ডিজিটেল সংবাদ, ইটানগৰ: অসমীয়া সমাজ আৰু জনজীৱনত গুৰুজনাৰ অভূতপূৰ্ব সংযোজন নামঘৰ। অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইত আজিও বিৰাজমান হৈ আছে শতাধিক নামঘৰ।
অৰুণাচল প্ৰদেশৰ পৰা শিক্ষাৰ মাধ্যম অসমীয়া আঁতৰাই দিয়াৰ পাছৰে পৰা ৰাজ্যখনত অসমীয়া লোকৰ সংখ্যা ক্ৰমান্বয়ে কমি আহিল যদিও ৰাজ্যখনত এতিয়াও বিভিন্ন কৰ্মসূত্ৰে বসবাস কৰি থকা অসমীয়া লোকসকলে বৈষ্ণৱ পৰম্পৰা ধৰি ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে।
অৰুণাচল প্ৰদেশৰ আপাৰ সোৱণশিৰি জিলাৰ সদৰ ডাপৰিজো নামঘৰত সম্পূৰ্ণ অসমীয়া পৰম্পৰা ৰক্ষা কৰি যোৱা দেওবাৰে নামঘৰটিত নতুন গুৰু আসন স্থাপন কৰা হয়। লখিমপুৰ জিলাৰ পুনীয়া সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল গোস্বামীয়ে ভকত-বৈষ্ণৱৰ উপস্থিতিত আসনভাগ স্থাপন কৰে।
এই অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ জিৰো, ইটানগৰ আদিৰ নামঘৰৰ ভকতেও অংশগ্ৰহণ কৰে। নাম প্ৰসংগৰে মুখৰিত হৈ পৰে অৰুণাচল প্ৰদেশৰ চীন সীমান্তৰ পাৰ সোৱণশিৰি জিলাৰ সদৰ ডাপ'ৰিজোৰ নামঘৰ প্ৰাংগন।
ডাপৰিজো নামঘৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ক্ষীৰোদ বৰাই জনোৱা মতে এই অনুষ্ঠানত ডাপ'ৰিজোৰ স্থানীয় লোকসকলেও অংশগ্ৰহণ কৰে। অনুষ্ঠানত উপস্থিত থাকি স্থানীয় বিধায়ক টানিয়া চকিয়ে কয় যে, অসমীয়া বৈষ্ণৱ সমাজৰ পবিত্ৰ গ্ৰন্থ গুণমালাৰ বিষয়ে তেওঁ বিশেষ নাজানিছিল যদিও এই বিষয়ে জানিব পাৰি তেওঁ অতি আনন্দ অনুভৱ কৰিছে।
পুৰণি অসমীয়া শিক্ষকৰ নাম উচ্চাৰণ কৰি বিধায়কগৰাকী আবেগিক হৈ পৰে আৰু অসমীয়া ৰাইজৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে।