মণিপুৰত পুনৰ সংঘৰ্ষঃ প্ৰাণ হেৰুৱালে ৯ জনে, আহত ১১ জন...

মণিপুৰত পুনৰ সংঘৰ্ষঃ প্ৰাণ হেৰুৱালে ৯ জনে, আহত ১০জন...

author-image
Asomiya Pratidin
New Update
পুনৰ হিংসা! মণিপুৰত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আক্ৰমণৰ চেষ্টা একাংশৰ

মণিপুৰত পুনৰ সংঘৰ্ষঃ প্ৰাণ হেৰুৱালে ৯ জনে, আহত ১০জন...

ডিজিটেল ডেস্কঃ কুকি আৰু মেইটেইসকলৰ মাজৰ সংঘাতে অগ্নিগৰ্ভা কৰি ৰখা মণিপুৰত হিংসাত্মক ঘটনা হ্ৰাস পোৱা নাই। চৰকাৰ তথা প্ৰশাসনে শান্তিৰ বাতাবৰণ সৃষ্টিৰ বাবে চেষ্টা চলাই আছে যদিও ঠায়ে ঠায়ে সংঘাত অব্যাহত আছে।

যাৰ বাবে পুনৰ অশান্ত ৰাজ্যখনত ৯ জনকৈ লোকে প্ৰাণ আহুতি দিয়াৰ লগতে ১১ জনকৈ লোক আহত হ'বলগীয়া হৈছে। খবৰ অনুসৰি পূৱ ইম্ফলৰ সীমান্ত অঞ্চল কাংপকপিৰ এগিজাং গাঁৱত মংগলবাৰে নিশা ১০ ৰ পৰা ১০-৩০ বজালৈ সংঘটিত হোৱা গুলীয়াগুলীত ৯ জন লোকৰ প্ৰাণ নাশ হৈছে।

এই সন্দৰ্ভত পূৱ ইম্ফলৰ আৰক্ষী অধীক্ষক কে শিৱকান্ত সিঙে সংবাদ মাধ্যমৰ আগত কয় যে, গাওঁখনত নিশা ১০ ৰ পৰা ১০:৩০  বজাত এক গুলীয়াগুলী সংঘটিত হয়। এই ঘটনাত ৯ জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে ১১ জন আহত হৈছে। আটাইকেইজন আহতকে হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আহতসকলৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক।

লগতে তেওঁ কয়, এই অঞ্চলটোৰ সুৰক্ষাৰ দায়িত্বত আছিল আছাম ৰাইফলছ। এই অঞ্চলটোৰ পৰা পুনৰ সংঘাতৰ খবৰ এই পৰ্যন্ত অহা নাই। পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণত আছে।

উল্লেখ্য যে, যোৱা ৩ মে’ৰ পৰা আৰম্ভ হোৱা মণিপুৰৰ হিংসাত্মক ঘটনাত এই পৰ্যন্ত ১১৫ গৰাকী লোকৰ মৃত্যু হৈছে। ৪০ হাজাৰৰো লোক স্থানানন্তৰিত হৈছে।

Also Read: পাঠদান এৰি অম্বুবাচীত কাম কৰিব লাগিব শিক্ষকে...

মণিপুৰ