নুনমাটিৰ অসম জাতীয় বিদ্যালয়ত সপ্তবিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন…

নুনমাটিৰ অসম জাতীয় বিদ্যালয়ত সপ্তবিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন…

ডিজিটেল সংবাদ, গুৱাহাটীঃ নুনমাটিৰ অসম জাতীয় বিদ্যালয়ত বুধবাৰে বিদ্যালয়ৰ সপ্তবিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। বছৰৰ পহিলা দিনটোত পুৱা ৯ বজাৰ লগে লগে অধ্যক্ষ ঘণশ্যাম মেধিয়ে বিদ্যালয়ৰ পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। পতাকা উত্তোলনৰ লগে লগে সমবেত শিক্ষক-শিক্ষয়িত্ৰী তথা অভিভাৱক, শিক্ষাৰ্থী সকলোৱে অসম সংগীত পৰিৱেশন কৰে।

ইয়াৰ পিছতে অধ্যক্ষই আদৰণি ভাষণ প্ৰদান কৰি অসমৰ বিশিষ্ট নাট্যবিদ ৰত্ন ওজাৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি অনুষ্ঠানত উপস্থিত থকা সকলে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে। এই অনুষ্ঠানতে বিদ্যালয়ৰ নৱাগত শিক্ষাৰ্থীসকলক একোপাহি ফুলেৰে বিদ্যালয়লৈ আনুষ্ঠানিকভাৱে আদৰণি জনায়।

লগতে আজিৰ দিনটোত জন্ম হোৱা বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক জন্মদিনৰ শুভেচ্ছা পত্ৰ প্ৰদান কৰে বিদ্যালয়ৰ শৈক্ষিক বিষয়া নৰেন্দ্ৰ মোহন গোস্বামীয়ে। গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠাটিত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসমৰ বলিষ্ঠ অভিনেতা, পৰিচালক, গল্পকাৰ তপন দাস। বিশিষ্ট অভিনেতাগৰাকীয়ে ভাষণৰ প্ৰসংগত অসমীয়া ভাষা-সংস্কৃতিৰ এই সংকটৰ সময়ত গুৰু দায়িত্ব পালনৰ বাবে অসম জাতীয় বিদ্যালয়ক অনুৰোধ জনায়।

অনুষ্ঠানত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সচিব ডা০ নাৰায়ণ শৰ্মাই শুভেচ্ছামূলক ভাষণ প্ৰদান কৰি জাতীয় দায়বদ্ধতাসম্পন্ন এটা প্ৰজন্মইহে অসমৰ ভাষা-সংস্কৃতিৰ লগতে জাতিটোক জীয়াই ৰাখিব বুলি মন্তব্য কৰে। উল্লেখ্য যে, এই অনুষ্ঠানতে বিদ্যালয়ত নতুনকৈ যোগদান কৰা শিক্ষক-শিক্ষয়িত্ৰীসকলক আনুষ্ঠানিকভাৱে চিনাকি কৰাই দিয়া হয়। বিদ্যালয়ৰ ৰেক্টৰ ৰঞ্জিত নাৰায়ণ ডেকাইয়ো অনুষ্ঠানটিত শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে।

বিদ্যালয়ৰ একাংশ শিক্ষাৰ্থী, অভিভাৱকে কেইবাটাও গীত পৰিৱেশণ কৰাৰ পাছত অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়ায় বিদ্যালয়ৰ উপাধ্যক্ষ ৰবীন্দ্ৰ বৰ্মনে। এই সমগ্ৰ অনুষ্ঠানটোৰ পৰিচালনা কৰে বিদ্যালয়ৰ উপাধ্যক্ষা অপৰাজিতা বৰা আৰু বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক ধ্ৰুৱ শৰ্মাই। এই প্ৰতিষ্ঠা দিৱসৰ আহ্বায়কৰ দায়িত্বত আছিল বিদ্যালয়ৰ উপাধ্যক্ষা অপৰাজিতা বৰা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in