুখনৰ নিৰ্মাণত খৰচ হৈছে প্ৰায় ২৫০ কোটি টকা।

আজিৰ এই অনুষ্ঠানত হাজাৰ হাজাৰ মানুহৰ সমাগম হয়।সকলোৱে উৰণ সেতুখনক লৈ সন্তুষ্টি ব্যক্ত কৰে।

উৰণ সেতু মুকলি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ইয়াৰ ফলত গুৱাহাটীত যান-জঁটৰ সমস্যা হ্রাস হ’ব বুলি আশাবাদী । তেওঁ কয় যে, পথৰ যান-জঁট কমাবৰ বাবে আমি উৰণ সেতুখনৰ দৈৰ্ঘ্য বৃদ্ধি কৰিছিলো। যোৱা ২০ বছৰত গুৱাহাটীত ১ লাখ ঘৰ নিৰ্মাণ হৈছে, যি নিৰ্মাণ অপৰিকল্পিত। এখন অপৰিকল্পিত মহানগৰীক পৰিকল্পিত কৰাৰ চেষ্টা কৰিছোঁ।

কম সময়ৰ ভিতৰত সেতুৰ কাম সম্পূৰ্ণ কৰাৰ বাবে বিভাগীয় বিষয়া–কৰ্মচাৰীক ধন্যবাদ মুখ্যমন্ত্ৰীগৰাকীৰ। উৰণ সেতু নিৰ্মাণক লৈ সমালোচনা কৰা সকলক মুখ্যমন্ত্রীৰ কটাক্ষ। সমালোচনা কৰাতকৈ বিকল্প পৰামৰ্শ দিব লাগে বুলি কয় শৰ্মাই।

শৰ্মাই কয়, ভৰলুমুখৰ যান-জঁট হ্রাস কৰিবলৈ পৰিকল্পনা কৰা হৈছে। ফেব্রুৱাৰী–মাৰ্চৰ ভিতৰত ভূতনাথ আৰু মাছখোৱাত এটা ৰটাৰী পইণ্ট নিৰ্মাণ কৰা হ’ব।

হাজাৰ হাজাৰ লোকৰ সমাগমঃ মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে শ্ৰদ্ধাঞ্জলি উৰণ সেতু
কাইলৈ পৰ্যটকৰ বাবে মুকলি হ'ব পবিতৰা অভয়াৰণ্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in