অৰুণাচলত কেইবা কোটি টকাৰ দুৰ্নীতি! প্ৰতিবাদত দিল্লীলৈ পদযাত্ৰা…

অৰুণাচলত কেইবা কোটি টকাৰ দুৰ্নীতি! প্ৰতিবাদত দিল্লীলৈ পদযাত্ৰা…

author-image
asomiyapratidin
New Update
অৰুণাচলত কেইবা কোটি টকাৰ দুৰ্নীতি! প্ৰতিবাদত দিল্লীলৈ পদযাত্ৰা…

ডিজিটেল সংবাদ, ছয়দুৱাৰ: অৰুনাচল প্ৰদেশত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধাচৰণ কৰি নতুন দিল্লীস্থিত প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ পদযাত্ৰা কৰিছে অৰুণাচল প্ৰদেশৰ ইটানগৰৰ এটা সংগঠনে। Arunachal Against Corruption নামৰ সংগঠনটোৱে ইটানগৰৰ আই জি পাৰ্কৰ পৰা কালি আৰম্ভ কৰা উক্ত পদযাত্ৰৰ দলটোৱে আজি গহপুৰ মহকুমাৰ পশ্চিম সীমান্ত বুৰৈঘাট অতিক্ৰম কৰি বিশ্বনাথ মহকুমাত প্ৰৱেশ কৰিছে।

অৰুনাচল চৰকাৰৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ নেতৃত্বত ৰাজ্যখনত চলি থকা অবাধ দুৰ্নীতিৰ বিৰুদ্ধে মাত মতা সংগঠনটোৱে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পাছতো কোনো সুফল লাভ নকৰাত দেশৰ প্ৰধানমন্ত্ৰীক উক্ত বিষয়টো দৃষ্টিগোচৰ কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বানেৰে উক্ত পদযাত্ৰা আৰম্ভ কৰিছে। অৰুনাচল প্ৰদেশৰ ইটানগৰৰ পৰা পদযাত্ৰা আৰম্ভ কৰা দলটোত ১৬ জনকৈ বিষয়ববীয়া আৰু সদস্যই অংশগ্ৰহণ কৰিছে।

Arunachal Against Corruption নামৰ সংগঠনটোৰ সভাপতি তাৰহ তাহাৰ,উপ সভাপতি পামচু তালক মাৰু আৰু সাধাৰণ সম্পাদক কাকপে লম্বিৰ নেতৃত্বত যোৱা প্ৰতিবাদী দলটোৱে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বিৰুদ্ধে উথাপন কৰা অভিযোগ সমূহ হৈছে-সম্পূৰ্ণ গ্ৰামীণ ৰোজগাৰ যোজনাৰ ৬৮ কোটি টকাৰ কেলেংকাৰী, শক্তি বিভাগৰ দীনদয়াল উপাধ্যায় গ্ৰামীণ জ্যোতি যোজনাৰ ১৪২ কোটিৰ কেলেংকাৰী,পঞ্চায়তীৰাজ আঁচনিৰ ৮৮৯ কোটিৰ কেলেংকাৰী, মাইনিং আৰু মিনাৰেল বিভাগৰ ৩২ কোটিৰ কেলেংকাৰী, Compensatory Afforestation ফাণ্ডৰ ৫৮৮ কোটিৰ কেলেংকাৰী আৰু হাইড্ৰপাৱাৰ বিভাগৰ ১৪০০ কোটিৰ কেলেংকাৰী।

প্ৰধানমন্ত্ৰীৰ নতুন দিল্লী কাৰ্য্যলয়লৈকে পদযাত্ৰা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা সংগঠনটোৰ মূল দাবী সমূহ হৈছে:-অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীক অতিশীঘ্ৰে অপসাৰণ কৰা, উক্ত কেলেংকাৰীত জড়িত চৰকাৰী বিষয়া আৰু ৰাজনৈতিক নেতা সকলক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰা আৰু উক্ত কেলেংকাৰীৰ চিবিআই তদন্ত কৰা।

arunachal delhi pema khandu