বোকাখাতৰ শংকৰ সংঘৰ অধিৱেশনস্থলীলৈ শাসকীয় দলৰ মন্ত্ৰী-বিধায়কক আহিবলৈ নিদিয়ে এজেৱাইচিপিয়ে

বোকাখাতৰ শংকৰ সংঘৰ অধিৱেশনস্থলীলৈ শাসকীয় দলৰ মন্ত্ৰী-বিধায়কক আহিবলৈ নিদিয়ে এজেৱাইচিপিয়ে

ডিজিটেল ডেস্কঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বোকাখাত অধিৱেশনলৈ আহিবলৈ নিদিয়ে কোনো শাসক পক্ষৰ লোকক। শাসকপক্ষৰ লোকসকলক এই অধিৱেশনস্থলীৰ পৰা আতৰত ৰাখিবলৈ আহ্বান জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। নাগৰিকত্ব সংশোধনী আইনক লৈ শাসক পক্ষৰ বিৰুদ্ধে ব্যাপক আন্দোলনৰ কাৰ্যসূচী চলি থকাৰ সময়তে এই আহ্বান অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। ইয়াৰ লগতে শাসকীয় দলৰ সহযোগিতা বৰ্জন কৰিবলৈও সংগঠনটোৱে আহ্বান জনাইছে আদৰণি কমিটিক।

এক নিৰ্ভৰযোগ্য সূত্ৰৰ মতে, শংকৰদেৱ সংঘৰ কাৰ্যকৰ্তাসকলে এই সন্দৰ্ভত এতিয়া লৈকে কোনো কথা সদৰি কৰা নাই। অৱশ্যে বোকাখাতৰ শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশনলৈ মুখ্যমন্ত্ৰীকে ধৰি কেবাগৰাকী মন্ত্ৰীক মতাৰ সম্ভাৱনা আছে। আন কি এই অনুষ্ঠানলৈ উপ-ৰাষ্ট্ৰপতিক নিমন্ত্ৰণ জনোৱাৰো সিদ্ধান্ত হৈছিল।

লক্ষণীয়ভাৱে ৫, ৬, ৭, ৮ ফেব্ৰুৱাৰী, ২০২০ত অনুষ্ঠিত হ'ব লগা শংকৰদেৱ সংঘৰ অধিৱেশনত কোন কোন অতিথি উপস্থিত থাকিব সেই সন্দৰ্ভত গোপনে ৰাখিছে খবৰ। শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জনোৱা এই আহ্বান সংঘই কেনেদৰে গ্ৰহণ কৰিব বুলি অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ পৰা সোধাত সেই সন্দৰ্ভত তেওঁ একো জ্ঞাত নহয় বুলি জনালে। কোন কোন অতিথি উপস্থিত থাকিব সেই সন্দৰ্ভতো তেওঁ কোনো মন্তব্য নকৰিলে। লক্ষণীয় যে, সংঘৰ এই অধিৱেশনৰ কাৰ্যসূচীও প্ৰস্তুত কৰা হৈছে যদিও অতি গোপনে ৰখা হৈছে।

ইফালে শংকৰদেৱ সংঘৰ অধিৱেশনত শাসকীয় পক্ষৰ মন্ত্ৰী-বিধায়কক নিমন্ত্ৰণ নজনাবলৈ এজেৱাইচিপিয়ে জনোৱা আহ্বান জনোৱা সন্দৰ্ভত সংগঠনটোৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে জানিবলৈ দিয়ে যে, এইয়া স্থানীয় কমিটিয়ে লোৱা সিদ্ধান্ত। আমি শংকৰদেৱ সংঘক সেই আহ্বান জনাইছো। মন কৰিবলগা যে, এই শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক আদৰণি সমিটিৰ কাৰ্যকৰী সভাপতিৰূপে আছে মন্ত্ৰী অতুল বৰা। তেনে স্থলত এজেৱাইচিপিৰ এই আহ্বান আৰু সংঘৰ অধিৱেশনত মুখ্যমন্ত্ৰীকে ধৰি আনসকলৰ উপস্থিতিক লৈ এক যে প্ৰতিবাদমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব সেই ইংগিত ইতিমধ্যে এজেৱাইচিপিৰ স্থানীয় কৰ্মকৰ্তাসকলে দিছে।

ইয়াৰ পূৰ্বেও শংকৰদেৱ সংঘৰ মৰিগাঁও অধিৱেশন লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰী মোডীক নিমন্ত্ৰণ জনোৱা হৈছিল যদিও কেবৰ বিৰুদ্ধে তেতিয়া হৈ থকা প্ৰতিবাদৰ বাবে প্ৰধানমন্ত্ৰী মোডী গুৱাহাটীলৈ আহিলেও মৰিগাঁৱৰ সংঘৰ অধিৱেশনলৈ যোৱা নাছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in