৫ ৰাজ্যৰ নিৰ্বাচন: প্ৰথমবাৰৰ বাবে ভোট দিব ৬০ লাখ ভোটাৰে

দেশৰ নিৰ্বাচনী আয়োগে সোমবাৰে ঘোষণা কৰিলে ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সূচী। সেই অনুসৰি চত্তিশগড় বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৭ নৱেম্বৰত আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ১৭ নৱেম্বৰত।

author-image
Asomiya Pratidin
New Update
হাৰিয়ানা আৰু জম্মু-কাশ্মীৰ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ

৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন, ঘোষণা হ’ল নিৰ্বাচনী সূচী

ডিজিটেল ডেস্ক: দেশৰ নিৰ্বাচনী আয়োগে সোমবাৰে ঘোষণা কৰিলে ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সূচী। সেই অনুসৰি চত্তিশগড় বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৭ নৱেম্বৰত আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ১৭ নৱেম্বৰত। একেদৰে মিজোৰামত ৭ নৱেম্বৰত, মধ্যপ্ৰদেশত ১৭ নৱেম্বৰত, ৰাজস্থানত ২৩ নৱেম্বৰত আৰু তেলেংগানাত ৩০ নৱেম্বৰত আৰম্ভ হ’ব নিৰ্বাচনী যুঁজ।

অহা ৩ ডিচেম্বৰত ৰাজ্যকেইখনৰ নিৰ্বাচনৰ ভোটগণনা আৰু এই সন্দৰ্ভত নতুন দিল্লীত সাংবাদিকৰ আগত মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে জনায় যে, ২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে চুড়ান্ত বিধানসভা নিৰ্বাচন হিচাপে এই পাঁচখন ৰাজ্যৰ নিৰ্বাচনে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰিব। আয়োগে এই ৰাজ্যকেইখনত মুক্ত, নিকা আৰু প্ৰলোভনমুক্ত নিৰ্বাচন নিশ্চিত কৰিব বুলি নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে সদৰী কৰে।

উল্লেখ্য যে, এই ৰাজ্য পাঁচখনৰ প্ৰায় ১৬ কোটি ভোটদাতাৰ ওপৰত নিৰ্ভৰ কৰিছে প্ৰাৰ্থীসকলৰ ভৱিষ্যত। ইয়াৰ ভিতৰত প্ৰায় ৬০ লাখ ভোটদাতাই প্ৰথমবাৰৰ বাবে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। নিৰ্বাচন আয়োগে এই ৰাজ্যকেইখন পৰিদৰ্শন কৰি মুখ্য কাৰ্যবাহী বিষয়া, জিলা আৰু ৰাজ্যিক প্ৰশাসন তথা কেইবাটাও কেন্দ্ৰীয় আৰু ৰাজ্যিক প্ৰৱৰ্তন সংস্থাৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। এই ৰাজ্যকেইখনত ১৭ হাজাৰ ৭৩৪ টা আৰ্হি নিৰ্বাচন কেন্দ্ৰ থাকিব। আনহাতে ৰাজ্যকেইখনৰ মুঠ ৬৭৯ টা বিধানসভা সমষ্টিৰ বাবে ১ লাখ ৭৭ হাজাৰ ভোটকেন্দ্ৰ স্থাপন কৰা হ’ব আৰু ইয়াৰে ১ লাখ ভোটকেন্দ্ৰত ৱেবকাষ্টিংৰ সুবিধা উপলব্ধ হ’ব।

ভোটকেন্দ্ৰসমূহত ন্যূনতম সকলো সুবিধা উপলব্ধ হ’ব। মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে জনোৱা অনুযায়ী মধ্যপ্ৰদেশৰ জনজাতীয় লোকসকলৰ বাবে সংৰক্ষিত বনাঞ্চল এলেকাত ভোটকেন্দ্ৰ স্থাপন কৰা হ’ব।

