ত্ৰিপুৰাত ১৯৭১ ৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ৰে অবিস্ফোৰিত মৰ্টাৰ উদ্ধাৰ...

ভাৰতীয় সেনা আৰু ত্ৰিপুৰা আৰক্ষীৰ যৌথ অভিযান
ত্ৰিপুৰাত ১৯৭১ ৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ৰে অবিস্ফোৰিত মৰ্টাৰ উদ্ধাৰ...
ত্ৰিপুৰাত ১৯৭১ ৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ৰে অবিস্ফোৰিত মৰ্টাৰ উদ্ধাৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত ভাৰতীয় সেনা আৰু ৰাজ্যখনৰ আৰক্ষী বাহিনীৰ যুটীয়া অভিযানত মুঠ ২৭ টাকৈ বিস্ফোৰণ নোহোৱা মৰ্টাৰ বোমা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে এই মৰ্টাৰ বোমা কেইটা ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ৰে।

উল্লেখ্য যে, চলিত বছৰৰে যোৱা জুলাই মাহৰ ১৮ তাৰিখে দুলাল নামা নামৰ এজন লোকৰ ঘৰত খনন কাৰ্য চলোৱাৰ সময়তে উদ্ধাৰ হৈছিল অবিস্ফোৰিত মৰ্টাৰ, যুদ্ধৰ ধ্বংসাৱশেষ আদি। দুলালা নামাৰ বাৰীত এটা পুথুৰী খন্দাৰ সময়তে শ্ৰমিকে প্ৰথমে উদ্ধাৰ কৰিছিল মুঠ ১২ টা মৰ্টাৰ বোমা।

ইয়াৰ পিছতে তেওঁলোকে এই সন্দৰ্ভত স্থানীয় আৰক্ষীক খবৰ দিছিল। পাছত আৰক্ষীয়ে ভাৰতীয় সেনাৰ চি আই ই ডি দলৰ সৈতে যোগাযোগ কৰে। দলটোৱে অঞ্চলটোলৈ আহি এই অবিস্ফোৰিত মৰ্টাৰ কেইটা উদ্ধাৰ কৰে।

ইয়াৰোপৰি অঞ্চলটোত তেনেধৰণৰ অবিস্ফোৰিত মৰ্টাৰ থকাৰ সন্দেহ কৰে পশ্চিম ত্ৰিপুৰা জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে। তেওঁৰ আহ্বান মৰ্মেই অঞ্চলটোত দলটোৱে এই অবিস্ফোৰিত মৰ্টাৰ বোমাৰ সন্ধানত অভিযান আৰম্ভ কৰে।

এই অভিযানৰ সময়তে ৩নং চি আৰ পি এফ বেটেলিয়ন ফায়াৰিং ৰেঞ্জত ২০ আগষ্টত পুনৰ ১৫ টা অবিস্ফোৰিত মৰ্টাৰ উদ্ধাৰ কৰে। এইদৰে অঞ্চলটোত উদ্ধাৰ হয় ১৯৭১ চনৰে ভাৰত-পাকিস্তানৰ যুদ্ধৰ মুঠ ২৭ টা অবিস্ফোৰিত মৰ্টাৰ।

পৰৱৰ্তী সময়ত আৰক্ষী আৰু সেনাই সুৰক্ষিতভাৱে অবিস্ফোৰিত মৰ্টাৰ কেইটা নিষ্ক্ৰিয় কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, ১৯৭১ চনত ভাৰত-পাকিস্তানৰ যুদ্ধৰ অন্তত গঠন হৈছিল এতিয়াৰ বাংলাদেশ।

সেই সময়ত বাংলাদেশ আছিল পূৱ পাকিস্তান। এই পূৱ পাকিস্তানৰ সীমান্তৰ হোৱাৰ বাবেই ত্ৰিপুৰাতো যুদ্ধৰ প্ৰভাৱ পৰিছিল। এই যুদ্ধত ত্ৰিপুৰা হৈ পৰিছিল যুদ্ধৰ এক ঘাটি স্বৰূপ।

ত্ৰিপুৰাত ১৯৭১ ৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ৰে অবিস্ফোৰিত মৰ্টাৰ উদ্ধাৰ...
ধিঙত দুমাহ ধৰি সন্ত্ৰাস সৃষ্টি কৰা বাঘৰ চিৰিয়াখানাত মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in