ভোটাধিকাৰ হেৰুৱাব মিজোৰামৰ ২ হাজাৰ ব্ৰু/ ৰিয়াং ভোটাৰে

যি সময়ত দেশৰ শীৰ্ষ ৰাজনৈতিক, ধৰ্মীয় নেতা সকলে বহি: ৰাষ্ট্ৰৰ হিন্দু ধৰ্মাৱলম্বী লোক সকলক নাগৰিকত্ব প্ৰদানৰ ঘোষণা কৰি আহিছে সৰ্বত্ৰে তেনে সময়তেই ভোটাধিকাৰ হেৰুৱাৰ উপক্ৰম হৈছে মিজোৰামৰ ব্ৰু অথবা ৰিয়াং জনজাতিৰ ২ হাজাৰ লোকে ।

author-image
Asomiya Pratidin
New Update
ভোটাধিকাৰ হেৰুৱাব মিজোৰামৰ ২ হাজাৰ ব্ৰু/ ৰিয়াং ভোটাৰে

ডিজিটেল ডেস্ক : যি সময়ত দেশৰ শীৰ্ষ ৰাজনৈতিক, ধৰ্মীয় নেতা সকলে বহি: ৰাষ্ট্ৰৰ হিন্দু ধৰ্মাৱলম্বী লোক সকলক নাগৰিকত্ব প্ৰদানৰ ঘোষণা কৰি আহিছে সৰ্বত্ৰে তেনে সময়তেই ভোটাধিকাৰ হেৰুৱাৰ উপক্ৰম হৈছে মিজোৰামৰ ব্ৰু অথবা ৰিয়াং জনজাতিৰ ২ হাজাৰ লোকে । নিজ দেশৰেই নাগৰিকৰ ভোটদানৰ অধিকাৰ সুৰক্ষিত নকৰাকৈয়ে চুবুৰীয়া ৰাষ্ট্ৰৰ লোকক আমন্ত্ৰণ জনোৱা কাৰ্যই এতিয়া চৰ্চিত ।

উল্লেখ্য যে, এই ব্ৰু অথবা ৰিয়াং জনজাতিৰ লোক সকল হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ এক খিলঞ্জীয়া জনগোষ্ঠী । মূলত : ত্ৰিপুৰা, মিজোৰাম আৰু অসমত বাস কৰি অহা এই সকল লোকৰ ওপৰত ১৯৯৭ চনত মিজোৰামত এওঁলোকৰ ওপৰত চলোৱা হৈছিল অত্যাচাৰ । কিয়নো মিজোৰামৰ বহু সংগঠন, প্ৰতিষ্ঠানৰ মত অনুসৰি খিলঞ্জীয়া নহয় ব্ৰু জনজাতিৰ লোকসকল ।

যাৰ বাবেই ১৯৯৭ চনতেই বাসস্থান ত্যাগ কৰি প্ৰায় ৩৭ হাজাৰ ব্ৰু জনজাতিৰ লোকে আশ্ৰয় লৈছিল ত্ৰিপুৰাত বিভিন্ন শিবিৰত । সেই তেতিয়াৰে পৰাই কেৱল ৫ হাজাৰ লোকহে মিজোৰামলৈ উভতি যাবলৈ সক্ষম হৈছিল আৰু আন সকল লোকে ত্ৰিপুৰাত বিভিন্ন শৰণাৰ্থী শিবিৰত বাস কৰি আহিছে ।

আনহাতে, ২০১৮ বৰ্ষত ব্ৰু জনজাতিৰ নেতা সকলে কেন্দ্ৰীয় চৰকাৰৰ সৈতে মিলিত হৈছিল এক বৈঠকত নিজা জনজাতিৰ লোক সকলৰ সুৰক্ষাৰ্থে । কিন্তু এই বৈঠকত প্ৰস্তাৱিত সিদ্ধান্ত সমূহ জনজাতিটোৰ লোক সকলৰ বিপৰীতে হোৱা বাবে আজিকোপতি সমাধান নহ'ল এই সমস্যাৰ । কিয়নো এই বৈঠকত উল্লেখ নহ'ল মিজোৰামত উপস্থিত হোৱাৰ পাছত ব্ৰু সম্প্ৰদায়ৰ লোক সকলৰ সুৰক্ষা ।

মিজোৰামলৈ উভতি অহা ৫ হাজাৰ ব্ৰু জনগোষ্ঠীৰ লোকৰ ২ হাজাৰ লোকে এতিয়া হেৰুৱাব মিজোৰামত ভোটদানৰ অধিকাৰ । অৱশ্যে ত্ৰিপুৰাত এই লোক সকলক ভোটাধিকাৰৰ সুবিধা দিয়া হ'ব বুলি উল্লেখ কৰিছে মিজোৰামৰ যুটীয়া মুখ্য নিৰ্বাচনী বিষয়া ডেভিদ লিয়ানচাংগ্লুৰাই । অৰ্থাৎ মাতৃভূমিত ভোটাধিকাৰ হেৰুৱাই চুবুৰীয়া ৰাজ্যত ভোটাৰ হ'ব এই সকল লোক । কিন্তু এওঁলোকক দিয়া হ'বনে প্ৰথম শ্ৰেণীৰ ভোটাৰৰ মৰ্যদা ?

আৰু পঢ়ক : বটদ্ৰৱাৰ বেদখলকৃত ভূমিত বেদখলকাৰীয়ে পুনৰ আৰম্ভ কৰিছে নিৰ্মাণ...

mizoram electoral roll