দিল্লী চুক্তিক নস্যাৎ : অসমৰ বুকুত পুনৰ অৰুণাচলীৰ আগ্ৰাসন...

সীমান্তৰ পৰা দুই কিঃমি আগুৱাই অসমৰ ভূমি দখলৰ চেষ্টা অৰুণাচলীৰ। অসমৰ বনৰক্ষীক লক্ষ্য কৰি গুলী চালনা,কাটি খাস্তাং কৰিলে বনানিকৰণৰ গছপুলি । প্ৰসহনত পৰিণত দিল্লী চুক্তি...

author-image
Asomiya Pratidin
New Update
দিল্লী চুক্তিক নস্যাৎ : অসমৰ বুকুত পুনৰ  অৰুণাচলীৰ আগ্ৰাসন...

ডিজিটেল সংবাদ, লখিমপুৰ : এফালে দিল্লীত অসম-অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত সীমাক লৈ বুজাবুজি চুক্তিত স্বাক্ষৰ, আনফালে অসমৰ ভূমিত অৰুণাচলীৰ বলপূৰ্বক আগ্ৰাসন ৷ অসম-অৰুণাচলৰ সীমাবিবাদক লৈ দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত বুজাবুজি চুক্তিত চহী কৰাৰ দুদিন নৌহওঁতেই লখিমপুৰৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ বেলবস্তিত অৰুণাচলী দুৰ্বৃত্তই বলপূৰ্বকভাবে অসমৰ ভূমি দখলৰ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে ৷

শণিবাৰে ৰঙা সংৰক্ষিত বনাঞ্চলৰ ৰামপুৰ বনখণ্ডৰ অধীনৰ বেলবস্তিত অসমৰ যুটীয়া বন পৰিচালনা কমিটিয়ে ৰূপায়ন কৰা সামাজিক বনানিকৰণৰ কেইবা হেক্টৰ গছপুলি কাটি মোকলাই অসমৰ ভূমি দখলৰ চেষ্টা চলাই কিছু অৰুণাচলী দুৰ্বৃত্তই ৷ প্ৰাপ্ত খবৰ মতে, শণিবাৰে পুৱা বনকৰ্মী সকলে বনশ্ৰমিকক লগত লৈ উক্ত স্থানত জে এফ এম চি অধিনত গছপুলি ৰোপন কৰে ৷ তেনে সময়তে কেইজনমান অৰুণাচলীয়ে বনৰক্ষী আৰু বন শ্ৰমিকসকলৰ ফটো তুলি উধাও হয় আৰু অলপ সময় পাছতে পুনৰ অৰুণাচলী লোকৰ দল এটা আহি বন কৰ্মী আৰু বনশ্ৰমিক সকলক গছপুলি ৰোপনত বাধা দি গালি গালাজ কৰে ৷

পিছমুহূৰ্ত্ততে কিছু নিলগত বনানীকৰণৰ গছ কাটি খাস্তাং কৰে অৰুণাচলী লোকে ৷ এই কাৰ্য চাবলৈ যাওঁতেই অসমৰ বনৰক্ষীক লক্ষ্য কৰি গুলী চালনা কৰে অৰুণাচলী দুৰ্বৃত্তই ৷ পিছত আৰক্ষী অধিক্ষকৰ উপস্থিতিত বনৰক্ষীসকলে ঘটনাস্থলী পৰিদৰ্শন কৰে ৷ অনস্বীকাৰ্য যে, যোৱা আঠ এপ্ৰিলতো অৰুণাচলী দুৰ্বৃত্তই উক্ত স্থান দখলৰ চেষ্টা কৰে আৰু অসমৰ বনৰক্ষীক লক্ষ্য কৰি কেইবা জাঁই গুলী চালনা কৰে ৷

ঘটনাস্থলী পৰিদৰ্শন কৰি লখিমপুৰৰ আৰক্ষী অধীক্ষক ড° বেদান্ত মাধৱ ৰাজখোৱাই কয় “আচলতে বনৰক্ষী সকলে আৰক্ষীৰ সহযোগত সীমান্তত কাৰ্যকালাপ কৰে ৷ বনশ্ৰমিক সকল আগতীয়াকৈ অহাত অৰুণাচলীয়ে ভয় ভাবুকি দেখুৱাবলৈ সক্ষম হৈছে৷ দোষীক কৰায়ত্ত কৰিবলৈ কঠিন কাৰণ তেওঁলোকে জগৰ লগাই গাঁৱলৈ গুচি যায় ৷ ভৱিষ্যত এনে ঘটনাৰ পুনৰাবৃত্তি নহ’বলৈ আমি সাৱধান হ’ব লাগিব ৷"

