ইষ্টাৰ্ণ নাগালেণ্ডবাসীৰ বাবে সুকীয়া স্বায়ত্ত পৰিষদ গঠনত অনুমোদন...

ইষ্টাৰ্ণ নাগালেণ্ডবাসীৰ বাবে সুকীয়া স্বায়ত্ত পৰিষদ গঠনত অনুমোদন...

author-image
Asomiya Pratidin
New Update
ইষ্টাৰ্ণ নাগালেণ্ডবাসীৰ বাবে সুকীয়া স্বায়ত্ত পৰিষদ গঠনত অনুমোদন...

ইষ্টাৰ্ণ নাগালেণ্ডবাসীৰ বাবে সুকীয়া স্বায়ত্ত পৰিষদ গঠনত অনুমোদন...

ডিজিটেল সংবাদ বেকাজানঃ ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেচনে (ইএনপিঅ’) বিগত এক দশক আগৰ পৰাই ‘ফ্ৰণ্টিয়াৰ নাগালেণ্ড’ নামৰ পৃথক ৰাজ্যৰ গঠনৰ দাবী জনাই অহা পৰিপ্ৰেক্ষিতত অৱশেষত কেন্দ্ৰীয় চৰকাৰৰ সেউজ সংকেতত পিছত আজি নাগালেণ্ড চৰকাৰে স্বায়ত্ত শাসিত পৰিষদৰ গঠনৰ বাবে পৰামৰ্শ দিয়াৰ লগতে অনুমোদন জনোৱা বুলি জানিব পৰা গৈছে ।

আজি চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ প্ৰথমখন বাজেট অধিবেশনত যোৱা ৬০ বছৰত পূব নাগালেণ্ডৰ সৰ্বাংগীন উন্নয়ন অৱহেলিত হোৱা বুলি স্বীকাৰ কৰি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই কয় যে ৰাজ্য চৰকাৰে ইতিমধ্যে পূব নাগালেণ্ডৰ জনসাধাৰণৰ বাবে স্বায়ত্তশাসিত অঞ্চল গঠনৰ পৰামৰ্শ আগবঢ়াইছে। সোমবাৰে নাগালেণ্ড বিধানসভাৰ বাজেট ভাষণ প্ৰদান কৰি ৰিঅ’ই পুনৰ কয় যে, ৰাজ্য চৰকাৰে ইয়াক বাস্তৱত পৰিণত কৰাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা চলাব ।

ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেচনে অৰ্থাৎ ইএনপিঅ’য়ে এটা দশক আগৰ পৰাই ‘ফ্ৰণ্টিয়াৰ নাগালেণ্ড’ নামৰ পৃথক ৰাজ্য দাবী জনাই আহিছিল। ৰাজ্য হিচাপে নাগালেণ্ডৰ ৬০ বছৰীয়া যাত্ৰাত যথেষ্ট অগ্ৰগতি হৈছে ।

যদিও সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত বিশেষকৈ পূব নাগালেণ্ডৰ জিলাসমূহত এতিয়াও বহু উন্নয়নৰ কাম বঞ্চিত হৈ আছে। ৰিঅ’ই কয় যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনৰ পূৰ্বে আশ্বাস দিছিল যে কেন্দ্ৰীয় চৰকাৰে ইএনপিঅ’ আৰু ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰি ইষ্টাৰ্ণ নাগালেণ্ডৰ বাবে কিছু পৰিমাণে স্বায়ত্তশাসন আৰু দ্ৰুত অৰ্থনৈতিক উন্নয়নৰ বাবে তেওঁলোকৰ আকাংক্ষাক পূৰণ কৰিব ।

স্বায়ত্ত শাসিত পৰিষদৰ বাবে ৰিঅ’ই ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ভাৰত চৰকাৰক ইষ্টাৰ্ণ নাগালেণ্ডৰ বাবে বিশেষ অৰ্থনৈতিক পেকেজৰ আহ্বান জনাইছে আৰু অহা মাহত ই কাৰ্যকৰী হ’ব বুলি আস্থা প্ৰকাশ কৰিছে। সুকীয়া ফ্ৰণ্টিয়া নাগালেণ্ডৰ সন্দৰ্ভত নেইফিউ ৰিঅৱে কয় যে নাগালেণ্ড এখন সৰু ৰাজ্য হোৱাৰ বাবে যিকোনো বিভাজনে নগাসকলক আৰু অধিক দুৰ্বল কৰি তুলিব।

লগতে কয় যে এটা প্ৰশাসনিক ছাতিৰ অধীনত সকলো নগাৰ ঐক্যৰ বাবে নগা বসতিপ্ৰধান অঞ্চলসমূহৰ একত্ৰীকৰণৰ কামনা কৰে। তেওঁ সদনক সোঁৱৰাই দিয়ে যে নাগালেণ্ড বিধানসভাই ১৯৬৪, ১৯৭০, ১৯৯৪, ২০০৩, ২০১৫ আৰু ২০১৮ চনত সংলগ্ন নগা বসতিপ্ৰধান অঞ্চলসমূহৰ ঐক্যৰ বাবে সৰ্বসন্মতিক্ৰমে ৬টা প্ৰস্তাৱ গ্ৰহণ কৰিছিল।

নগাসকলৰ প্ৰতিটো শ্ৰেণীয়ে নিজৰ একতাৰ বান্ধোন শক্তিশালী কৰি নাগালেণ্ডৰ পূব অঞ্চলটোৰ উন্নয়নৰ বাবে কাম কৰিবলৈ আহ্বান জনাই যিকোনো মূল্যৰ বিনিময়ত সদায় নগা জনগোষ্ঠীৰ ঐক্যৰ পক্ষত থিয় দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।

Also Read: বিলাসীপাৰাত পৌৰ কৰ বৃদ্ধি প্ৰত্যাহাৰৰ দাবী:স্মাৰক পত্ৰ প্ৰদান...

নাগালেণ্ড