অৰুণাচলত একেলগে ৯ খনকৈ বাহন দুৰ্ঘটনাগ্ৰস্ত...

ৰখাই থোৱা ডাম্পাৰ চলিল নিজে নিজে

author-image
Asomiya Pratidin
New Update
অৰুণাচলত একেলগে ৯ খনকৈ বাহন দুৰ্ঘটনাগ্ৰস্ত...

অৰুণাচলত একেলগে ৯ খনকৈ বাহন দুৰ্ঘটনাগ্ৰস্ত...

ডিজিটেল সংবাদ ইটানগৰঃ অৰুণাচল প্ৰদেশৰ ইটানগৰ-জিৰো ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এটা অকল্পনীয় দুৰ্ঘটনাত ৯ খনকৈ গাড়ী ক্ষতিগ্ৰস্ত হয়। ইটানগৰ-জিৰো সংযোগী পথৰ পটিন আৰু পছা নামৰ ঠাইখনত এই দুৰ্ঘটনা সংঘটিত হৈছে।

জানিব পৰা মতে সোমবাৰে আবেলি প্ৰায় ৩:৩০ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয়। পটিনৰ পৰা নাতি দূৰত ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথত হঠাতে হোৱা ভূমিস্খলনৰ বাবে জিৰো অভিমুখী বহু গাড়ী পথৰ কাষত ৰখাই থোৱা আছিল।

লোহাৰ ৰড কঢ়িয়াই নিয়া এই আৰ -০১ ই ০৬৭৯ নম্বৰৰ ডাম্পাৰখন ৰখাই থোৱা স্থানৰ পৰা হঠাতে এঢলীয়া পাহাৰৰ পথটোৰ পৰা তলৰ ফালে নামি আহে। চকাৰ তলত কোনো গুটকা নলগোৱাৰ বাবে ডাম্পাৰখন পিছলৈ যাবলৈ ধৰে।

পিছলৈ যোৱাৰ বাটত ডাম্পাৰখনে ৯ খন গাড়ী খুন্দিয়াই আৰু শেষত এখন টাটা পাঞ্চ গাড়ী চোঁচৰাই নি দুয়োখন গাড়ী পথৰ পৰা প্ৰায় ৮০ মিটাৰ তলত পৰেগৈ। এই ঘটনাত এজন লোক সামান্য আঘাতপ্ৰাপ্ত হয়। অৱশ্যে কেইবাজনো গাড়ী ধ্বংসপ্ৰাপ্ত হয়।

Also Read: অবৈধ মদ, জুৱাৰ বিৰুদ্ধে প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী বৰহোলা আছুৰ..

পথ দুৰ্ঘটনা অৰুণচাল প্ৰদেশ