ডিজিটেল ডেস্কঃ এগৰাকী অধ্যাপকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি এজাহাৰ দাখিল এগৰাকী ছাত্ৰী। ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে বিশ্ববিদ্যালয়খনৰ এজন সহকাৰী অধ্যাপকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি মঙলবাৰে এজাহাৰ দাখিল কৰে।
অভিযোগ অনুসৰি এই ঘটনা সোমবাৰে সংঘটিত হয়। যেতিয়া অভিযুক্তই যুৱতী গৰাকীক মৌখিক পৰীক্ষাৰ বাবে মাতিছিল তেতিয়াই এই ঘটনা সংঘটিত হয়। আৰক্ষীয়ে জনাই যে ২০ বছৰীয়া যুৱতী গৰাকীয়ে এজাহাৰত উল্লেখ কৰা অনুসৰি অভিযুক্তজনে পৰীক্ষা সম্পৰ্কীয় প্ৰশ্ন সোধাৰ পৰিৱৰ্তে তেওঁক যৌন নিৰ্যাতন কৰিছিল।
আৰক্ষীয়ে বৰ্তমান পৰ্যন্ত অভিযুক্তৰ নাম প্ৰকাশ কৰা নাই। আনহাতে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
Also Read: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ পাছতেই একাংশৰ আনন্দ-উল্লাস