মণিপুৰত আৰক্ষীৰ জালত মাৰণাস্ত্রসহ যুৱক আৰু শিশু

মণিপুৰত আৰক্ষীৰ জালত মাৰণাস্ত্রসহ যুৱক আৰু শিশু
Published on
Updated on

ডিজিটেল সংবাদ, শিলচৰঃ মণিপুৰত আৰক্ষীৰ জালত পৰিছে মাৰণাস্ত্রসহ এজন যুৱক। যুৱকজনৰ সৈতে এটি শিশুকো জিম্মাত লৈছে আৰক্ষীয়ে। ইম্ফল পশ্চিম জিলাৰ পৰা আটক কৰা হৈছে যুৱকজনক।

ধৃত যুৱকজনৰ নাম মইৰাংথেম লেন্সেনৰা মিটেই। চুৰি, ধন দাবী, অসামাজিক কৰ্মত জড়িতক অভিযোগ উত্থাপিত হৈছে যুৱকজনৰ বিৰুদ্ধে। আৰক্ষীয়ে জব্দ কৰিছে মৰাণাস্ত্ৰ সহ বহু আপত্তিজনক সামগ্ৰী। জব্দ কৰা হৈছে .৩২ পিষ্টল, ৯ এম এম পিষ্টল, হেণ্ড গ্ৰেণেড, গুলি বাৰুদ আদি।

মণিপুৰত আৰক্ষীৰ জালত মাৰণাস্ত্রসহ যুৱক আৰু শিশু
ঢাকাই বস্তি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক আফতাব উদ্দিনৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in