স্মৰ্ত্তব্য যে, ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতেই চুবুৰীয়া ৰাজ্যৰ লগত আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে তৎপৰতা প্ৰদৰ্শন কৰিছে ৷ সেই অনুসৰি মেঘালয়, মিজোৰাম, অৰুণাচল আৰু নাগালেণ্ডৰ লগত আলোচনাৰ মাধ্যমেৰে এৰা ধৰা মনোবৃত্তিৰে দীৰ্ঘদিনীয়া সীমা-সমস্যা সমাধানৰ বাবে সুত্ৰ উদ্ভাৱন কৰিছে ৷ চুবুৰীয়া ৰাজ্য সমূহৰ লগত যুটীয়া ভাৱে আঞ্চলিক সমিতি গঠন কৰি সীমান্ত পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী পৰ্যায়ৰ আলোচনাত সীমা সমস্যা সমাধানৰ পোষকতা কৰা হৈছে ৷ সেই অনুসৰি যোৱা বছৰৰ পৰা এই প্ৰক্ৰিয়া অসম চৰকাৰে আগুৱাই নিছে ৷

একেসময়তে অৰুণাচল প্ৰদেশৰ লগত চলি থকা সীমা বিবাদ বা অৰুণাচলীৰ আগ্ৰাসন ৰোধৰ নামচাই চুক্তিৰ জৰিয়তে উভয় ৰাজ্যই সহমত প্ৰকাশ কৰি আঞ্চলিক সমিতিৰ জৰিয়তে সীমা সমস্যাৰ বুজ লৈ আশু সমাধানৰ উদ্যোগ লৈছে ৷ তদুপলক্ষে শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, চৰাইদেউ, ধেমাজি, তিনিচুকীয়া আদি জিলাৰ অৰুণাচলৰ সীমাক লৈ কেইবালানি আলোচনা সম্পন্ন হয় যদিও সমস্যা টোৰ স্থায়ী সমাধানৰ সিদ্ধান্তত উপনীত হ’ব পৰা নাছিল অসম আৰু অৰুণাচল প্ৰদেশ ৰাজ্য চৰকাৰ ৷

দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত দিল্লীত অসম অৰুণাচল সীমান্তৰ আঠ শ কিঃমি দৈৰ্ঘ্য জুৰি ১২৮ খন গাঁৱৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে ৷ সেই মতে প্ৰথম পৰ্যায়ত বিবাদ নিষ্পত্তি হোৱা বুলি দাবী কৰা ৭১ খন গাঁৱৰ ৬০ খন অৰুণাচলে আৰু কেৱল মাত্ৰ ১১ খন অসমে লাভ কৰিছে ৷ অসমৰ মুখ্যমন্ত্ৰীয়ে স্বাক্ষৰ কৰা এই চুক্তিক লৈ সীমান্তবাসী অসমীয়াৰ প্ৰতিক্ৰিয়া আৰু অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে ৷ লখিমপুৰত বান্দৰ দেৱাৰ পৰা দ্ৰোপাং, পিছলা, ৰঙতি, শিমলুগুৰিৰ বহু অংশ অৰুণাচলত অন্তৰ্ভুক্তিৰ বিৰোধিতা কৰিছে উক্ত স্থানৰ ৰাইজে ৷

আনহাতে ৬০ খন গাঁও অৰুণাচলে লাভ কৰাৰ পাছত অসমৰ ভূমিত আগ্ৰাসন চলাবলৈ যেন অধিক উৎসাহী হৈছে একাংশ অৰুণাচলী লোক ৷ যাৰ বাবে বলপূৰ্বক ভাৱে অসমৰ ভূমি দখলৰ চেষ্টা চলাইছে ৷ উল্লেখ্য যে ৰঙা সংৰক্ষিত বনাঞ্চলৰ পাঁচ কিঃমি ব্যাসাৰ্ধলৈকে অৰুণাচলে নিজৰ ভূমি বুলি দাবী কৰিছে ৷ ৰঙা বনাঞ্চলক লৈ বিবাদ এতিয়াও অমিমাংসিত হৈ আছে ৷ পিছৰ ৫২ খন গাঁৱকলৈ হ’ব লগা চুক্তিত হে এই বুজাবুজি হোৱাৰ অৱকাশ আছে ৷ তাৰ পূৰ্বেই আগ্ৰাসী অৰুণাচলীয়ে ৰঙা বনাঞ্চল দখলৰ চেষ্টা চলাইছে ৷

Also Read: বিহু মঞ্চত জিতুল সোণোৱাল ইন,পাপন আউট...

arunachal GOVT OF ASSAM arunachal govt