ডিজিটেল ডেস্ক : অগ্নিগৰ্ভা মণিপুৰ, চৌদিশে হাহাকাৰ পৰিস্থিতি । প্ৰায় ৮০ জন লোকে মণিপুৰৰ সংঘৰ্ষত প্ৰাণ হেৰুৱাবলগীয়া হ'ল এতিয়ালৈকে । মণিপুৰৰ মৈতেইসকলক অনুসূচিত জনজাতিৰ মৰ্যদা প্ৰদানকলৈ আৰম্ভ হোৱা এই সংঘৰ্ষ ক্ৰমাৎ বৃদ্ধি পাই গৈছে দিনক দিনে । তাৰেই মাজতে সুবিধা গ্ৰহণ কৰিছে মণিপুৰৰ বিদ্ৰোহী সংগঠনসমূহে ।
মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিংহৰ মতে, বিদ্ৰোহীসকলে ৰাজপথতেই সাধাৰণ জনতাৰ বিৰুদ্ধে শক্তিশালী মাৰণাস্ত্ৰ যেনে, এম কে ১৫ অথবা এ কে ৪৭ ব্যৱহাৰ কৰাতো যেন সাধাৰণ কথা হৈ পৰিছে । এই সকলোৰে মাজত ২৯ মে' অৰ্থাৎ আজি মণিপুৰত উপস্থিত হোৱাৰ পৰিকল্পনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ । অমিত শ্বাহ (Amit Shah) উপস্থিত হোৱাৰ পূৰ্বেই সমগ্ৰ মণিপুৰক শান্ত কৰাৰ অভিযানত নামি পৰিছে কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায় । যাৰ ফলত মণিপুৰ আৰক্ষী আৰু কামাণ্ড' বাহিনীৰ অভিযানত ৪০জনৰো অধিক বিদ্ৰোহী সংগঠনৰ কৰ্মী নিহত হৈছে ।
কিন্তু তাৰ পাছতো যেন শান্ত হোৱা নাই মণিপুৰ । গৃহমন্ত্ৰী অমিত শ্বাহৰ মণিপুৰ ভ্ৰমণৰ কিছু ঘন্টা পূৰ্বেই মণিপুৰত সংঘটিত এক হিংসাত্মক ঘটনাত এগৰাকী আৰক্ষী বিষয়াকে ধৰি সৰ্বমুঠ ৫ জনকৈ লোক নিহত হৈছে । ফলত গৃহমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ যোগেদি মণিপুৰত শান্তি বজাই ৰাখিবলৈ আহ্বান জনালে কুকি আৰু মৈতেই সম্প্ৰদায়ক । গৃহমন্ত্ৰীগৰাকীৰ মতে, ভৱিষ্যতৰ শান্তি আলোচনাৰ বাবেও ই হৈ পৰিব প্ৰথম পদক্ষেপ ।
অগ্নিগৰ্ভা মণিপুৰত গৃহমন্ত্ৰীগৰাকীৰ উপস্থিতিয়ে এক গুৰুত্বপূৰ্ণ বাৰ্তা বহন কৰিব বুলিও আশাবাদী সকলো ।
Also Read: ভূমিকম্পই কপাইছে দেশ, কোনো ডাঙৰ বিপদৰ আগজাননী নেকি ?