মিজোৰামত ৪০ খন আসনৰ আটাইকেইখন আসনৰ বাবে অহা ৭ নৱেম্বৰত ভোটগ্ৰহণ সম্পন্ন হ’ব। ৩ ডিচেম্বৰত অনুষ্ঠিত হ’ব ভোটগণনা। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২০ অক্টোবৰ। নিৰ্বাচন আয়োগে জনোৱা অনুসৰি ২০ অক্টোবৰত মনোনয়ন দাখিল আৰু ২৩ অক্টোবৰৰ ভিতৰত প্ৰাৰ্থীসকলে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিব পাৰিব। মিজোৰামৰ ৮.৫২ লাখ ভোটাৰৰ ভিতৰত ৪.১৩ লাখ ভোটাৰ পুৰুষ আৰু ৪.৩৯ লাখ ভোটাৰ মহিলা। ৰাজ্যখনত প্ৰথমবাৰ ভোটদানৰ বাবে সাজু হ’ব ৫০,৬১১ গৰাকী নতুন ভোটদাতা।

২০২৩ চনৰ ১৭ ডিচেম্বৰত মিজোৰাম বিধানসভাৰ কাৰ্যকালৰ অন্ত পৰিব। বৰ্তমান ৰাজ্যখন মিজো নেচনেল ফ্ৰণ্টৰ দ্বাৰা পৰিচালিত হৈ আছে। ২০১৮ চনত মিজোৰামৰ ৪০ খন আসনৰ বিধানসভাত মিজো নেচনেল ফ্ৰণ্টে ৩৭.৮ শতাংশ ভোটৰে ২৬ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। কংগ্ৰেছে ৫ খন আসন আৰু বিজেপিয়ে লাভ কৰিছিল এখন আসন। বৰ্তমান ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জোৰামথাংগা আুৰ তেখেত ৰাজ্যখনৰ পঞ্চমগৰাকী মুখ্যমন্ত্ৰী।

আইজল ইষ্ট-১ ৰ পৰা মুখ্যমন্ত্ৰী জোৰামথাংগা আৰু টুইচাং আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে উপ মুখ্যমন্ত্ৰী তাভানলুইয়াই। উল্লেখ্য যে ১৯৯৮ আৰু ২০০৩ চনৰ বিধানসভা নিৰ্বাচনত জয়লাভেৰে ১০ বছৰ ধৰি মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিবাহ কৰি আছে জোৰামথাংগাই। এইবাৰো এই একেই ইতিসাহৰ পুনৰাবৃত্তিৰ প্ৰচেষ্টা চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে।

আনহাতে, কংগ্ৰেছেও পাঁছ বছৰৰ পাছত পুনৰ ক্ষমতালৈ অহাৰ বাবে চলাইছে প্ৰচেষ্টা। অতি সক্ৰিয়ভাৱে নিৰ্বাচনী প্ৰস্তুতিত নামি পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী লালথানহাউলা। ৰাজ্যখনৰ বিভিন্ন বিধানসভাৰ আসন পৰিদৰ্শন কৰি নেতা কৰ্মীৰ সৈতে বৈঠকত মিলিত হৈছে নেতাগৰাকী।

আনফালে জোৰাম পিপলচ মুভমেন্টৰ লালডুহামৰ নেতৃত্বত নিৰ্বাচনী যুঁজখনক ত্ৰিকোণীয় কৰি তুলিবলৈ চেষ্টা চলাইছে। ইতিমধ্যে বিৰোধী দলটোৱে ১০ অক্টোবৰত টুইচাং আসনৰ বাবে প্ৰাৰ্থী হিচাপে শান্তি জিবান চাকমাৰ নাম ঘোষণা কৰিছে। বিগত জুলাই মাহত টুইচাঙৰ বাহিৰে ৪০ জনীয়া বিধানসভাৰ সকলো আসনৰ বাবে জোৰাম পিপলচ মুভমেন্টে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল। চাকমা স্বায়ত্ব শাসিত জিলা পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য শান্তি জিবান চাকমা ইয়াৰ পূৰ্বে আছিল বিজেপিত।

এনে প্ৰেক্ষাপটত লক্ষণীয় হ’ব এইবাৰৰ বিধানসভা নিৰ্বাচনী ৰণাংগন।

Also Read: যোৰহাটত গুলীচালনাৰ ঘটনা, আটক প্ৰাক্তন প্ৰেমিকাসহ আন এজন...

mizoram chattisgarh telengana madhyapradesh