'ইষ্টাৰ্ণ নাগা নেচনেল অৰ্গেনাইজেচন'ৰ কেডাৰৰ আত্মসমৰ্পন

'ইষ্টাৰ্ণ নাগা নেচনেল অৰ্গেনাইজেচন'ৰ কেডাৰৰ আত্মসমৰ্পন
Published on
Updated on

ডিজিটেল সংবাদ, শিলচৰ : উত্তৰ‌-পূৱৰ নিষিদ্ধ বিদ্ৰোহী সংগঠন Eastern Naga National Organization চমুকৈ ENNO‌ ৰ এজন দুৰ্ধৰ্ষ কেডাৰে অসম ৰাইফলছৰ ওচৰত‌ আত্মসমৰ্পন কৰিছে।

অৰুণাচলৰ‌ চাংলাং জিলাত ১১ অসম ৰাইফলছৰ কমাণ্ডেণ্ট কৰ্ণেল বিবেক ত্ৰিপাঠী সহ কেবাজনো শীৰ্ষ বিষয়াৰ‌ সন্মুখত এনএনঅ’ৰ কেডাৰ জনে আত্মসমৰ্পন কৰে। আত্মসমৰ্পন কৰা উগ্ৰপন্থী জনৰ নাম এছ এছ প্ৰাইভেট মুক্তোধন চাকমা।

আত্মসমৰ্পনৰ‌ সময়ত উগ্ৰপন্থী জনে এটা পইন্ট থ্ৰি টু এম এম পিষ্টল, এটা মেগজিন আৰু ৫টা সজীৱ গুলী জমা দিয়ে। আত্মসমৰ্পন কৰা উগ্ৰপন্থী জন মিঞাও প্ৰশাসনিক চক্ৰৰ অন্তৰ্গত দেবান অঞ্চলৰ কমলাপুৰীৰ বাসিন্দা।

পৰিয়ালৰ সদস্যৰ সৈতে শান্তিপূৰ্ণ জীৱন যাপন কৰিবলৈ উগ্ৰপন্থী জনে আত্মসমৰ্পণ কৰিছে। ভৱিষ্যতে পুনৰ অস্ত্ৰ হাতত তুলি নলয় বুলিও প্ৰতিশ্ৰুতি দিছে উগ্ৰপন্থী জনে।

আনহাতে, সেনা আৰু অসম ৰাইফলছৰ যুটীয়া অভিযানত মনিপুৰত এজন‌ সক্ৰিয় NSCN(IM) কেডাৰক কৰায়ত্ত কৰে। ধৃত উগ্ৰপন্থী জনৰ পৰা এটা 9mm Carbine আৰু ৫ ৰাউণ্ড সক্ৰিয় গুলি উদ্ধাৰ কৰিছে। ৫২ বছৰীয়া NSCN ৰ‌ কেডাৰ জনৰ নাম ছিনিঙছন ছিলনাক। উগ্রপন্থী জনৰ ঘৰ‌ পূব ইম্ফল জিলাৰ শ্বমবুঙত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in