মিজোৰামত নিচাজাতীয়া সামগ্ৰীসহ ত্ৰিপুৰাৰ ৩ সৰবৰাহকাৰী গ্ৰেপ্তাৰ...

মিজোৰামত নিচাজাতীয়া সামগ্ৰীসহ ত্ৰিপুৰাৰ ৩ সৰবৰাহকাৰী গ্ৰেপ্তাৰ...
মিজোৰামত নিচাজাতীয়া সামগ্ৰীসহ ত্ৰিপুৰাৰ ৩ সৰবৰাহকাৰী গ্ৰেপ্তাৰ...
Published on
Updated on

ডিজিটেল সংবাদ শিলচৰ: চুবুৰীয়া ৰাজ্য মিজোৰামত বুজন পৰিমাণৰ হেৰ'ইন আৰু নিচাজাতীয় মেথামফেটামাইন সামগ্ৰী জব্দ কৰা হৈছে। গোপন তথ্যৰ ভিত্তিত চি আই ডিয়ে খাওজল জিলাৰ ডুলটে ভিলেজ এলেকাত অভিযান চলাই জব্দ কৰে নিচাজাতীয় সামগ্ৰীখিনি।

ত্ৰিপুৰা ৰাজ্যৰ পঞ্জীয়ণ ভুক্ত এখন বলেৰ' বাহনত তালাচী চলাই ১৪.০৮২ কেজি সন্দেহযুক্ত মেথামফেটামাইন আৰু ২.৮০৪ কেজি হেৰ’ইন জব্দ কৰিছে চি আই ডিয়ে। হেৰ'ইনখিনি ১৯১টা চাবোনৰ বাকচৰ পৰা জব্দ কৰা হয়। TR 05 C- 1813 নম্বৰৰ বাহনখনৰ পৰা গোপন চেম্বাৰৰ পৰা জব্দ কৰা হয় বুজণ পৰিমাণৰ এই নিচা জাতীয় সামগ্ৰীখিনি।

জব্দ কৰা নিচা জাতীয় সামগ্ৰীখিনিৰ মূল্য কেইবা কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে ত্ৰিপুৰাৰ তিনি জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোক কেইজন চুনামুৰা চেপাহিজালা জিলাৰ ম: ইমান হুছেইন (২৩ বছৰ), ৰিপ্পন হুছেইন (৩৭ বছৰ) আৰু পুৱ ত্ৰিপুৰা জিলাৰ চণ্ডীগড়ৰ নিৰঞ্জন কৰ্মকাৰ (৪০ বছৰ)।

নিৰঞ্জন কৰ্মকাৰ সেনাৰ এগৰাকী লেফটেনেণ্টৰ পুত্ৰ বুলি আৰক্ষীয়ে সদৰী কৰিছে। এই সন্দৰ্ভত স্পেচিয়েল নাৰ্কোটিকছ থানাত u/s ২১(গ)/২২(গ)/২৫/২৯(১) এন ডি এণ্ড পি এছ আইনৰ অধীনত নং.৩১/২০২৪ নম্বৰত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

মিজোৰামত নিচাজাতীয়া সামগ্ৰীসহ ত্ৰিপুৰাৰ ৩ সৰবৰাহকাৰী গ্ৰেপ্তাৰ...
পেৰিছ অলিম্পিকৰ গেম ভিলেজত ভাৰতীয় খেলুৱৈৰ বাবে নাই পৰ্যাপ্ত খাদ্য...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in