ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ ভাৰতীয় সেনাৰ ৩ জন জোৱান নিহত হোৱাৰ লগতে আন চাৰিজন গুৰুতৰভাৱে আহত হৈছে। মঙ্গলবাৰে অৰুণাচল প্ৰদেশৰ আপাৰ সোৱণশিৰী জিলাত ভাৰত-চীন সীমান্তৰ টাপিত সংঘটিত হৈছে এই ঘটনা।
জানিব পৰা মতে সেনা জোৱান কঢ়িওৱা এখন বাহন পাহাৰীয়া পথৰ পৰা খালত বাগৰি পৰাৰ ফলতে এই কৰুণ ঘটনা সংঘটিত হয়। এই ঘটনাত নিহত জোৱান কেইজনৰ নাম ক্ৰমে হাবিলদাৰ নখাত সিং, নায়ক মুকেশ কুমাৰ আৰু গ্ৰেণেডিয়াৰ আশীষ। এই আটাই কেইজন সেনা জোৱান ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ অধীনৰ।
ঘটনা সন্দৰ্ভত এটানগৰৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে মঙ্গলবাৰে আপাৰ সোৱণশিৰি জিলাত খাৱৈত সেনা বাহিনীৰ এখন ট্ৰাক বাগৰি পৰে। ঘটনাস্থলীতে মৃত্যু হয় তিনিজন সেনা জোৱানৰ। ইয়াৰোপৰি আন চাৰিজন সেনা জোৱানক আহত অৱস্থাত উদ্ধাৰ কৰা হৈছে। তেওঁলোকক উদ্ধাৰ কৰাৰ পাছতে স্থানীয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। বৰ্তমানেও এই চাৰি জোৱান চিকিৎসাধীন অৱস্থাত আছে।
ইফালে এই ঘটনাত শোক প্ৰকাশ কৰিছে সেনা বাহিনীৰ ইষ্টাৰ্ণ কামাণ্ডে। সামাজিক মাধ্যমত ইষ্টাৰ্ণ কাণাণ্ডৰ ফালৰ পৰা লিখিছে লেফটেনেণ্ট জেনেৰেল আৰ চি তিৱাৰীসহ তিনি জোৱানৰ মৃত্যুত গভীৰ শোকাহত। ভাৰতীয় সেনা নিহত জোৱানসকলৰ শোক সন্তপ্ত পৰিয়ালৰ কাষত আছে।
#IndianArmy #EasternCommand #InTheLineofDuty#LestWeForget
Lt Gen RC Tiwari, #ArmyCdrEC & All Ranks express deepest condolences on the sad demise of Bravehearts Hav Nakhat Singh, Nk Mukesh Kumar and Gdr Ashish who made the supreme sacrifice in the line of duty in… pic.twitter.com/LcRAdHKK5h— EasternCommand_IA (@easterncomd) August 27, 2024
Also Read: অসমসহ ৯ ৰাজ্যৰ ১১ খন ৰাজ্যসভা আসনতে বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী...